কাঠমাণ্ডু
আজি নেপালৰ কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উৰণৰ সময়ত সৌৰ্য এয়াৰলাইন্সৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। বিমান দুৰ্ঘটনাটোৰ ফলত ১৮ গৰাকী যাত্ৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ১১ বজাত এই ঘটনা সংঘটিত হোৱাৰ সময়ত পোখাৰা অভিমুখী বিমানখনত ক্ৰু মেম্বাৰসহ ১৯ জন লোক আছিল।
নাম প্ৰকাশ নকৰাৰ চৰ্তত বিমানবন্দৰৰ এজন নিৰাপত্তা বিষয়াই নিশ্চিত কৰে যে পাইলটজনক ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
আন যাত্ৰী আৰু ক্ৰুৰ আঘাতৰ পৰিসৰ এই সময়ত স্পষ্ট হোৱা নাই। বৰ্তমান এই দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই। বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত কাম কৰি আছে।