মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিচালক মজীদ মিৰক পাকিস্তানত ১৫ বছৰৰ কাৰাদণ্ড

Story by  atv | Posted by  [email protected] • 1 Years ago
মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিচালক মজীদ মিৰক পাকিস্তানত ১৫ বছৰৰ কাৰাদণ্ড
মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিচালক মজীদ মিৰক পাকিস্তানত ১৫ বছৰৰ কাৰাদণ্ড
মুম্বাই
 
পাকিস্তানৰ এখন সন্ত্ৰাসবাদ বিৰোধী আদালতে ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ মূল পৰিচালক মজীদ মিৰক ১৫ বছৰৰ কাৰাদণ্ড বিহিছে। লস্কৰ-ই-তৈবা আৰু জামাত-উদ-দাৱাৰ নেতাসকলৰ বিভিন্ন গোচৰৰ সৈতে জড়িত এজন জ্যেষ্ঠ অধিবক্তাই শুকুৰবাৰে পিটিআইক কয়, "এই মাহৰ আৰম্ভণিতে লাহোৰৰ এখন সন্ত্ৰাসবাদ বিৰোধী আদালতে সন্ত্ৰাসবাদীক ধন যোগানৰ গোচৰত লস্কৰ-ই-তৈবাৰ কৰ্মী চাজিদ মজিদ মীৰক ১৫ বছৰৰ কাৰাদণ্ড বিহিছে। কেমেৰাৰ সন্মুখত বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ বাবে আদালত চৌহদত সাংবাদিকক প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাছিল।"
 
অধিবক্তাগৰাকীয়ে আৰু কয় যে চলিত এপ্ৰিল মাহত গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা মজীদ মিৰক কোট লাখপট কাৰাগাৰত ৰখা হৈছিল। আদালতে সন্ত্ৰাসবাদীজনক ৪ লাখ টকাৰ জৰিমনাও বিহিছে। ইয়াৰ পূৰ্বে মিৰৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছিল।
বিত্তীয় ব্যৱস্থা টাস্ক ফ’ৰ্চৰ শেষৰখন বৈঠকৰ পূৰ্বে পাকিস্তানে সংস্থাটোক জনাইছিল যে এফ এ টি এফৰ ‘গ্ৰে লিষ্ট’ৰ পৰা দেশখনক আঁতৰোৱাৰ বাবে ছাজিদ মিৰক গ্ৰেপ্তাৰ কৰি গোচৰ চলোৱাটো অত্যন্ত জৰুৰী হৈ পৰিছিল। ১৬৬ লোকৰ প্ৰাণ কাঢ়ি নিয়া ২৬/১১ৰ মুম্বাই আক্ৰমণৰ অন্যতম ঘাতক মজীদ মিৰক ভাৰতে ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল। 
তেওঁক মুম্বাই আক্ৰমণৰ "প্ৰজেক্ট মেনেজাৰ" বুলি অভিহিত কৰা হৈছিল। মিৰে ২০০৫ চনত ভুৱা নামেৰে ভুৱা পাছপ’ৰ্ট ব্যৱহাৰ কৰি ভাৰত ভ্ৰমণ কৰিছিল বুলি জানিব পৰা গৈছিল।