আইচিইটিৰ উচ্চ পৰ্যায়ৰ বৈঠক, আমেৰিকাৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ'ব এনএছএ অজিত ডোভাল

Story by  atv | Posted by  [email protected] • 1 Years ago
এনএছএ অজিত ডোভাল
এনএছএ অজিত ডোভাল
 
নতুন দিল্লী 
 
‘ইনিচিয়েটিভ ফৰ ক্ৰিটিকেল এণ্ড ইমাৰ্জিং টেকন’লজিছ’(আইচিইটি)ৰ প্ৰথমখন উচ্চ পৰ্যায়ৰ বৈঠকৰ অংশ হিচাপে ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে আমেৰিকাৰ সুৰক্ষা উপদেষ্টা জেক চুলিভানকে ধৰি আমেৰিকাৰ শীৰ্ষ নেতৃত্বৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব।
 
শিক্ষা আৰু উদ্যোগ বিশেষজ্ঞৰ মতে এই আলোচনা ভাৰত-আমেৰিকাৰ পাৰমাণৱিক চুক্তিৰ পিছত দুয়োখন দেশৰ সম্পৰ্কৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হ’ব পাৰে। অৱশ্যে, আইচিইটিৰ বৈঠকৰ কাৰ্যসূচী সন্দৰ্ভত দুয়োখন দেশৰ বিষয়াসকলে মৌনতা অৱলম্বন কৰিছে।
 
উল্লেখ্য যে, সোমবাৰে আইচিইটিৰ এই গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে ৱাশ্বিংটনত উপস্থিত হৈছে অজিত ডোভাল। অভিলাষী আইচিইটি বৈঠকৰ এজেণ্ডাক লৈ দুয়োখন দেশৰ বিষয়াসকলে নিৰৱতা অৱলম্বন কৰিছে। বৈঠকত লোৱা সিদ্ধান্তসমূহৰ বিষয়ে ৩১ জানুৱাৰীত হোৱাইট হাউছত দুয়োপক্ষৰ মাজত হোৱা বৈঠক সমাপ্ত হোৱাৰ পিছতহে প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।
ভাৰত আৰু আমেৰিকাই আশা কৰিছে যে এই বৈঠকে দুয়োখন দেশৰ কৰ্পৰেট খণ্ডৰ মাজত এক বিশ্বাসযোগ্য অংশীদাৰ পৰিৱেশ তন্ত্ৰৰ বিকাশৰ ভেটি স্থাপন কৰিব, যাতে দুয়োখন দেশে ষ্টাৰ্টআপৰ সংস্কৃতিৰ ওপৰত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব লাভ কৰে। ই বৈজ্ঞানিক গৱেষণাক প্ৰসাৰিত কৰিব আৰু অঞ্চলটোত স্বৈৰাচাৰী শাসন ব্যৱস্থাৰ বাবে উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ সফলতাৰে সন্মুখীন হোৱাটো সম্ভৱ হ'ব।
 
মনকৰিবলগীয়া যে, ২০২২ চনৰ মে’ মাহত টকিঅ’ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিপাক্ষিক বৈঠকৰ পিছত জাৰি কৰা এক যৌথ বিবৃতিত আইচিইটিৰ কথা প্ৰথমবাৰৰ বাবে উল্লেখ কৰা হৈছিল। এই বহুপ্ৰত্যাশিত বৈঠকৰ বাবে সোমবাৰে বৃহৎ প্ৰতিনিধি দল লৈ অজিত ডোভাল আমেৰিকাত উপস্থিত হৈছে। ভাৰতত অত্যাধুনিক গৱেষণা কৰি থকা ভাৰতীয় কোম্পানীৰ পাঁচজন সচিব পৰ্যায়ৰ বিষয়া আৰু কৰ্পৰেট বিষয়াক লৈ প্ৰতিনিধি দলটো গঠন হৈছে। 
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ সৈতে আমেৰিকালৈ ৰাওনা হোৱা পাঁচজন সচিব পৰ্যায়ৰ বিষয়া হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথ, প্ৰধানমন্ত্ৰীৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অজয় ​​কুমাৰ ছুদ, প্ৰতিৰক্ষা মন্ত্ৰী জি সতীশ ৰেড্ডীৰ বৈজ্ঞানিক উপদেষ্টা, দূৰসংযোগ বিভাগৰ সচিব কে ৰাজাৰাম আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ সঞ্চালক প্ৰধান সমীৰ ভি কামাট।
 
আইচিইটিৰ অধীনত, দুয়োখন দেশে সহযোগিতাৰ ছয়টা ক্ষেত্ৰ চিনাক্ত কৰিছে। দুয়োখন দেশৰ মাজত সহযোগিতা সহ-উন্নয়ন আৰু সহ-উৎপাদনৰ নীতিৰ ওপৰত আধাৰিত হ'ব, যাক ক্ৰমান্বয়ে কোৱাড (আমেৰিকা যুক্তৰাজ্য, ভাৰত, অষ্ট্ৰেলিয়া, জাপানৰ কৌশলগত গোট), তাৰ পিছত নাটো (উত্তৰ আটলাণ্টিক চুক্তি সংগঠন) আৰু তাৰ পিছত ইউৰোপ আৰু বাকী বিশ্বলৈ সম্প্ৰসাৰিত কৰা হ'ব। ইয়াৰ উদ্দেশ্য হৈছে বাকী বিশ্বক অত্যাধুনিক প্ৰযুক্তি প্ৰদান কৰা, যিবোৰ তুলনামূলকভাৱে যথেষ্ট সুলভ।

আইচিইটিৰ অধীনত ভাৰত আৰু আমেৰিকাই সহযোগিতাৰ বাবে চিনাক্ত কৰা ছটা ক্ষেত্ৰৰ ভিতৰত আছে বৈজ্ঞানিক গৱেষণা আৰু উন্নয়ন, কোৱাণ্টাম কৃত্ৰিম বুদ্ধিমত্তা, প্ৰতিৰক্ষা উদ্ভাৱন, মহাকাশ আৰু ৬জি আৰু অৰ্ধপৰিবাহীৰ দৰে উন্নত যোগাযোগ পদ্ধতি।