চিৰিৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভ্লাদিমিৰ পুটিন

Story by  atv | Posted by  Munni Begum • 1 Years ago
ভ্লাদিমিৰ পুটিন
ভ্লাদিমিৰ পুটিন
মস্কো
 
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মস্কোত থকা নিজৰ চৰকাৰী বাসগৃহত পাঁচটা চিৰিৰ পৰা পিছলি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে। ৭০ বছৰীয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি চৰ্চা চলিছে। 
 
ভ্লাদিমিৰ পুটিনৰ স্বাস্থ্য নিৰীক্ষণ কৰি থকা হৈছে আৰু তেওঁৰ তিনিজন দেহৰক্ষী আৰু চিকিৎসকৰ দলে তেওঁৰ সহায়কৰ ওচৰলৈ লৰালৰি কৰি  আছে। 
 
নিউয়ৰ্ক পোষ্টৰ বাতৰি অনুসৰি, জেনেৰেল এছভিআৰে কয় যে, “তিনিজন দেহৰক্ষীয়ে ৰাষ্ট্ৰপতিক ওচৰৰ চোফাখন লৈ যোৱাত সহায় কৰিছিল আৰু বাসগৃহত কৰ্তব্যৰত চিকিৎসকক মাতিছিল।
ইয়াত লগতে কোৱা হৈছে যে, “নিশা ৰাষ্ট্ৰপতিগৰাকীৰ অৱস্থা সুস্থিৰ আছিল, তেওঁ নিজে ঘূৰি ফুৰিব পাৰিছিল। কিন্তু বহি থকাৰ সময়ত কক্সিক্স অঞ্চলত বিষ হোৱাতহে তেওঁ আমনি পাইছিল।” 
মেজৰ জেনেৰেল কাইৰিলো বুডানভে ডেইলী মেইলক জনোৱা মতে, ইউক্ৰেইনৰ গোপন সেৱাই ইয়াৰ পূৰ্বে কেইবাটাও “বিশেষ অনুষ্ঠান”ত ভ্লাদিমিৰ পুটিনৰ ঠাইত উপস্থিত হোৱা বডি ডাবলছ ধৰা পেলাইছিল। অৱশ্যে তেওঁ অভিযোগ কৰে যে এতিয়া সেইবোৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বাবে সাধাৰণ প্ৰথা হৈ পৰিছে।
 
মেজৰ জেনেৰেল বুডানভে দাবী কৰিছিল যে, “আমি বিশেষভাৱে তিনিজন মানুহৰ বিষয়ে জানো যিসকল দেখা দি থাকে। কিন্তু আৰু কিমানজন আছে সেই বিষয়ে আমি একো নাজানো।”  
 
তেওঁ লগতে কয়, ‘তেওঁলোকৰ সকলোৰে দেখাত একে হ’বলৈ প্লাষ্টিক চাৰ্জাৰী কৰা হৈছিল। কিন্তু কাইৰিলো বুডানভে দাবী কৰে যে তেওঁলোকক  ধৰা দিয়া এটা বস্তু হ’ল তেওঁলোকৰ উচ্চতাটো।