২৮ আগষ্টত নয়দা টুইন টাৱাৰ ভাঙি পেলোৱাৰ সময়সীমা বৃদ্ধি কৰিলে উচ্চতম ন্যায়ালয়ে

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
নয়দা
 
উচ্চতম ন্যায়ালয়ে নিযুক্ত কাৰিকৰী বিশেষজ্ঞগৰাকীয়ে ছুপাৰটেকৰ টুইন টাৱাৰত বিস্ফোৰক সামগ্ৰীৰে ৰিগিঙৰ বাবে অনুমোদন দিয়াৰ এদিন পিছতে শীৰ্ষ আদালতে ভাঙি পেলোৱাৰ তাৰিখ ২৮ আগষ্টলৈ বৃদ্ধি কৰে। নয়দা প্ৰসাশনে সময়সীমা বৃদ্ধিৰ অনুৰোধ জনাইছিল।
 
যিকোনো কাৰিকৰী ত্ৰুটি বা বতৰ সম্পৰ্কীয় সমস্যাৰ ক্ষেত্ৰত ২৯ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰলৈ কেৱল ৭ দিনৰ বাবে সকাহ দিয়া হৈছে। ধ্বংসৰ কাম ৪ ছেপ্টেম্বৰৰ ভিতৰত সমাপ্ত হ'ব বুলি আদালতে স্পষ্ট কৰিছে। উল্লেখ্য যে, ২১ আগষ্টৰ বিয়লি ২.৩০ বজাত প্ৰায় ১০০ মিটাৰ ওখ অট্টালিকাটোৰ অবৈধ কাঠামো ভাঙি পেলোৱাৰ কথা আছিল।
 
নয়ডা প্ৰশাসন, চিবিআৰআই, ডেভেলপাৰ ছুপাৰটেক, ভাঙি পেলোৱা প্ৰতিষ্ঠান এডিফিচ ইঞ্জিনিয়াৰিং আৰু ইয়াৰ দক্ষিণ আফ্ৰিকাৰ অংশীদাৰ জেট ডেম’লিচনকে ধৰি সকলো অংশীদাৰৰ প্ৰতিবেদনৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে বুলি বিষয়াসকলে সংবাদ সংস্থা পিটিআইক জনায়।