প্ৰধানমন্ত্ৰী মোদীৰ সংযুক্ত আৰৱ আমিৰাত যাত্ৰা আৰম্ভ

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰধানমন্ত্ৰী মোদীৰ সংযুক্ত আৰৱ আমিৰাত যাত্ৰা আৰম্ভ
প্ৰধানমন্ত্ৰী মোদীৰ সংযুক্ত আৰৱ আমিৰাত যাত্ৰা আৰম্ভ
আবু ধাৱী
 
শ্লছ এলমাউত অনুষ্ঠিত জি-৭ সন্মিলনত অংশ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে সংযুক্ত আৰৱ আমিৰাত ৰাজধানী (UAE) আবু ধাৱী উপস্থিত হয়।
 
এক টুইটযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "বিশ্বৰ কেইবাজনো নেতাৰ সৈতে বাৰ্তালাপ কৰি মিউনিখত এক স্মৰণীয় সামূহিক কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ। আমি বিশ্বব্যাপী কল্যাণ আৰু সমৃদ্ধি বৃদ্ধিৰ লক্ষ্যৰে বহু বিষয় আলোচনা কৰিবলৈ সক্ষম হৈছিলোঁ।"
 
প্ৰধানমন্ত্ৰী মোদীয়ে ইউ এ ইৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু আবু ধাবিৰ শাসক শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ানৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰে।
 
প্ৰধানমন্ত্ৰী মোদীৰ UAE ভ্ৰমণৰ ফটো
 
মোদীয়ে শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক UAEৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচত হোৱাৰ বাবে অভিনন্দন জনাব। UAEৰ নতুন ৰাষ্ট্ৰপতি আৰু আবু ধাবিৰ শাসক হিচাপে নিৰ্বাচন হোৱাৰ পিছত শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এইটো প্ৰথম বৈঠক হ'ব।
এই ভ্ৰমণে UAEৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব। বিজেপিৰ দুজন শাসকীয় মুখপাত্ৰৰ হজৰত মহম্মদৰ ওপৰত কৰা মন্তব্যৰ তীব্ৰ আন্তৰাষ্ট্ৰীয় প্ৰতিক্ৰিয়াৰ পিছত প্ৰধানমন্ত্ৰী মুদীৰ এইটো প্ৰথম UAE ভ্ৰমণ। যদিও কাটাৰ, কুৱেইট, ইৰাণ আৰু আন কেইখনমান বিদেশী ৰাষ্ট্ৰই হজৰত মহম্মদৰ উপৰত কৰা বিৰোধ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল তথাপিও UAE আৰু চৌদি আৰৱে এই ক্ষেত্ৰত এক নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিছিল। UAE আৰু চৌদি আৰৱে বিজেপিৰ মুখপাত্ৰসকলৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপক আদৰণি হে জনাইছিল। 
 
UAE ৰ সৰ্বোচ্চ সন্মান লাভ কৰা মুহূৰ্তত প্ৰধানমন্ত্ৰী মোদী
 
ভাৰত আৰু UAEৰ মাজত উচ্চ-পৰ্যায়ৰ ভ্ৰমণ নিয়মীয়াকৈ হৈ আহিছে আৰু মোদীয়ে UAEৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদৰ সৈতে এক উৎকৃষ্ট সম্পৰ্ক ৰক্ষা কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে অন্তিমবাৰ UAE ভ্ৰমণ কৰিছিল ২০১৯ চনৰ আগষ্টত য'ত তেওঁ UAEৰ সৰ্বোচ্চ বঁটা 'অৰ্ডাৰ অফ জায়েদ' লাভ কৰিছিল।
 
লগতে, UAE হৈছে উপসাগৰীয় অঞ্চলৰ একমাত্ৰ দেশ যিয়ে ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তি (এফ টি এ) স্বাক্ষৰ কৰিছে। UAE হৈছে আমেৰিকা যুক্তৰাজ্যৰ পিছত ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ ৰপ্তানি গন্তব্যস্থান।