কাবুলত আত্মঘাতী বিস্ফোৰণত নিহত ১৯ জন

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
এজন আঘাতপ্ৰাপ্তক কঢ়িয়াই নিয়া হৈছে
এজন আঘাতপ্ৰাপ্তক কঢ়িয়াই নিয়া হৈছে
কাবুল
 
আফগানিস্তানৰ কাবুলৰ এটা শিক্ষা কেন্দ্ৰত শুকুৰবাৰে সংঘটিত আত্মঘাতী বিস্ফোৰণত কমেও ১৯ জন লোক নিহত হোৱাৰ লগতে ২৭ জন আহত হয়।
 
শিক্ষা কেন্দ্ৰটোত ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে আত্মঘাতী বোমাৰুজনে আক্ৰমণ কৰে।
 
কেন্দ্ৰটোত সংঘটিত হোৱা আক্ৰমণৰ বাবে কোনো দল বা ব্যক্তিয়ে দায়িত্ব স্বীকাৰ কৰা নাই।
 
এসপ্তাহ পূৰ্বে কাবুলত একেধৰণৰ বিস্ফোৰণত ৭ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে ৪১ জন লোক আহত হৈছিল।