স্কুল আৰু হোষ্টেল এৰি চাইকেল চলাই অভিলেখ গঢ়িলে গোৱালপাৰাৰ তানবীৰ ফিৰদৌছে

Story by  atv | Posted by  Munni Begum • 1 Years ago
চাইক্লিষ্ট তানবীৰ ফিৰদৌছ
চাইক্লিষ্ট তানবীৰ ফিৰদৌছ
মুন্নী বেগম / গুৱাহাটী 
 
এলবাৰ্ট আইনষ্টাইনৰ এষাৰ উক্তি আছে যে "জীৱনটো চাইকেল চলোৱাৰ দৰে, ভাৰসাম্য ৰক্ষা কৰিবলৈ মাত্ৰ গতি কৰি থাকিব লাগে।" এই কথাষাৰক প্ৰমাণিত কৰিছে এগৰাকী ব্যতিক্ৰমী চাইক্লিষ্ট তানবীৰ ফিৰদৌছে। গোৱালপাৰা জিলাৰ বাসিন্দা তানবীৰ ফিৰদৌছে বিভিন্ন বাধা নেউচি নিজৰ লক্ষ্য অটুট ৰাখি চাইকেল চলাই অসম বুক অব্ ৰেকৰ্ড আৰু ইণ্ডিয়া বুক অব্ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে।   
 
আৱাজ-দ্য ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চাইক্লিষ্ট তানবীৰ ফিৰদৌছে কয়, "মই খেলা ধূলা কৰি তথা চাইকেল চলাই খুব ভাল পাওঁ। মই ৭ বছৰ বয়সৰ পৰা চাইকেল চলোৱা আৰম্ভ কৰিছিলো। চাইকেল চলাই অভিলেখ গঢ়াৰ মোৰ এক সপোন আছিল। কিন্তু মোক মোৰ মা আৰু দেউতাই এই ক্ষেত্ৰত সমৰ্থন কৰা নাছিল। অন্য পিতৃ মাতৃৰ দৰে মোকো তেওঁলোকে পঢ়াৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ জোৰ দিছিল। কিয়নো মোৰ মা দেউতাই মই খেলা-ধূলা কৰাটো খুব এটা ভাল পোৱা নাছিল। তেওঁলোকে বিচাৰিছিল যে মই পঢ়া শুনা কৰি ভাল এটা কেৰিয়াৰ গঢ়াটো।" 
 
 
ছবিবৰ হুছেইন আৰু লাইলা মুছকুৰা বেগমৰ পুত্ৰ তানবীৰে এথলেটিক্‌ছত আগ্রহ প্রকাশ কৰিবলৈ লয়। স্কুলত পঢ়ি থাকোতেই তেওঁ অসম ভিত্তিক  দৌৰ প্ৰতিযোগিতাত ১১:৩৫ মিনিটত সময়ত ১০০ মিটাৰ দৌৰি স্থান দখল কৰিছিল। কিন্তু জিলাভিত্তিক দৌৰ প্রতিযোগিতাত তেওঁ বিফল হৈছিল। যাৰ বাবে তানবীৰৰ পঢ়া শুনাটো কিছু বিৰূপ প্রভাৱ পৰিছিল। সেই সময়তে 'খেলো ইণ্ডিয়া'ৰ তৰফৰ পৰা তানৱীৰলৈ আন এটা সুযোগ আহিছিল যদিও তনবীৰৰ দেউতাকে সমৰ্থন নকৰাৰ বাবে তেওঁ অংশগ্ৰহণৰ সুযোগ হেৰুৱাইছিল।   
তানবীৰে কয়, "মোক পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ উদ্দেশ্যে মোৰ দেউতাই মোক হোষ্টেলত ভৰ্তি কৰি দিছিল। কিন্তু মই কিছুদিন হোষ্টেলত থকাৰ পিছত এদিন হোষ্টেল এৰি ঘৰলৈ গুছি আহিছিলো। সেই সময়ত মোক দেউতাই ঘৰৰ পৰা ওলোৱা তথা খেলা ধূলা কৰা বন্ধ কৰি দিছিল। ইয়াৰোপৰি মোক স্কুল যোৱাও বন্ধ কৰি দিছিল। যাৰ ফলত মোৰ দুটাকৈ বছৰ নষ্ট হৈছিল। এনেকৈ থাকোতে এদিন চাইকেল চলাই নতুন ৰেকৰ্ড গঢ়াৰ কথা মোৰ মনলৈ আহিল। কিন্তু মই মা আৰু দেউতাক এই বিষয়ে একো জনোৱা নাছিলো। ২০২১ চনৰ কথা এদিন ৰাতিপুৱা মই চাইকেল লৈ অকলে ঘৰৰ পৰা ওলাই গৈছিলো আৰু দুয়োখন হাত বান্ধি পুৱা ৫ বজাত গোৱালপাৰাৰ আলছালাম হাস্পতালৰ পৰা আৰম্ভ কৰি ৬.৫৫ বজাত গন্তব্যস্থান 'ছ'লেচ নৰ্চিং হোমৰ চৌহদত উপস্থিত হৈছিলো। মই প্ৰায় ১ ঘণ্টা ৫৫ মিনিটত ৩.৯২ কিলোমিটাৰ চাইক্লিং কৰিছিলো। যাৰ বাবে মই আছাম বুক আৰু ৰেকৰ্ডছ'ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিলো।"
একেটা বছৰতে তনবীৰে চাইকেল চলাই ইণ্ডিয়া বুক অব্ ৰেকৰ্ড গঢ়িবলৈও সক্ষম হৈছিল। তানবীৰে কয়, "২০২১ চনৰ নৱেম্বৰ মাহত পুৱা ৪ বজাত গোৱালপাৰাৰ নৰনাৰায়ন সেতুৰ পৰা হেণ্ডেল নধৰাকৈ ৬ ঘন্টা ১০ মিনিটত (অর্থাৎ ১১.১০ বজালৈ) ১২৯ কিলোমিটাৰ হাউলী পাৰ হৈ বৰপেটালৈ মই চাইকেলেৰে যাত্রা আৰম্ভ কৰিছিলো কৰিছিলো। এই যাত্রাই ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ'ত স্থান লাভ কৰাত মোক সহায় কৰিছিল।" 
 
শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পৰা ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছৰ খিতাপ লাভ কৰিছে তানবীৰে 
 
আছাম বুক অব্‌ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছৰ খিতাপ অৰ্জন কৰাৰ পিছত তানবীৰে চাইকেল চলোৱাৰ লগতে নিজৰ অধ্যয়নো সুচাৰুৰূপে কৰি আহিছে। অলপতে তানবীৰে সেউজীয়া পৰিবেশ ৰক্ষা কৰি পৃথিৱীৰ সুৰক্ষা কৰা উদ্দেশ্য আগত ৰাখি 'pedal for exigency' বেনাৰত ৰ'দ-বৰষুণ নেওচি চাইকেল চলাই এক অক্লান্ত যাত্ৰা আৰম্ভ কৰিছিল।
একাদশ শ্ৰেণীৰ ছাত্ৰ তানবীৰে কয়, "মই সেউজীয়া পৰিবেশ ৰক্ষা কৰি পৃথিৱীৰ সুৰক্ষা কৰা উদ্দেশ্য আগত ৰাখি 'pedal for exigency'বেনাৰত চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছিলো। মোৰ একেৰাহে ৬০ দিন চাইকেল চলাইছিলো। মই দৈনিক ১৫ কিলোমিটাৰ চাইকেল চলাই এজোপাকৈ গছপুলি  ৰোপন কৰি গৈছিলো। এনেদৰে ৰাজ্যৰ বিভিন্ন জিলাত মই দুশৰো অধিক গছপুলি ৰোপন কৰিছিলো। মই বিচাৰিছিলো যে মোক দেখি যাতে আনৰো চাইকেল চলোৱাৰ প্ৰতি উৎসাহ জন্মে।"  
বৰ্তমান সময়ত চাইকেলৰ প্ৰচলন কমি গৈছে। মানুহে যিকোনো কামৰ বাবে পেট্ৰ'ল তথা ডিজেল চালিত দুচকীয়া তথা চাৰিচকীয়া বাহন একোখন লৈ ওলাই যায়। যাৰ বাবে ব্যাপক হাৰত প্ৰদূষণ হয়, যিয়ে পৰিবেশৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে।   
 
ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছৰ খিতাপ অৰ্জন কৰাৰ তানবীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে
 
এই সন্দৰ্ভত তানবীৰে কয়, "পেট্রল-ডিজেল পৰিচালিত যান-বাহনৰ পৰিৱৰ্তে চাইকেল ব্যৱহাৰৰ যোগেদি মই মানুহৰ মাজত পৰিবেশৰ স্বচ্ছতা আৰু ভাৰসাম্য ৰক্ষার্থে পতিয়ান নিয়াবলৈ চেষ্টা কৰি আছো। কিয়নো মই ভাৱো চাইকেল চলোৱা এটা ভাল অভ্যাস। বৰ্তমান সময়ত মানুহে যিকোনো কামৰ বাবে পেট্ৰ'ল-ডিজেল চালিত একো একোখন বাহন ব্যৱহাৰ কৰা দেখা যায়।" 
 
দুহাত বান্ধি চাইকেল চলোৱাৰ দৃশ্য (বাওঁফালে) আৰু গছপুলি  ৰোপন কৰিছে তানবীৰে (সোঁফালে)
 
তানবীৰে কয়, "ইয়াৰোপৰি যদি আমি  ট্ৰেফীক ছিগনেলত ফচি যাও তেন্তে আমাৰ বানহনৰ পৰা কাৰ্বনমনো অক্সাইড নিৰ্গত হয়। যিয়ে আমাৰ শৰীৰত কৰ্কট ৰোগৰ সৃষ্টি কৰাৰ আশংকা থাকে। কিন্তু তেনেকুৱা ক্ষেত্ৰত আমি ৰাজহুৱা বাহনো ব্যৱহাৰ কৰিব পাৰো। যাৰ ফলত সময় আৰু ইন্ধনৰ লগতে ধনৰো যথেষ্ট ৰাহি হব। তদুপৰি চাইকেল চলালে আমাৰ শৰীৰৰ তেজৰ চলাচল অধিক হয়, আই কিউ লেভেল বৃদ্ধি হয় আৰু আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি পায়।"