চৰকাৰী চাকৰিৰ মোহ এৰি আমিনুল হকৰ ব্যতিক্ৰমী পথ

Story by  atv | Posted by  Munni Begum • 2 Years ago
আমিনুল হক
আমিনুল হক
আৰিফুল ইছলাম / গুৱাহাটী
 
যিটো সময়ত শিক্ষিত যুৱকসকলে চৰকাৰী আৰু অন্য বিভাগৰ চাকৰি বিচাৰি হাবাথুৰি খাইছে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা আমিনুল হকে ব্যতিক্ৰমী পথ লৈছে। আমিনুলৰ বাবে উচ্চ শিক্ষাগ্ৰহণৰ লক্ষ্য কেৱল চাকৰিয়েই নহয়। সমাজৰ প্ৰতি থকা দায়বদ্ধতা আৰু অৱদানেই হৈছে প্ৰকৃত শিক্ষাৰ লক্ষ্য। তাকেই অনুসৰণ কৰি আমিনুল হকে সময়োপযোগী চুটিছবিৰে সমাজক বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে।
 
পূৱ কামৰূপ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ পিছত আমিনুলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ পৰা ২০১৯ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 
 
 
সময় উপযোগী চুটিছবিৰে সমাজক বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে আমিনুল হকে। সমাজত চলি থকা বিভিন্ন অন্ধবিশ্বাস, যুৱ সমাজক ধ্বংসৰ পথলৈ ঠেলি দিয়া মাদক দ্ৰব্য, ড্ৰাক্স, আদি বিভিন্ন বিষয়ৰ ওপৰত চুটি ছবি নিৰ্মাণ কৰিছে আমিনুল হকে। 'জখলা প্ৰডাকচন' নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে প্ৰকাশ কৰি এই চুটিছবি সমূহ। চুটিছবিৰ উপৰিও আমিনুলে কবিতা, প্ৰবন্ধ, নাটক আদি লিখা মেলাও কৰে। চৰকাৰী চাকৰিলৈ বাট নাচাই, ছবি নিৰ্মাতা হোৱাৰ মন আমিনুলৰ। ইতিমধ্যে বহুকেইখন ছবিয়ে চৰকাৰী প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ড্ৰাক্স আৰু মাদক দ্ৰব্যৰ ভয়াবহতাৰ ওপৰত 'দ্যা চাইলেণ্ট কিলাৰ' শীৰ্ষক এখন চুটিছবি নিৰ্মাণ কৰিছিল আমিনুল হকে। ছবিখনে দৰ্শকৰ সমাদৰ লাভ কৰিছে। তাৰোপৰি কামৰূপ গ্ৰাম্য জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত চুটিছবিখন প্ৰদৰ্শন কৰা হৈছিল।
আমিনুল হকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই চুটিছবি নিৰ্মাণৰ আৰম্ভণি কৰিছিল। যোগাযোগ আৰু সাংবাদিকতা বিভাগত চুটিছবি পাঠ্যক্ৰমৰ অন্তৰ্গত আছিল। সকলোবোৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে আমিনুলেও চুটিছবি নিৰ্মাণ কৰিছিল। অসমৰ চৰ চাপৰি অঞ্চলৰ ওপৰত আমিনুলে ছাত্ৰ অৱস্থাত প্ৰথম তথ্যচিত্ৰ নিৰ্মান কৰিছিল। আমিনুলৰ প্ৰথম চুটিছবি 'মৰিচিকাৰ ৰং' নিৰ্মান কৰাৰ নামত মাত্ৰ ৫০০ টকা খৰচ কৰিছিল আৰু 'হ'প নটআউট' নামৰ আহিবলগীয়া নতুন ছবিখনৰ বাজেট প্ৰায় ৩০০০০ টকা। 
আৱাজ-দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চুটিছবি নিৰ্মাতা আমিনুল হকে কয়; "স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰি বহুত চাকৰি বিচাৰিছিলোঁ। প্ৰায় সকলোবোৰ মেডিয়া চেনেলত চাকৰি বিচাৰি গৈছিলোঁ। কিন্তু চাকৰি নাপালোঁ। এদিন মোৰ বন্ধু কুলদ্বীপ আৰু মই বহি আলোচনা কৰিলোঁ যে আমি কিবা এটা কাম হাতত লোৱা উচিত। তেনেকৈয়ে মোৰ প্ৰথম চুটিছবি 'মৰিচিকাৰ ৰং' খন নিৰ্মান কৰি এতিয়ালৈ কাম কৰি আছোঁ। পিছত চাকৰি পাইছিলোঁ যদিও চাকৰি নকৰিলোঁ।"
 
