কৰতাৰপুৰ চাহিবত ৭৪ বছৰৰ পিছত গোপাল আৰু বছিৰৰ পুনৰ্মিলন

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
চৰ্দাৰ গোপাল সিং আৰু মুহাম্মাদ বছিৰ
চৰ্দাৰ গোপাল সিং আৰু মুহাম্মাদ বছিৰ
নতুন দিল্লী

গুগলৰ এটি বিজ্ঞাপনত প্ৰকাশ কৰাৰ দৰে ভাৰত বিভাজনৰ সময়ত বেলেগ হোৱা দুজন শৈশৱৰ বন্ধুৰ বাস্তৱ জীৱনৰ এক আৱেগিক পুনৰমিলনৰ কাহিনী ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। নব্বৈৰ উৰ্ধৰ দুজন বন্ধুৰ ৭৪ বছৰৰ পিছত পাকিস্তানৰ নাৰোৱালৰ কৰতাৰপুৰ গুৰুদ্বাৰাত পুনৰমিলন হল।

ভাৰতৰ ৯৪ বছৰীয়া চৰ্দাৰ গোপাল সিং আৰু স্থানীয় ৯১ বছৰীয়া মুহাম্মাদ বছিৰ ১৯৪৭ চনৰ দেশ বিভাজনৰ পাছত বহু বছৰৰ পাছত পুনৰ লগ পায় আৱেগিক হৈ পৰে। তেওঁলোক দুয়োজনে পুনৰ লগ পাই সাৱটি ধৰি আবেগিক হৈ পৰিছিল আৰু দুয়োৰে চকু সেমেকা হৈ উঠিছিল।

গোপাল সিঙে পাকিস্তান চৰকাৰৰ পৰা অনুমতি লাভ কৰি কৰতাৰপুৰলৈ গৈছিল য'ত শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক গুৰু নানক দেৱে জীৱনৰ শেষ মূহুৰ্তলৈকে বাস কৰিছিল। গোপাল সিং আৰু বছিৰ দুয়ো আকস্মিক ভাৱে লগ পাইছিল।
তেওঁলোকক ইজনে সিজনক আলিঙ্গন কৰে আৰু পুনৰ লগ পাই আৱেগিক হৈ পৰা দেখি গুৰুদ্বাৰলৈ অহা ভাৰতৰ আৰু পাকিস্তানৰ তীৰ্থযাত্ৰী সকলে হাততালিৰে তেওঁলোক দুয়োজনক পুনৰমিলন হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
দুয়োজনে দীঘলীয়া সময় ধৰি কথা পাতিছিল আৰু পুৰণি দিনবোৰৰ কথা, যেতিয়া তেওঁলোকে গুৰুদ্বাৰালৈ গৈ ঘন্টাৰ পিছত ঘণ্টা বহি কথা পাতিছিল, এইধৰণৰ কথা পাতি তেঁওলোকে অতীত ৰোমন্থন কৰিছিল। তেওঁলোকে চাহৰ মেলত বহিছিল আৰু একেলগে আহাৰও গ্ৰহণ কৰিছিল।
তেওঁলোকৰ পুনৰ মিলনৰ ছবিবোৰ হৰজিন্দৰ সিঙ কুক্ৰেজা নামৰ এজন ব্যৱসায়ীয়ে টুইটাৰত পোষ্ট কৰিছিল আৰু তেতিয়াৰ পৰা এই ফটোসমূহ ভাইৰেল হৈ পৰিছে।

গোপাল সিঙে কৈছিল যে পাকিস্তান ৰাষ্ট্ৰ জন্ম হোৱাৰ পূৰ্বে, দুয়ো একেলগে যৌৱনকাল পাৰ কৰিছিল।

বছিৰে কয় যে বিভাজনৰ আগতে, দুয়োজন বন্ধুৱে গুৰু নানকৰ গুৰুদ্বাৰা লৈ গৈছিল। দুপৰীয়াৰ তেওঁলোকে একেলগে বহি খাদ্য গ্ৰহণ কৰিছিল আৰু চাহ খাইছিল।

গোপাল সিঙে কৰতাৰপুৰ কৰিডৰ পুনৰ খোলাৰ প্ৰশংসা উল্লেখ কৰি কয় যে এনেধৰণৰ আৰু বহুতো পুনৰমিলন ঘটিব।