কল খেতি আৰু দিলবাৰৰ স্বাৱলম্বীতা

Story by  atv | Posted by  [email protected] • 1 Years ago
কৃষক দিলবাৰ হুছেইন
কৃষক দিলবাৰ হুছেইন
মুন্নী বেগম/গুৱাহাটী
 
যত্ন কৰিলে ৰত্ন পায় আৰু কষ্ট কৰিলে ফল পায় বুলি এষাৰ উক্তি আছে। এই উক্তিক কৰ্মৰ জৰিয়তে সঠিক প্ৰমাণিত কৰিছে গোৱালপাৰাৰ এজন যুৱকে। চৰকাৰী চাকৰিৰ অপেক্ষাত নাথাকি তেওঁ কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগতে আনৰ সন্মুখত এক আদৰ্শ দাঙি ধৰিছে। যুৱকজন হৈছে স্নাতক ডিগ্ৰীৰ লগতে ডি ইল ইডি ডিপ্লোমাধাৰী গোৱালপাৰাৰ দিলবাৰ হুছেইন। ঋতু অনুযায়ী সকলো ধৰণৰ খেতিৰ কৰাৰ লগতে তেওঁ এখন প্ৰকাণ্ড মালভোগ কলৰ বাগনো স্থাপন কৰিছে।  
 
 
'আৱাজ-দ্যা ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৃষক দিলবাৰ হুছেইনে কয়, "মই চৰকাৰী তথা ব্যক্তিগত খণ্ডত চাকৰি কৰাৰ কথা কেতিয়াও ভবা নাছিলো। সৰুৰে পৰাই মই কৃষি কৰ্মৰ প্ৰতি আকৰ্ষিত আছিলো। কিয়নো, মোৰ ককা-আজোককাহত কৃষিৰ সৈতে জড়িত হৈ আছিল। যেতিয়া মোৰ ককা আৰু দেউতাই খেতি পথাৰলৈ গৈছিল, তেতিয়া মইও তেওঁলোকৰ সৈতে খেতি পথাৰলৈ গৈছিলো আৰু তেওঁলোকক সহায় কৰি দিছিলো। তেনেকৈ লাহে লাহে মইও কৃষি ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰিছিলো। মই ঋতু অনুযায়ী সকলো ধৰণৰ শাক, পাচলিৰ খেতি কৰি আহিছো, যদিও এইবেলি মই বিশেষভাৱে মালভোগ কলৰ খেতি কৰিছোঁ। মই প্ৰায় ৩ বিঘা ভূমিত মালভোগ কলৰ পুলি ৰোপন কৰিছো।" 
 
দিলবাৰ হুছেইনৰ মালভোগ কল আৰু মৰাপাট খেতি
 
শাক-পাচলি তথ অন্য খেতিৰ তুলনাত কল খেতিত অতি সহজ। অতি কম খৰচতে আৰু অতি কম সময় ব্যৱহাৰ কৰি কৰা কল খেতিৰে অধিক ধন উপাৰ্জন কৰিব পাৰি।
 
কৃষক দিলবাৰে কয়, "কল খেতিত অধিক সময় দিব নালাগে আৰু কষ্টও যথেষ্ট কম হয়। মই তিনি বিঘা ভূমিত ১০০০ কলপুলি ৰোপন কৰিছো। কলপুলি ৰোপন কৰিবলৈ বিশেষ পদ্ধতি অনুসৰন কৰিব লাগে। প্ৰতিজোপা কলপুলি ৰোপন কৰাৰ বাবে ৪ ৰ পৰা ৬ ফূট পৰ্যন্ত দৈৰ্ঘ্যৰ ব্যৱধানত এক ফুট দ'কৈ গাত খান্দিব লাগে। তাৰ পিছত গাতত জৈৱিক সাৰ আৰু পটাছ দিব লাগে। পিছত ভালদৰে কলপুলিবোৰ ৰোপন ব্ৰিব লাগে।গ্বাৰিষা সময়ত কলপুলিৰ গুৰিত পানী যোগান ধৰিব নালাগে। যিহেতু মই ৰোপন কৰাত কিছু পলম হৈছে সেয়েহে মই কলপুলিসমূহত এসপ্তাহ তথা ১৫ দিনৰ বিৰতিত পানী যোগান ধৰাৰ লগতে শুকাই যোৱা পাতবোৰ কাটি বাগানখন পৰিস্কাৰ কৰি থাকো। আমি জানো যে কল এনে এবিধ উদ্ভিদ যিয়ে এবাৰ ফল দি মৰি যায়। সেয়ে পিছলৈ মই ফল দিয়া কলগছবোৰ কাটি পেলাই দিয়াৰ বিপৰীতে সেইবোৰৰ পৰা কলাখাৰ প্ৰস্তুত কৰাৰো এক পৰিকল্পনা কৰিছো।"  
 
