অংশু-শ্বোয়েবৰ বন্ধুত্বই দিল্লীৰ জাহাংগীৰপুৰীৰ উচ্ছেদক নতুন ৰূপ দিছে

Story by  atv | Posted by  Munni Begum • 1 Years ago
 শ্বোয়েব আৰু অংশু
শ্বোয়েব আৰু অংশু
মালিক আচগৰ হাছমী / নতুন দিল্লী  

যি সময়ত ৰাজধানী দিল্লীৰ জাহাংগীৰপুৰীত দাঙ্গাৰ পিছত অব্যাহত থকা উচ্ছেদ অভিযানক লৈ বহুতো প্ৰশ্ন  উত্থাপন হৈছে, সেই সময়তে অংশু আৰু শ্বোয়েবৰ মাজত থকা ঘনিষ্ঠ বন্ধুত্বৰ সম্পৰ্কই এই উচ্ছেদ অভিযানক এক নতুন ৰূপ দিছে। উল্লেখ্যযোগ্য যে অংশু এজন হিন্দু ধৰ্মালম্বী আৰু শ্বোয়েব হৈছে ইছলাম ধৰ্মালম্বী যুৱক।  
 
জাহাংগীৰপুৰীৰ উচ্ছেদ অভিযানৰ পিছত অংশুৱে তেওঁৰ ঘনিষ্ঠ বন্ধু শ্বোয়েবক সাক্ষাৎ কৰিছিল আৰু শ্বোয়েবলৈ চাই খঙত কৈছিল, "আমি এনে কাম কৰিছো যি কামৰ বাবে আমি আমাৰ মুখ উলাব নোৱাৰা হৈ গৈছো। আমাৰ কামৰ বাবে এতিয়া শ্বোয়েবে মোক শত্ৰু বুলি গণ্য কৰিব আৰু মইও শ্বোয়েবক শত্ৰু বুলি গণ্য কৰিম।"   
কথা পাতি  থকা সময়ত অংশুৰ হৃদয়ে শ্বোয়েবৰ কষ্ট অনুভৱ কৰিব পাৰিছিল। অংশুৱে কয়, "মই উচ্ছেদ অভিযানৰ বিষয়ে একো জনা নিছিলো। মই পলমকৈ আহিছিলো। যদি মই জানিলোহেঁতেন,  তেন্তে মছজিদটো ভাঙিব নোৱাৰিলোহেঁতেন। ই অকলে বাধা দিলোহেঁতেন। তেওঁলোকে মন্দিৰ ভাগিব যাওঁতে যিদৰে মই মন্দিৰৰ সন্মুখত থিয় হৈছিলো, একেদৰে মছজিদৰ সন্মুখতো থিয় হৈ গ'লোহেঁতেন।"     
উল্লেখ্য যে জাহাংগীৰপুৰীত বেদখল মুক্ত কৰিবলৈ উচ্ছেদ অভিযান চলোৱা পৌৰ নিগমৰ দলটোৱে মছজিদৰ কথিত অ-ন্যায্য অংশটো ভাঙি পেলাইছিল। একাংশ লোকে অভিযোগ কৰিছে যে প্ৰতিশোধৰ বাবে মছজিদৰ সন্মুখৰ অংশটো ভাঙি পেলোৱা হৈছে।     
দৰাচলতে, জাহাংগীৰপুৰীত বাস কৰা অংশু আৰু শ্বোয়েব শৈশৱকালৰে বন্ধু। যদিও দুয়োৰে ধৰ্ম ভিন্ন, তেওঁলোকৰ মাজৰ ঘনিষ্ঠতা অতি গভীৰ। শ্বোয়েবৰ পথৰ কাষত এখন সৰু দোকান আছে। আনহাতে অংশুৰ বজাৰত এখন দোকান আছে। দুয়োৰে বয়স প্ৰায় ২২-২৫ বছৰ। 
 
 দিল্লীৰ জাহাংগীৰপুৰীৰ উচ্ছেদ অভিযানৰ এক দৃশ্য
 
কথোপকথনত অংশুৱে কয়, "যদি আমি দুয়ো কৰবাত কিবা কাম কৰিবলৈ যাওঁ, তেন্তে  আমি ইজনে সিজনৰ দোকান পৰিচালনাৰ দ্বায়িত্বত পালন কৰো। দোকানখনৰ ওপৰতে এটা সৰু কোঠা আছে। অংশুৱে কয় যে যেতিয়া তেওঁৰ মাক দেউতাক গাওঁলৈ যায়। তেতিয়া দুয়ো এই কোঠাটোত একেলগে থাকে। একেলগে খোৱা বোৱা কৰে।    
হনুমান জয়ন্তীৰ দিনা দিল্লীৰ জাহাংগীৰপুৰীত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পিছত দিল্লীৰ পৌৰ নিগমে চলোৱা উচ্ছেদ অভিযানে অংশু আৰু শ্বোয়েব হতাশ হৈ পৰিছে। তেওঁলোকে কয় যে এই ঘটনাই সমগ্ৰ সামাজিক পৰিৱেশ নষ্ট কৰিছে। আমি সকলোৱে ইয়াত বছৰ বছৰ ধৰি একেলগে বসবাস কৰি আহিছো। এই পৰিৱেশতে শ্বোয়েব আৰু অংশুৰ বন্ধুত্ব বিকশিত হৈছিল। এই ঘটনাবোৰৰ পিছত, তেওঁলোকে ভাবে যে বৰ্তমানৰ পৰিস্থিতি বহু সলনি হৈছে। 
সামাজিক মাধ্যমত অংশু আৰু শ্বোয়েবৰ বন্ধুত্বৰ কাহিনীয়ে বিভিন্ন জনৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছে। টুইটাৰত অংশু আৰু শ্বোয়েবৰ বন্ধুত্বৰ এক ভিডিঅ শ্বেয়াৰ কৰাত ব্যৱহাৰকাৰীয়ে ইতিবাচক মন্তব্য কৰিছে। এগৰাকী টুইটাৰ ব্যৱহাৰকাৰী বিক্ৰমে টুইটত কয়, "এয়া ই হৈছে ভাৰতৰ সৌন্দৰ্য।" 
 
দিল্লীৰ জাহাংগীৰপুৰীৰ দাঙ্গাৰ এক দৃশ্য
অমন সিঙে লিখিছে, "বন্ধুত্ব সুৰক্ষিত হওক।" তেওঁলোকৰ এজনে শ্বোয়েবৰ প্ৰতি অংশুৰ আন্তৰিকতাৰ প্ৰশংসা কৰি লিখিছে, "ভাতৃৰ চকুত বেদনা স্পষ্টকৈ ফুটি উঠিছে।" শ্যামমিৰ সিঙে লিখিছে, "অংশু আমাৰ নায়ক। অংশুৰ দৰে শিশুৰ এটা শ্ৰেণী আছে।"