মানৱতাৰ বাবে সন্ত্ৰাসবাদ অন্যতম গুৰুতৰ ভাবুকি: ৰাষ্ট্ৰসংঘৰ সন্ত্ৰাসবাদ বিৰোধী বৈঠকত জয়শংকৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
এছ জয়শংকৰ
এছ জয়শংকৰ
নতুন দিল্লী
 
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সন্ত্ৰাসবাদ বিৰোধী সমিতিৰ (UNSC-CTC) বৈঠকৰ দ্বিতীয় দিনটোত আয়োজক ৰাষ্ট্ৰ ভাৰতে ২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ দৰে সন্ত্ৰাসৰ বলি হোৱা লোকসকলৰ কথা দুখেৰে স্মৰণ কৰে। 
 
মুকলি অধিৱেশনত দিয়া ভাষণত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয়, ‘সন্ত্ৰাসবাদ মানৱতাৰ বাবে এতিয়াও অন্যতম ভয়াৱহ ভাবুকি হৈ আছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে যোৱা দুটা দশকত এই বিপদৰ বিৰুদ্ধে যুঁজিবলৈ মূলতঃ সন্ত্ৰাসবাদ বিৰোধী নিষেধাজ্ঞা ব্যৱস্থাক কেন্দ্ৰ কৰি নিৰ্মিত এক গুৰুত্বপূৰ্ণ স্থাপত্যৰ বিকাশ ঘটাইছে। ইয়াৰ পিছতো সন্ত্ৰাসবাদৰ ভাবুকি কেৱল বৃদ্ধি আৰু সম্প্ৰসাৰিত হৈছে, বিশেষকৈ এছিয়া আৰু আফ্ৰিকাত।”
 
প্ৰযুক্তিগত উদ্ভাৱনৰ ওপৰত গুৰুত্ব দি মন্ত্ৰীগৰাকীয়ে কয় যে বিগত দুটা দশকৰ অগ্ৰগতিসমূহ “পৰিৱৰ্তনশীল” হ’লেও বিশেষকৈ সন্ত্ৰাসবাদৰ ক্ষেত্ৰত “ফ্লিপ চাইড” আছে।
উল্লেখ্য যে, শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এই বৈঠকত ২৬/১১ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত আঘাতৰ সন্মুখীন হোৱা লোকসকলে ভাষণ দিয়াৰ লগতে UNSCৰ প্ৰতিনিধি দলে তাজ স্মৃতিসৌধত সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পিছত শনিবাৰে ভাৰতীয় পক্ষই বৈঠকত আন এটা ভিডিঅ’ উপস্থাপন কৰে, য’ত সন্ত্ৰাসবাদীৰ বলি হোৱা লোকসকলে তেওঁলোকৰ ভয়াবহ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰে।
চি টি চিৰ দুদিনীয়া বিশেষ বৈঠকৰ শেষত "দিল্লী ঘোষণাপত্ৰ" গ্ৰহণ কৰা হ'ব যিয়ে "সন্ত্ৰাসবাদী উদ্দেশ্যৰ বাবে নতুন আৰু উদীয়মান প্ৰযুক্তিৰ ব্যৱহাৰৰ ভাবুকিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰতিশ্ৰুতিৰ উদাহৰণ দাঙি ধৰিব," জয়শংকৰে কয়।
জয়শংকৰে আৰু কয় যে, “নতুন আৰু উদীয়মান প্ৰযুক্তিৰ ব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াকে ধৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টা শক্তিশালী কৰাৰ বাবে ভাৰতৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি মই মোৰ ভাষণৰ সামৰণি মাৰিব বিচাৰিছো।”
শেষত, জয়শংকৰে ঘোষণা কৰিছিল যে সন্ত্ৰাসবাদপ্ৰতিৰোধ আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত সদস্য ৰাষ্ট্ৰসমূহক ক্ষমতা নিৰ্মাণৰ সমৰ্থন প্ৰদানকৰাৰ ক্ষেত্ৰত ইউএনঅ'চিটিৰ প্ৰচেষ্টা বৃদ্ধি কৰাৰ বাবে ভাৰতে এই বছৰ সন্ত্ৰাসবাদ বিৰোধী ৰাষ্ট্ৰসংঘৰ ন্যাস পুঁজিলৈ আধা নিযুত ডলাৰৰ স্বেচ্ছামূলক অৱদান আগবঢ়াব।
উল্লেখ্য যে, দিনটোৰ শেষত বিভিন্ন দেশৰ মন্ত্ৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব।