এতিয়া ভাড়াতীয়াসকলে ঘৰৰ ভাড়াৰ লগতে পৰিশোধ কৰিব লাগিব ১৮ শতাংশ জিএছটি

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী 
 
জিএছটিৰ অধীনত পঞ্জীয়ন কৰা এগৰাকী ভাড়াতীয়াই আৱাসিক সম্পত্তি ভাড়াত লোৱাৰ বাবে সামগ্ৰী আৰু সেৱা কৰ ১৮ শতাংশ পৰিশোধ কৰিব লাগিব। ১৮ জুলাইৰ পৰা কাৰ্যকৰী হোৱা নতুন জিএছটি নিয়ম অনুসৰি পৰিশোধ কৰা ভাড়াৰ ওপৰত ১৮ শতাংশ কৰ কেৱল জিএছটিৰ অধীনত পঞ্জীভুক্ত ভাড়াতীয়াসকলৰ বাবে প্ৰযোজ্য। 
 
পূৰ্বতে কেৱল বাণিজ্যিক সম্পত্তি যেনে কাৰ্যালয় বা ভাড়া বা লীজত দিয়া খুচুৰা স্থানতহে জিএছটি প্ৰযোজ্য আছিল। কৰ্পোৰেট হাউচ বা ব্যক্তিৰ আৱাসিক সম্পত্তিৰ ভাড়া বা লীজত কোনো জিএছটি নাছিল।  
 
নতুন নিয়ম অনুসৰি, জিএছটি-পঞ্জীভুক্ত ভাড়াতীয়া এগৰাকীয়ে ৰিভাৰ্চ চাৰ্জ মেকানিজম (আৰ চি এম)ৰ অধীনত কৰ পৰিশোধ কৰিবলৈ দায়বদ্ধ হ'ব। ভাড়াতীয়াজনে ইনপুট টেক্স ক্ৰেডিটৰ অধীনত পৰিশোধ কৰা জিএছটি কৰ্তন হিচাপে দাবী কৰিব পাৰিব। 
 
কৰ কেৱল তেতিয়াহে প্ৰযোজ্য হ'ব যেতিয়া ভাড়াতীয়াজন জিএছটিৰ অধীনত পঞ্জীয়ন কৰা হ'ব আৰু জিএছটি ৰিটাৰ্ণ দাখিল কৰিবলৈ দায়বদ্ধ হ'ব। আৱাসিক সম্পত্তিৰ গৰাকী জিএছটি পৰিশোধ কৰিবলৈ দায়বদ্ধ নহয়। যদি কোনো সাধাৰণ বেতনভোগী ব্যক্তিয়ে ভাড়া বা লীজত আৱাসিক ঘৰ বা ফ্লেট লৈছে, তেওঁলোকে জিএছটি পৰিশোধ কৰিব নালাগে।
ক্লিয়াৰটেক্সৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া অৰ্চিত গুপ্তাই ব্যাখ্যা কৰিছে, "অৱশ্যে ব্যৱসায় বা বৃত্তি সম্পাদন কৰা এজন জিএছটি পঞ্জীভুক্ত ব্যক্তিয়ে মালিকক পৰিশোধ কৰা এনে ভাড়াৰ ওপৰত ১৮ শতাংশ জিএছটি বহন কৰিব লাগিব।" 
এজন জিএছটি-পঞ্জীভুক্ত ব্যক্তি, যি ভাড়াত লোৱা আৱাসিক সম্পত্তিৰ পৰা সেৱা আগবঢ়ায়, তেওঁ কৰ ১৮ শতাংশ পৰিশোধ কৰিবলৈ দায়বদ্ধ হ'ব। জিএছটি  আইনৰ অধীনত, পঞ্জীভুক্ত ব্যক্তিসকলৰ ভিতৰত আছে ব্যক্তি আৰু কৰ্পোৰেট প্ৰতিষ্ঠান। 
 
জিএছটি পঞ্জীয়ন তেতিয়া বাধ্যতামূলক, যেতিয়া ব্যৱসায় বা বৃত্তি সম্পন্ন কৰা এজন ব্যক্তিয়ে থ্ৰেছহোল্ড সীমাতকৈ অধিক বাৰ্ষিক টাৰ্ণঅ'ভাৰ লাভ কৰে। জিএছটি আইনৰ অধীনত সীমা যোগানৰ প্ৰকৃতি আৰু স্থান অনুসৰি পৃথক হয়। কেৱল সেৱা যোগান ধৰা এজন পঞ্জীভুক্ত ব্যক্তিৰ বাবে সীমা হৈছে এক বিত্তীয় বৰ্ষত ₹২০ লাখ।
 
কেৱল সামগ্ৰীৰ যোগানকৰ্তাৰ সীমা হৈছে ₹ ৪০ লাখ। অৱশ্যে, যদি পঞ্জীভুক্ত সংস্থাটো উত্তৰ-পূবৰ যিকোনো ৰাজ্য বা বিশেষ শ্ৰেণীৰ ৰাজ্যত অৱস্থিত, প্ৰতি বিত্তীয় বৰ্ষত সীমা ৰসসীমা  ₹১০ লাখ হয়।