পেট্ৰ'লৰ বাবে শাৰী পাতি থকা লোকক চাহ পৰিৱেশন ৰোশন মহানামাৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
পেট্ৰ'লৰ বাবে শাৰী পাতি থকা লোকক চাহ পৰিৱেশন ৰোশন মহানামাৰ
পেট্ৰ'লৰ বাবে শাৰী পাতি থকা লোকক চাহ পৰিৱেশন ৰোশন মহানামাৰ
নতুন দিল্লী
 
দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাই খাদ্য, ইন্ধন, ঔষধৰ তীব্ৰ নাটনিত ভুগি থকাৰ সময়তে জনসাধাৰণক সহায়ৰ বাবে আগবাঢ়ি আহিছে দেশখনৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰোশন মহানামা।
 
কলম্বোৰ এটা পেট্ৰ’ল পাম্পত তেলৰ বাবে শাৰী পাতি থকা লোকসকলক তেওঁ চাহ আৰু ব'ন পৰিবেশন কৰে। বিশ্বকাপ বিজয়ী শ্ৰীলংকা দলৰ অন্যতম সদস্য মহানামাই ছ'চিয়েল মিডিয়াত ইয়াৰ ছবি শ্বেয়াৰ কৰিছে।
"আমি আজি সন্ধিয়া ৱাৰ্ড প্লেচ আৰু উইজেৰামা মাৱাথাৰ চাৰিওফালে পেট্ৰ'লৰ বাবে  শাৰী পাতি থকা লোকসকলক চাহ আৰু ব'ন পৰিবেশন কৰো। দিনে দিনে এইদৰে দীঘল শাৰী পাতি থাকিলে লোকসকলৰ স্বাস্থ্যৰ অৱনতি ঘটিব। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমি তেওঁলোকক চাহ পৰিৱেশনৰ সিদ্ধান্ত লৈছো।"ক্ৰিকেটাৰগৰাকীয়ে টুইটাৰত প্ৰকাশ কৰিছে। 
উল্লেখ্য যে, শ্ৰীলংকাই স্বাধীনতাৰ পিছত আটাইতকৈ ভয়াৱহ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। দেশখনে অত্যাৱশ্যকীয় সামগ্ৰী আমদানি কৰিবলৈ ডলাৰৰ অভাৱত ভুগিছে। খাৰুৱা তেলৰ নাটনিয়ে দেশখনত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। পেট্ৰোল পাম্পত তেলৰ বাবে হাহাকাৰ কৰি থকা লোকক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী মোতায়েন কৰিছে। 
"অনুগ্ৰহ কৰি ইন্ধনৰ বাবে শাৰী পতা লোকসকলে ইজনে সিজনক যাতে চোৱা-চিতা কৰে। পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী আনিব। যদি অসুস্থতা অনুভৱ কৰে, তেন্তে আপোনাৰ কাষৰ ব্যক্তিজনৰ সহায় বিচাৰক অথবা ১৯৯০ নম্বৰত ফোন কৰক। এই কঠিন সময়ত আমি ইজনে সিজনক চোৱা-চিতা কৰিব লাগিব।"-ক্ৰিকেটাৰগৰাকীয়ে আহ্বান জনায়।