ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
নতুন দিল্লী
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে মত বিনিময় কৰে। এই বাৰ্তালাপৰ সময়ত তেওঁ ইউক্ৰেইনৰ পৰিস্থিতিক লৈ ভাৰতৰ আলোচনা আৰু কূটনীতিৰ দীৰ্ঘদিনীয়া স্থিতিৰ কথা পুনৰ দোহাৰে। 
 
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিবৃতিত কোৱা হৈছে যে তেওঁলোকৰ টেলিফোনিক বাৰ্তালাপৰ সময়ত দুয়োগৰাকী নেতাই ২০২১ চনৰ ডিচেম্বৰত ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণৰ সময়ত লোৱা সিদ্ধান্তসমূহৰ ৰূপায়ণৰ পৰ্যালোচনা কৰে।
 
বিশেষকৈ, তেওঁলোকে কৃষিজাত সামগ্ৰী, সাৰ আৰু ফাৰ্মা সামগ্ৰীৰ দ্বিপাক্ষিক বাণিজ্যক কেনেদৰে অধিক উৎসাহিত কৰিব পাৰি সেই সন্দৰ্ভত নিজৰ নিজৰ ধাৰণা বিনিময় কৰে বুলি বিজ্ঞপ্তিটোত কোৱা হৈছে। দুয়োগৰাকী নেতাই আন্তঃৰাষ্ট্ৰীয় শক্তি আৰু খাদ্য বজাৰৰ অৱস্থাকে ধৰি বিশ্বব্যাপী বিষয়সমূহো আলোচনা কৰে।
"ইউক্ৰেইনত চলি থকা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে আলোচনা আৰু কূটনীতিৰ সপক্ষে ভাৰতৰ দীৰ্ঘদিনীয়া স্থিতিৰ কথা দোহাৰে," প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে কয়।
উল্লেখ্য যে, ভাৰতে আলোচনা আৰু কূটনীতিৰ মাধ্যমেৰে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ পৰিসমাপ্তি বিচাৰে বুলি বাৰম্বাৰ প্ৰকাশ কৰি আহিছে।