শ্ৰীলংকাৰ নৌসেনাই আটক কৰি ৰাখিছে ২৩জন ভাৰতীয় মাছমৰীয়াক

Story by  atv | Posted by  Munni Begum • 1 Years ago
ভাৰতীয় মাছমৰীয়াৰ প্ৰতিনিধিত্বমুলক ফটো
ভাৰতীয় মাছমৰীয়াৰ প্ৰতিনিধিত্বমুলক ফটো
চেন্নাই
 
খবৰ অনুসৰি শ্ৰীলংকাৰ নৌসেনাই তামিলনাডুৰ পুডুকোট্টাইৰ পৰা ২৩ জন ভাৰতীয় মাছমৰীয়াক আটক কৰি ৰাখিছে।
 
উপকূলীয় সামুদ্ৰিক আৰক্ষীৰ মতে পুডকোট্টাই জিলাৰ কোট্টাইপট্টিনাম আৰু জগাধিপট্ট নামৰ মাছমৰীয়াসকলক শ্ৰীলংকাৰ নৌসেনাই জিম্মাত লৈছিল। 
মাছমৰীয়াসকলৰ পাঁচখন মেকানাইজড নাও শ্ৰীলংকাৰ নৌসেনাৰ জিম্মাত আছিল। আন্তৰ্জাতিক সামুদ্ৰিক সীমাৰেখাৰ সমীপত মাছ ধৰাৰ সময়তে মাছমৰীয়াকেইটাক জিম্মাত লোৱা হয়। 
শ্ৰীলংকাৰ নৌসেনা কৰ্তৃপক্ষই ভাৰতীয় মাছমৰীয়াৰ কেইবাখনো যান্ত্ৰিক নাও জব্দ কৰাৰ লগতে বিক্ৰীৰ বিজ্ঞাপনও দিছে।