চিত্ৰশিল্পৰে সমাজক বাৰ্তা দিয়া আলী হায়দৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
আলী হায়দৰ
আলী হায়দৰ
স্মিতা ভট্টাচাৰ্য / যোৰহাট

উজনি অসমৰ শিৱসাগৰ জিলাৰ এখন সৰু চহৰ নাজিৰাত প্ৰৱেশ কৰাৰ লগে লগে সকলো ব্যক্তিয়ে এখন উজ্জ্বল ৰঙৰ দেৱালৰ প্ৰতি আকৰ্ষিত হয়। এই দেৱালত এগৰাকী ব্যক্তিয়ে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আৰু পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনোৱা কেইটামান চিত্ৰ দেখুওৱা হৈছে। একেদৰে, ডিব্ৰুগড়ৰ বানীপুৰ ৰেলৱে ষ্টেচনৰ ভিতৰত চাহপাত আৰু বিহুৰ দৰে অসমৰ লোকাচাৰসমূহ প্ৰদৰ্শন কৰা দুখন বিশাল চিত্ৰ ওলমি আছে। আনহাতে, চৰাইদেউৰ গান্ধী সংগ্ৰহালয়ৰ ছুকাফা কেন্দ্ৰৰ ভিতৰত মহাত্মা গান্ধীৰ জীৱন কাহিনী প্ৰদৰ্শন কৰা এলানি পুতলাৰ চিত্ৰ দেখিবলৈ পোৱা যায়।
 
এই সকলোবোৰ হ'ল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসিত ভাস্কৰ্য্য শিল্পী আলী হায়দৰৰ অনন্য সৃষ্টিৰাজিৰ মাত্ৰ তিনিটা নমুনা। উজনি অসমৰ শিৱসাগৰ জিলাৰ নাজিৰাৰ ন-মাটি অঞ্চলৰ বাসিন্দা আলীয়ে প্ৰকাশ কৰা অনুসৰি, তেওঁ এই চিত্ৰসমূহ নাজিৰা জিলা প্ৰশাসন, এন এফ ৰেলৱে তথা সংগ্ৰহালয় কৰ্তৃপক্ষৰ অনুৰোধমৰ্মে অংকন কৰিছিল। 
চিত্ৰশিল্পীগৰাকী নাজিৰা চিত্ৰকলা কেন্দ্ৰৰ অধ্যক্ষ আৰু নাজিৰাৰ মাৰ্কাজ একাডেমীৰ সহকাৰী শিক্ষকো। আলী হায়দৰে অলপতে যোৰহাটত ৰাজ্যখনৰ আন তিনিগৰাকী প্ৰখ্যাত শিল্পীৰ সৈতে ২৭ ৰ পৰা ২৯ মে'লৈ যোৰহাট ভিজন আৰ্টৰ গেলেৰীত ৩ দিনীয়া প্ৰদৰ্শনীত অংশ লয়। ইয়াত তেওঁ  নিজৰ ১১ খন চিত্ৰ প্ৰদৰ্শন কৰে।
তেওঁৰ চিত্ৰসমূহৰ ভিতৰত অন্যতম আছিল হিন্দুৰ আৰাধ্য দেৱতা গণেশ। প্ৰসিদ্ধ চিত্ৰশিল্পীজনে এই বিষয়ত কয়,"মই ভগৱান গণেশ, দুৰ্গা আৰু কৃষ্ণৰ কেইবাখনো চিত্ৰ নিৰ্মাণ কৰিছো আৰু সেইবোৰ বিক্ৰী কৰা হৈছে। মই দেৱী দুৰ্গাৰ মণ্ডপতো সজ্জা অংকন কৰিছো। একেদৰে, ৰাস লীলাত ভাওনা প্ৰদৰ্শনৰ বাবেও মই ছেট তৈয়াৰ কৰিছো।" উল্লেখ্য যে ভাওনাত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ কাহিনী চিত্ৰিত কৰা হয়। ই হৈছে ১৫ শতিকাৰ নব্য বৈষ্ণৱীয় সাধু, দাৰ্শনিক তথা সমাজ সংস্কাৰক শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা শংকৰী সংস্কৃতিৰ অংশ। 
 
