প্ৰতি বেৰেল তেল ৬০ ডলাৰত বিক্রী কৰিব ৰাছিয়াই

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
লণ্ডন
 
ইউক্রেইন যুদ্ধৰ বাবে ৰাছিয়াক এশিকনি দিয়াৰ বাবে অৱশেষত বিশ্বৰ ঔদ্যোগিকভাৱে উন্নত ৰাষ্ট্ৰৰ সংগঠন জি-৭ আৰু অষ্ট্ৰেলিয়াই ৰাছিয়াৰ খাৰুৱা তেলৰ সৰ্বাধিক মূল্য নিৰ্ধাৰণ কৰিছে। জি-৭ ৰাষ্ট্ৰ মণ্ডলীৰ সিদ্ধান্তমৰ্মে ৰাছিয়াই প্ৰতি বেৰেল মাত্ৰ ৬০ ডলাৰতহে খাৰুৱা তেল বিক্রী কৰিব পাৰিব। 
 
জি-৭, অষ্ট্ৰেলিয়া আৰু ইউৰোপিয়ান ইউনিয়নে যৌথভাৱে জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে যে, ইউক্রেইন আক্ৰমণৰ পৰা ৰাছিয়াই মুনাফা আদায় কৰাটো ৰোধ কৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মার্কিন বিত্ত সচিব জেনেট য়েলেনে এই মন্তব্য কৰে যে, ৰাছিয়াৰ অর্থনীতি ইতিমধ্যে সংকুচিত হৈছে, খাৰুৱা তেলৰ মূল্যত সর্বোচ্চ সীমা নিৰ্ধাৰণে ৰাষ্ট্ৰপতি পুটিনৰ ৰাজহ আহৰণৰ মূল উৎসটোকে বন্ধ কৰি পেলাব। 
 
৫ ডিচেম্বৰৰ পৰা এই নিৰ্দেশ বলৱৎ হ'ব। বর্তমানে প্রতি বেৰেল খাৰুৱা তেলৰ দাম হৈছে ৮৬.৭২ ডলাৰ। অৱশ্যে পশ্চিমীয়া ৰাষ্ট্ৰসমূহে এই নতুন নিৰিখ মানিব লাগিব যদিও চীন আৰু ভাৰতৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই নির্দেশনা। ৰাছিয়াৰ খাৰুৱা তেলৰ বর্তমানে দুই আমদানিকাৰীত পৰিণত হৈছে ভাৰত আৰু চীন। যুদ্ধৰ পূৰ্বে ৰাছিয়াৰ অর্ধেক তেল ৰপ্তানি হৈছিল ইউৰোপলৈ জার্মানী, নেদাৰলেণ্ডছ আৰু পোলেণ্ড আছিল ৰাছিয়াৰ তেলৰ তিনি প্রধান উপভোক্তা।