পাকিস্তানৰ মছজিদত সংঘটিত হোৱা বিস্ফোৰণত ৭০ জন লোক আহত

Story by  atv | Posted by  Munni Begum • 1 Years ago
পাকিস্তানৰ মছজিদত বিস্ফোৰণ
পাকিস্তানৰ মছজিদত বিস্ফোৰণ
 
ইছলামাবাদ
 
পাকিস্তানৰ পেছাৱাৰৰ এটা মছজিদত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ ফলত বহুলোক হতাহত হোৱাৰ আশংকা কৰা হৈছে।
 
আৰক্ষী বিষয়াসকলে জনোৱা মতে, সোমবাৰে জুহৰৰ প্ৰাৰ্থনাৰ পিছত পুলিচ লাইনৰ অঞ্চলৰ ওচৰত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়।  বিস্ফোৰণটোত প্ৰায় ৭০ জন লোক আহত হৈছে। তেওঁলোকৰ কিছুমানৰ অৱস্থা সংকটজনক।
 
আৰক্ষী বিষয়া সিকন্দৰ খানে কয়, "বিস্ফোৰণ ফলত মছজিদ অট্টালিকাৰ এটা অংশ খহি পৰিছিল আৰু কেইবাজনো লোক ইয়াৰ ভিতৰতে আছিল বুলি ধাৰণা কৰা হৈছে।"