 
কৃষক দিলবাৰ হুছেইনে কৰা বাদামৰ খেতি
 
কৃষক দিলবাৰৰ মতে খেতি মাটিত অধিক সাৰ প্ৰয়োগ কৰিলে কৃষিভূমি নষ্ট হয়। যাৰ ফলত কৃষিভূমিৰ উৎপাদন ক্ষমতা ক্ৰমান্বয়ে হ্রাস পায়। সেয়েহে তেওঁ মাত্ৰ গোৱৰ সাৰ ব্যৱহাৰেৰে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰি আহিছে।  
 
কৃষক দিলবাৰে কয়, "মই কলখেতিৰ লগতে জলকীয়া, বাদাম, সৰিয়হ, মূলা, কবি, মাটিমাহ আদিৰ খেতি কৰিছো। যিহেতু উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বাধিক জলকীয়া খেতি বিলাসীপাৰাত হয়। ইয়াৰোপৰি জলকীয়া খেতি অতি লাভজন ব্যৱসায় হয়। এবিঘা ভূমিত প্ৰতি ৩ মাহত ৫০ কুইণ্টলকৈ জলকীয়া উৎপাদন হয়। বিগত বৰ্ষত এবাৰত জলকীয়া খেতি কৰি ১ লাখকৈ টকা উপাৰ্জন কৰিছো। সেয়েহে এইবাৰ মই তিনি বিঘা ভূমিত জলকীয়া খেতি কৰিছো। তদুপৰি মই ঋতু সলনি হলে মৰাপাট বা অন্য খেতিও কৰিম।"  
 
কৃষক দিলবাৰ হুছেইনৰ জলকীয়া খেতি
 
উচ্চ শিক্ষিত যুৱ কৃষক দিলবাৰ হুছেইনৰ জীৱনৰ সফলতাৰ মূলমন্ত্ৰ হৈছে কঠোৰ পৰিশ্ৰম। "মোৰ মতে পঢ়া শুনা কৰি চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি থকাটো বা চৰকাৰী চাকৰি কৰাটোৱে জীৱনৰ লক্ষ্য কৰি লোৱাটো একেবাৰে ভূল ধাৰণা। কিয়নো বিশ্বৰ প্ৰতিগৰাকী ধনী তথা সফল ব্যক্তিয়ে চৰকাৰী চাকৰি কৰি সফলতা অৰ্জন কৰা নাই। আমি উচ্চ শিক্ষা গ্ৰহণ কৰি ব্যৱসায় তথা কৃষিকৰ্মৰ জৰিয়তে জীৱনত সফলতা অৰ্জন কৰিব পাৰো। বহু শিক্ষিত যুৱক-যুৱতী আছে যিসকলে উচ্চ শিক্ষা গ্ৰহণ কৰি কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ ঢাপলি মেলা দেখা যায়। তেওঁলোকে বহিঃৰাজ্যলৈ যোৱাৰ বিপৰীতে স্বগৃহতে থাকি কৃষি কৰ্মত আত্মনিয়োগ কৰিলে আত্মনিৰ্ভৰশীল হ'ব পাৰিব। কিছু সময় আৰু কষ্টৰ প্ৰয়োজন হ'ব, যদিও প্ৰতিগৰাকী যুৱকে আত্মনিৰ্ভৰশীল হোৱাৰ লগতে আনকো কৰ্মসংস্থাপনৰ বাট মোকলাই দিব পাৰিব।" দিলবাৰে কয়।  
 
উল্লেখ্য যে, অসম এখন কৃষি প্ৰধান ৰাজ্য। অসমৰ জলবায়ু কৃষিৰ বাবে অতি উপযুক্ত। কিন্তু অতি পৰিতাপৰ কথা যে ইমানৰো পিছত অসমৰ কৃষকৰ অৱস্থা অতি দূৰ্ভাগ্যজনক। 
কৃষক দিলবাৰ হুছেইনে কয়, "অসম এখন কৃষি প্ৰধান ৰাজ্য। অসমৰ জলবায়ু কৃষিৰ বাবে অতি উপযুক্ত। কিন্তু ইমানৰো পিছত অসমৰ কৃষকৰ অৱস্থা অতি দূৰ্ভাগ্যজনক। পাঞ্জাবৰ কৃষকসকলৰ তুলনাত অসমৰ কৃষকৰ অৱস্থা অতিকৈ পুতৌ লগা। মই ভাৱো কৃষকসকলক আগুৱাই যোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা কেন্দ্ৰ চৰকাৰে সহায়ৰ হাত আগবঢ়াব লাগিব। কৃষক সকলৰ বাবে ৰূপায়ণ কৰা চৰকাৰী আঁচনিসমূহ সফলভাৱে কাৰ্যকাৰী কৰিব লাগিব তেতিয়াহে ৰাজ্য কৃষিক্ষেত্ৰখন উন্নতিৰ দিশে আগুৱাই যাব আৰু কৃষকসকলে সকাহ লাভ কৰিব। ইয়াৰোপৰি অসমখনক অৰ্থনৈতিকভাৱে স্বাবলম্বী আৰু সমগ্ৰ ভাৰতৰ ভিতৰত শীৰ্ষ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ হ'লে চৰকাৰে কৃষি ক্ষেত্ৰখনৰ ওপৰত গুৰুত্ব প্ৰাদান কৰিব লাগিব।"