ইণ্ডোনেছিয়া চেমেৰু আগ্নেয়গিৰিৰ বিস্ফোৰণৰ ফলত চুনামিৰ আশংকা জাপানৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
ইণ্ডোনেছিয়া চেমেৰু আগ্নেয়গিৰিৰ  ফটো
ইণ্ডোনেছিয়া চেমেৰু আগ্নেয়গিৰিৰ ফটো
জাভা
 
দেওবাৰে পুৱতি নিশা ইণ্ডোনেছিয়াৰ জাভা দ্বীপত থকা চেমেৰু আগ্নেয়গিৰি বিস্ফোৰিত হয়। যাৰ ফলত ১.৫ কিলোমিটাৰ (১ মাইল)উচ্চতাৰ ছাইৰ এক স্তম্ভ বতাহত উলাই আহে। এই দৃশ্য প্ৰত্যক্ষ কৰি কৰ্তৃপক্ষই দ্বীপটোত থকা আৱাসীসকলক উদ্গীৰণ ক্ষেত্ৰৰ পৰা আঁতৰি থাকিবলৈ সতৰ্ক কৰি দিয়ে।
 
ইণ্ডোনেছিয়াৰ দুৰ্যোগ প্ৰশমন সংস্থা বিএনপিবিয়ে বিস্ফোৰণ কেন্দ্ৰৰ পৰা ৫ কিলোমিটাৰ (৩ মাইল) ভিতৰত কোনো ধৰণৰ কাৰ্যকলাপ নকৰিবলৈ আৰু লাভা প্ৰবাহৰ আশংকাৰ বাবে নদীৰ পাৰৰ পৰা ৫০০ মিটাৰ (১৫০০ ফুট) দূৰত্বত থাকিবলৈ সকীয়ানি দিছে।
 
ৰাজহুৱা সম্প্ৰচাৰক এন এইচ কেৰ বাতৰি অনুসৰি জাপানৰ বতৰ বিজ্ঞান সংস্থাই কয় যে বিস্ফোৰণৰ পিছত তাত ছুনামীৰ সম্ভাৱনাৰ ওপৰত নিৰীক্ষণ কৰি আছে। 
বিএনপিবিয়ে এক বিবৃতিত জনোৱা মতে, পুৱা ২:৪৬ বজাত (শনিবাৰে ১৯৪৬ জিএমটি) আগ্নেয়গিৰিটোৰ বিস্ফোৰণ আৰম্ভ হয়। ছ’চিয়েল মিডিয়াত পোষ্ট কৰা ভিডিঅ’ত দেখা গৈছে ওচৰৰ অঞ্চলত কলা ছাইৰ ডাৱলৰে আৱৰি ধৰিছে। 
ইণ্ডোনেছিয়াৰ কৰ্তৃপক্ষই স্থানীয় বাসিন্দাসকলক মাস্ক বিতৰণ কৰিছে বুলি বিএনপিবিয়ে এক বিবৃতিত প্ৰকাশ কৰি কয় যে আগ্নেয়গিৰিৰ কাৰ্যকলাপ তৃতীয় স্তৰত আছে।
 
১৪২টা আগ্নেয়গিৰি থকা ইণ্ডোনেছিয়াত বিশ্বজুৰি আগ্নেয়গিৰিৰ ওচৰত বাস কৰা সৰ্বাধিক জনসংখ্যা আছে। য’ত ১০ কিলোমিটাৰ (৬ মাইল)ৰ ভিতৰত ৮৬ লাখ লোক আছে।