জখলা প্ৰডাকচনৰ সদস্য সকল
 
চুটিছবিৰ বিষয়বস্তুৰ কথা উল্লেখ  কৰি আমিনুল হকে কয়; "বৰ্তমান সস্তীয়া বস্তু বেছি চলে। সস্তীয়া গান এটা বা সস্তীয়া চিনেমা এখন বহুত মানুহে চাই। কমেডিৰো বহুত সস্তীয়া কমেডি চলে। ভাল গান এটা বা ভাল ভিডিঅ' এটাৰ দাম কম। মই বহুখিনি পঢ়া শুনা কৰা লৰা, গতিকে সস্তীয়া চুটিছবি এখন নিৰ্মান কৰিব নোৱাৰো। লাইক আৰু ভিউছৰ লোভত মগজুৱে সস্তীয়া বস্তু বনাব নকয়। সমাজৰ মুখ্য সমস্যা বা গুৰুত্বপূৰ্ণ বিষয়বস্তু সমূহৰ ওপৰত চুটিছবি নিৰ্মাণ কৰিব চেষ্টা কৰিছোঁ আৰু কৰি আছোঁ। চুটিছবিৰ জৰিয়তে সমাজৰ প্ৰতি থকা নিজৰ দায়িত্ব পালন কৰিব চেষ্টা কৰিছোঁ। আমি বিভিন্ন ভাল ভাল বিষয়ৰ ওপৰত কবিতাৰ জৰিয়তেও মোৰ চেনেলত প্ৰকাশ কৰোঁ।"
আমিনুলে কয়; "অনুপ্ৰেৰণা বুলি কলে, মোৰ নিজৰ অনুপ্ৰেৰণা মই নিজেই। নিজকে সমালোচনা কৰোঁ। কেতিয়াবা কান্দো আৰু কেতিয়াবা হাহো। নিজকে বুজিবলৈ চেষ্টা কৰো। মোৰ মা দেউতাই মোক বহুত সমৰ্থন কৰে। এতিয়ালৈ চাকৰিৰ কাৰণে মোক হেঁচা প্ৰয়োগ কৰা নাই। স্বাধীন ভাবে নিজেই কাম কৰিব সুবিধা পাইছোঁ। বিভিন্ন ক্ষেত্ৰত, মোৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাগুৰু সকলে যথেষ্ট সহায় সহযোগিতা আগবঢ়াই। মোৰ গাঁৱৰ মানুহে মোক সহায় কৰে। নিৰ্দিষ্ট সীমাত মই ৰৈ থাকিব নিবিচাৰোঁ। বহুত ডাঙৰ কিবা এটা কৰাৰ হেঁপাহ আছে।"
আমিনুলৰ এই যাত্ৰাত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল। প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি আমিনুলে কয়; "আমাৰ সমাজখন সকৰিপ্ৰেমী সমাজ। চাকৰি কৰিলেহে মানুহ সফল। মানুহে মোক সুধিলে মই যেতিয়া কওঁ চুটিছবি নিৰ্মাণ কৰোঁ, তেতিয়া সোধে আৰু কি কৰা। চিনেমা বনোৱা, কবিতা, আদিবোৰ যেন কাম নহয়। কাম এটা হাতত লৈ তাক ধাৰাবাহিক ভাবে চলাই নিব পৰাটো আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি মই ভাবোঁ। বৰ্তমান এয়া আৰম্ভণিহে মাথোঁ আৰু আৰম্ভণিৰ সময়ত বিভিন্ন প্রত্যহ্বান সন্মুখত থাকে। যেনেকৈ আৰ্থিক সমস্যা, অভিনেতা সকলৰ বিভিন্ন সমস্যা এইবোৰো একো একোটা প্ৰত্যাহ্বান।"
 
জখলা প্ৰডাকচনৰ চুটিছবিৰ দৃশ্যগ্ৰহণৰ মুহূৰ্ত
 
ভৱিষ্যত পৰিকল্পনাৰ কথা উল্লেখ কৰি আমিনুল হকে কয়; "পৰিকল্পনা বহুত আছে। ইতিমধ্যে 'হ'প ন'টআউট' নামৰ চুটিছবি খনৰ দৃশ্যগ্ৰহন হৈ গ'ল। চলিত বৰ্ষত বহুকেইখন তথ্যচিত্ৰ নিৰ্মানৰ কথা ভাবিছোঁ। ভৰলুৰ ওপৰত এখন তথ্যচিত্ৰ, কাৰ্বি আংলঙৰ ওপৰত, পূৱ কামৰূপ মহাবিদ্যালয়ৰ ওপৰত, এনেকৈ বহু কেইখন চুটিছবি নিৰ্মান কৰাৰ চিন্তাচৰ্চা চলি আছে।"