আলী হাইদৰৰ কেনভাছ আৰু মণ্ডপত কৰা শিল্পকৰ্ম
 
আলী হাইদৰে তেওঁৰ কেনভাছসমূহক জীৱন্ত কৰি তুলিবলৈ অইল, ৱাটাৰ কালাৰ আৰু এক্ৰিলিক ব্যৱহাৰ কৰে। যিকোনো চিত্ৰক জীৱন্ত ৰূপ দিয়া ৩৫ বছৰীয়া শিল্পীজনে এতিয়ালৈকে বহুতো পুৰস্কাৰ আৰু প্ৰমাণপত্ লাভ কৰিবলৈ সক্ষম হৈছে। 
আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত তেওঁ ২০২০ত কালৰত্নম ফাউণ্ডেশ্যন অৱ আৰ্ট ইণ্ডিয়া নামৰ  এক আন্তঃৰাষ্ট্ৰীয় অনলাইন কলা প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰে। একেদৰে, ২০২০ত আন এখন আন্তঃৰাষ্ট্ৰীয় অনলাইন কলা প্ৰদৰ্শনী/প্ৰতিযোগিতাত তেওঁ KFOAS” (বাৰেইলী)ৰ পৰা স্বৰ্ণ পদক লাভ কৰে। ইফালে, ২০২১ত বিৰলা একাডেমী অৱ আৰ্ট এণ্ড কালচাৰে  হাইদৰক লিঅ’নাৰ্ডো দা ভিঞ্চি আন্তঃৰাষ্ট্ৰীয় কলা বঁটা আগবঢ়াইছিল। 
চিত্ৰশিল্পীগৰাকীয়ে কয় যে তেওঁৰ শিল্পকৰ্ম ইজিপ্ত আৰু জাৰ্মানীত প্ৰদৰ্শিত হৈছে যদিও তেওঁ তালৈ যোৱা নাই। 'মোৰ ছবিৰ ডিজিটেল কপি কম্পিউটাৰৰ পৰা ডাউনলোড কৰি প্ৰিন্ট কৰাৰ পিছত প্ৰদৰ্শন কৰা হৈছিল।" তেওঁ কয়। আলীয়ে পুনৰ উল্লেখ কৰে যে তেওঁ হোৱাটছএপত শিল্পীসকলৰ এটা আন্তঃৰাষ্ট্ৰীয় গোটৰ এগৰাকী অন্যতম সদস্য হিচাপে  আছে। মুম্বাইৰ পৰা বিহাৰলৈকে, কলকাতাৰ পৰা ফিৰোজাবাদলৈকে, আলী হাইডৰৰ কৃতিত্বৰ তালিকাখন বিশেষভাৱে মনকৰিবলগীয়া। 
 
আলী হায়দৰ আৰু তেওঁৰ শিল্পকৰ্ম
 
তেওঁক পদ্মবিভূষণ – নন্দলাল বসু ৰাষ্ট্ৰীয় স্বৰ্ণ শিল্পী বঁটা প্ৰদান কৰা হৈছে। (২০২০) ইউ পি, ৱৰ্ল্ড বুক অৱ ষ্টাৰ ৰেকৰ্ডছ, ইন্দোৰৰ পৰা ৰাষ্ট্ৰ প্ৰেৰণ বঁটা ২০২০, আন্তঃৰাষ্ট্ৰীয় গ্ৰুপ আৰ্ট প্ৰদৰ্শনীত “কে এফ অ’ এ এছ” (বৰেলি)ৰ পৰা এক্সেলেন্স এৱাৰ্ড ২০২১ আৰু কালৰত্নম ফাউণ্ডেশ্যন অৱ আৰ্ট ছ’চাইটিৰ পৰা ৰাষ্ট্ৰীয় স্বৰ্ণ বঁটা ২০২০ আগবঢ়োৱা হৈছে। 
তদুপৰি, অন্ধ্ৰপ্ৰদেশৰ বিশ্বকলাদৰ্শনীৰদ্বাৰা ২০০৮ত অনুষ্ঠিত হোৱা অষ্টম ২০০৮ত অনুষ্ঠিত হোৱা অষ্টম সৰ্বভাৰতীয় শিশু আৰু যুৱ কলা প্ৰদৰ্শনীত অসমৰ বিশিষ্ট চিত্ৰশিল্পীগৰাকীক বিশিষ্ট চিত্ৰ কলা আচাৰ্য ৰত্ন বঁটা আগবঢ়োৱা হয়।  একেদৰে, ২০০৮ত আহমেদাবাদত অনুষ্ঠিত চিত্ৰকলা ৩য় সৰ্বভাৰতীয় যুৱ আৰু শিশু কলা প্ৰদৰ্শনীত আলী হায়দৰে শ্ৰেষ্ঠ শিক্ষকৰ বঁটা অৰ্জন কৰিবলৈ সক্ষম হয়। 
অসম সাহিত্য সভা, শিৱসাগৰে ২০১৭ চনত তেওঁক এখন স্বীকৃতি পাত্ৰ প্ৰদান কৰে আৰু ২০০৫ চনত তেওঁ শিৱসাগৰ চিত্ৰকলা কেন্দ্ৰৰ পৰা সুকুমাৰ শিল্পী বঁটা উপাধিৰে সন্মানিত হৈছিল।  
 
প্ৰাক্তন মুখ্যমন্ত্ৰী অথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলী হায়দৰ
 
আলীয়ে বাৰে বাৰে দেখুৱাইছে যে তেওঁৰ বিৰল প্ৰতিভাৰ অধিকাৰী। দৰ্শকৰ সন্মুখত তেওঁ এক মিনিটৰ ভিতৰতে বটলৰ ঢাকনিত ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিকৃতি আঁকি ২০২০ চনত অসম বুক অৱ ৰেকৰ্ডত স্থান সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল। ২০২০ চনত মহামাৰীৰ সময়ত তেওঁ ৪৫ দিনত ৫০ খন ছবি আঁকি  ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ পৰা ইণ্ডিয়ান এক্সিলেন্সী এৱাৰ্ড লাভ কৰে।
 
এক চিত্ৰ প্ৰদৰ্শনীত কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ সৈতে আলী হায়দৰ 
 
পশ্চিম বংগৰ চ'চাইটি অফ ফাইন আৰ্ট এণ্ড ক্ৰাফ্টৰ পৰা অংকন শিৰোমণি (ছিনিয়ৰ ডিপ্লোমা) লাভ কৰাৰ পিছত আলীক ফিৰোজাবাদ উৎসৱত উত্তৰ প্ৰদেশৰ স্বদেশ ফাউণ্ডেচনৰ দ্বাৰা স্বদেশ মূল্যৱান ৰত্ন বঁটা, ২০২০ সন্মানীয় উপাধি প্ৰদান কৰা হৈছে। তেওঁক ড০ এছ ৰাধাকৃষ্ণণ বঁটা, ২০২০ও প্ৰদান কৰা হৈছে।