মস্তিষ্কত কম্পিউটাৰ চিপ সংৰোপণ কৰি মানুহে লাভ কৰিব নতুন জীৱন

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
ৱাশ্বিংটন
 
অহা ছমাহৰ ভিতৰত আন এক অসাধ্য সাধন কৰিব বুলি বিশ্ববাসীক এই প্রতিশ্রুতি দিছে বিশ্বৰ আটাইতকৈ ধনাঢ্য তথা প্রযুক্তিবিদ এল'ন মাস্কে। টেছলা-স্পেচ এক্স আদি কোম্পানীৰ প্ৰতিষ্ঠাতা এল'ন মাস্কৰ ঘোষণা অনুসৰি অহা ছমাহৰ ভিতৰত তেওঁৰ কোম্পানী নিউৰালিংক প্ৰকল্পৰ অধীনত মানুহৰ মস্তিষ্কত কম্পিউটাৰ চিপ সংৰোপণৰ ক্লিনিকেল ট্রায়াল আৰম্ভ কৰিব। 
 
এল'ন মাস্কৰ দাবী মানুহৰ মগজুত ব্ৰেইনশ্বিপ স্থাপনৰ পিচত অন্ধ আনকি জন্মান্ধ ব্যক্তিয়েও দৃষ্টিশক্তি ঘূৰাই পাব, ৰাজহাড়ৰ ৰোগৰ বাবে চিৰদিন শয্যাশায়ী হৈ পৰা লোকেও চলা-ফুৰা কৰিবলৈ সক্ষম হ'ব। নিউৰালিংক মুখ্য কাৰ্যালয়ত এক সভাত তিনি ঘণ্টা ধৰি দিয়া ভাষণত এ'ন মাস্কে প্রকাশ কৰিছে যে তেওঁৰ কোম্পানীয়ে প্ৰস্তুত কৰা ছার্জিকেল ৰবটে (RI) অতি দ্রুতভাৱে মানুহৰ লাওখোলাৰ সামান্য অংশ কাটি স্থাপন কৰিব এন ১ নামৰ সেই মাইক্ৰ' প্ৰচেছৰ আৰু সেই মাইক্ৰ' প্ৰচেছৰে মগজুৰ সংকেত ৰেকর্ড কৰাৰ লগতে উদ্দীপক হিচাপে কাম কৰিব। 
মাস্কে লগতে কয়, "নিউৰালিংক যন্ত্র স্থাপনৰ প্ৰথম দুটা লক্ষ্য হ'ল দৃষ্টিহীনক দৃষ্টি দিয়া আৰু অক্ষমক গতি দিয়া। এই যন্ত্র স্থাপনৰ পিচত জন্মান্ধই যে দৃষ্টি শক্তি ঘূৰাই পাব মই নিশ্চিত। টেক্সাছৰ ছানফ্রান্সিছক আৰু অনিত থকা নিউৰালিংক গৱেষণাগাৰক ইতিমধ্যে বিগত কেইবাবছৰ ধৰি এই অভিলাষী আঁচনিৰ পৰীক্ষা-নিৰীক্ষা কৰাৰ পাচত মানুহৰ ওপৰত ক্লিনিকেল পৰীক্ষা কৰাৰ বাবে যুক্তৰাষ্ট্র ফুড এ ডার্ক এডমিনিষ্টেচন (এফ ডি এ)ৰ পৰা অনুমোদনৰ বাবে আবেদন জনাইছে। 
বিগত বৰ্ষত নিউৰালিংকে এটা বান্দৰৰ মস্তিষ্কত ব্রেইন চিপ সংৰোপন কৰাৰ পাচত বান্দৰটোৱে কেনেকৈ কম্পিউটাৰ গেম খেলিছিল তাক ৰাজহুৱা কৰিছিল। উল্লেখযোগ্য যে ২০১৬ চনতে অভিলাষী নিউৰালিকে প্রকল্প আৰম্ভ কৰিছিল এল'ন মাস্কে। ইলেক্ট্রিক বাহন নির্মাণ প্রতিষ্ঠান টেছলা, ৰকেট কোম্পানী স্পেচ এক্স আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰৰ স্বত্বাধিকাৰী এখন মাস্কৰ লক্ষ্য মঙল গ্রহত উপনিবেশ স্থাপন মানৱ জাতিক ৰক্ষা কৰা। 
 
নিউৰালিংকৰ পূৰ্বে চিনজন নামৰ কোম্পানীটোৱে অষ্ট্ৰেলিয়া আৰু মার্কিন যুক্তৰাষ্ট্ৰত ৰোগীৰ মগজুত অতি ক্ষুদ্র স্টেনসদৃশ যন্ত্র স্থাপন কৰি বহু শাৰীৰিকভাৱে অক্ষম লোকক লৰচৰ কৰাৰ লগতে কম্পিউটাৰৰ যোগেদি মনৰ ভাব প্ৰকাশ কৰাত কোম্পানীটো সফল হৈছে। অনৱার্ড কোম্পানী নামৰ আন এটা স্মার্টআপে ৰাজহাড়ৰ আঘাতত আক্রান্ত লোকক চলা-ফুৰা কৰোৱাত কিঞ্চিৎ হ'লেও সফল হৈছে।