ইউক্ৰেইনত অসামৰিক লোকৰ কনভয়ৰ ওপৰত ৰাছিয়াৰ মিছাইল আক্ৰমণত নিহত ৩০ জন

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
মিছাইল আক্ৰমণত নিহত সকলৰ মৃতদেহ আৰু ক্ষতিগ্ৰস্ত বাহন
মিছাইল আক্ৰমণত নিহত সকলৰ মৃতদেহ আৰু ক্ষতিগ্ৰস্ত বাহন
কীভ
 
ইউক্ৰেইনৰ জাপ’ৰিঝঝিয়া চহৰত শুকুৰবাৰে ৰাছিয়াৰ এটা ক্ষেপণাস্ত্ৰই সাধাৰণ নাগৰিকৰ কনভয়ত আক্ৰমণ কৰাৰ ফলত কমেও ৩০ জন লোক নিহত হোৱাৰ লগতে ৮৮ জন আহত হয়।
 
"জাপ’ৰিঝঝিয়াৰ পৰা ওলাই অহাৰ পথত শত্ৰুৱে অসামৰিক মানৱীয় কনভয়ৰ ওপৰত ৰকেট আক্ৰমণ চলাইছিল," জাপ’ৰিঝঝিয়াৰ আঞ্চলিক সামৰিক প্ৰশাসনৰ মুৰব্বী অলেক্সান্দ্ৰ ষ্টাৰুকহে সামাজিক মাধ্যমত লিখিছে।
ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় আৰক্ষীৰ মুৰব্বী ইহ’ৰ ক্লাইমেনকোৰ উদ্ধৃতিৰে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আক্ৰমণত নিহত হোৱা লোকসকলৰ ভিতৰত আছে এগৰাকী ১১ বছৰীয়া কিশোৰী আৰু এজন ১৪ বছৰীয়া ল’ৰা।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে শুকুৰবাৰে আনুষ্ঠানিকভাৱে চাৰিটা অঞ্চল -- ডনেস্ক, লুহানস্ক, খেৰচন আৰু জাপোৰিঝঝিয়াক নিজৰ অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰি দাবী কৰে যে “এয়া লাখ লাখ লোকৰ ইচ্ছা”।
 
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পুটিনে কয় যে সংযুক্ত চাৰিটা অঞ্চলৰ বাসিন্দাসকল এতিয়া ৰাছিয়াৰ “চিৰদিনৰ বাবে নাগৰিক” হ’ব।
 
ক্ৰেমলিনৰ এক অনুষ্ঠানত ছেইণ্ট জৰ্জ হলত ইউক্ৰেইনৰ ভূখণ্ডসমূহ নিজৰ অধিগ্ৰহণ কৰাৰ কথা ঘোষণা কৰি পুটিনে এক দীঘলীয়া ভাষণত কয় যে ৰাছিয়াৰ চাৰিটা নতুন অঞ্চল আছে। ইউক্ৰেইন আৰু ইয়াৰ পশ্চিমীয়া মিত্ৰ দেশসমূহৰ বিষয়ে অতি সমালোচনাত্মক বাক্যবাণেৰে ভৰি পৰিছিল এই ভাষণ।
উক্ত সংলগ্নকৰণৰ দ্বাৰা ছোভিয়েট ইউনিয়নক পুনৰুজ্জীৱিত কৰিব বিচৰাৰ কথা অস্বীকাৰ কৰাৰ সময়তে পুটিনে পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে যে ইউক্ৰেইনৰ পশ্চিমীয়া মিত্ৰশক্তিবোৰৰ বাবে ই ঘটিছে।
 
তদুপৰি, এক শক্তিশালী বিবৃতিত পুটিনে লগতে কয় যে ৰাছিয়াই এতিয়া “নিজৰ হাতত থকা সকলো উপায়েৰে” নিজৰ নতুন ভূখণ্ড ৰক্ষা কৰিব।