ইৰাকত ক'ভিডৰ নতুন ঢৌ

Story by  atv | Posted by  Munni Begum • 1 Years ago
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
ক'ভিড-১৯ ৰ প্ৰতিনিধিত্বমুলক ফটো
বাগদাদ
 
ইৰাকৰ স্বাস্থ্য মন্ত্ৰালয়ে দেশখনত ক'ভিড-১৯ মহামাৰীৰ নতুন ঢৌৰ সন্মুখীন হৈছে বুলি মন্তব্য কৰিছে। দেশখনে যোৱা ২৪ ঘণ্টাত ৫১৫ টা নতুন সংক্ৰমণৰ ধৰা পৰিছে।  
 
মন্ত্ৰালয়ে এক বিবৃতিত কয়, "যোৱা কেইদিনমানত সংক্ৰমণৰ ঘটনা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে, লগতে চিকিৎসালয়ত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে, যাৰ অৰ্থ হৈছে যে ইৰাকে এক নতুন মহামাৰী ঢৌত প্ৰৱেশ কৰিছে।"
মন্ত্ৰালয়ে কয় যে বাগদাদ আৰু অন্যান্য প্ৰদেশৰ সকলো স্বাস্থ্য কেন্দ্ৰত উপলব্ধ হোৱা স্বত্বেও বহুলোকে ক'ভিড-১৯ ভেকছিন লাভ নকৰাৰ লগতে স্বাস্থ্য-সুৰক্ষামূলক ব্যৱস্থা পালন নকৰা স্বত্বেও সংক্ৰমণৰ পুনৰুত্থান এক অনিবাৰ্য ফলাফল। 
মন্ত্ৰালয়ে দ্ৰুত টিকাকৰণ আৰু ব্যক্তিগত আৰু সামাজিক সুৰক্ষামূলক ব্যৱস্থাপুনৰ পালন কৰাৰ বাবে আহ্বান জনাইছে। নতুন সংক্ৰমণৰ ফলত দেশজুৰি সংক্ৰমণ ২,৩৩২,৬৯২ লৈ বৃদ্ধি পাইছে, আনহাতে মৃত্যুৰ সংখ্যা হৈছে ২৫,২২৯ জন।
 
২০২০ চনৰ আৰম্ভণিতে এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ পিছত ইৰাকত মুঠ ১৮,৬৯১,০৬০ টা পৰীক্ষা কৰা হৈছে। যোৱা ২৪ ঘণ্টাত ৬,৩১৭ টা পৰীক্ষা কৰা হৈছে। মন্ত্ৰালয়ে জনোৱা অনুসৰি একে সময়তে মুঠ ১৪,৪২০ জন লোকক টিকাকৰণ কৰা হৈছিল। যাৰ ফলত প্ৰদান কৰা পালিৰ মুঠ সংখ্যা ১০,৭৯৭,৮৭২ হয়।