আত্মঘাতী বিস্ফোৰণত নিহত তালিবানৰ ধৰ্মগুৰু ৰহিমুল্লাহ হাক্কানীৰ, আইছিছৰ দাবী

Story by  atv | Posted by  [email protected] • 1 Years ago
ৰহিমুল্লাহ হাক্কানী
ৰহিমুল্লাহ হাক্কানী
কাবুল
 
আইছিছৰ বিৰুদ্ধে অগ্নিবৰষা ভাষণৰ বাবে পৰিচিত তালিবানৰ এজন জ্যেষ্ঠ ধৰ্মগুৰু ৰহিমুল্লাহ হাক্কানী বৃহস্পতিবাৰে এক আত্মঘাতী আক্ৰমণত নিহত হয়। কাবুলত থকা এখন মাদ্ৰাছাত সংঘটিত আত্মঘাতী আক্ৰমণত হাক্কানীৰ মৃত্যু হয় বুলি জেহাদী গোটটোৱে দাবী কৰিছে। 

শেহতীয়াকৈ ছোৱালীক স্কুলত পঢ়িবলৈ দিয়াৰ সপক্ষে ৰাজহুৱাভাৱে কথা কোৱা ৰহিমুল্লাহ হাক্কানীক ইয়াৰ পূৰ্বে কমেও দুবাৰ হত্যাৰ চেষ্টা চলিছিল যদিও কথমণি তেওঁৰ প্ৰাণ ৰক্ষা পৰিছিল। ইয়াৰ ভিতৰত এটা প্ৰচেষ্টা আছিল ২০২০ চনৰ অক্টোবৰ মাহত পাকিস্তানত হোৱা এটা হত্যাকাণ্ডৰ ঘটনা। 
 
কাবুল আৰক্ষীৰ মুখপাত্ৰ খালিদ জাদ্ৰানে সংবাদ প্ৰতিষ্ঠানক জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে শ্বেইখ ৰহিমুল্লাহৰ মাদ্ৰাছাক সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। এই আক্ৰমণত ৰহিমুল্লাহ আৰু তেওঁৰ এজন ভাতৃকে ধৰি তিনিজন লোক নিহত হয়।
 
আত্মঘাতী আক্ৰমণৰ কেইঘণ্টা মান পিছত আইছিছে নিজৰ টেলিগ্ৰাম চেনেলত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি কয় যে বোমাৰুজনে ৰহিমুল্লাহ হাক্কানীৰ মাদ্ৰাছাৰ ভিতৰত প্ৰৱেশ কৰি নিজৰ শৰীৰত বান্ধি নিয়া বোমা বিস্ফোৰণ কৰিছিল।
ইফালে, তালিবানৰ সূত্ৰই জনোৱা মতে, হাক্কানি যদিও কোনো আনুষ্ঠানিক পদবীত অধিষ্ঠিত নাছিল, তথাপিও তেওঁ এগৰাকী প্ৰভাৱশালী ব্যক্তি আছিল আৰু বছৰ বছৰ ধৰি তেওঁ গোটটোৰ বহু সদস্যক শিক্ষা দিছিল। তালিবানৰ অসংখ্য বিষয়াই ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰে।
উল্লেখ্য যে, যোৱা বছৰৰ আগষ্ট মাহত তালিবানে আফগানিস্তানৰ ক্ষমতালৈ ঘূৰি অহাৰ পিছত দেশখনত কেইবাটাও আক্ৰমণ সংঘটিত হোৱা বুলি দাবী কৰা আই এছৰ বিৰুদ্ধে হাক্কানিয়ে ক্ষুব্ধ ভাষণ আগবঢ়াইছিল। তেওঁ মহিলাৰ শিকাক লৈ সঘনাই মাত মাতি আহিছিল।