'ভগৱানলৈ চিঠি', 'টকা কাক নালাগে', 'গুৰু'...আমিনুলৰ নতুন ছবি

Story by  atv | Posted by  [email protected] • 1 Years ago
তথ্যচিত্ৰত অভিনয়ৰ সময়ত আমিনুল হক
তথ্যচিত্ৰত অভিনয়ৰ সময়ত আমিনুল হক
আৰিফুল ইছলাম / গুৱাহাটী
 
সময়োপযোগী চুটি ছবিৰে সমাজক ইতিবাচক বাৰ্তা দিবলৈ প্ৰয়াস কৰা উচ্চশিক্ষিত যুৱক আমিনুল হকে নতুন পৰিকল্পনা হাতত লৈছে। বহু যুৱকৰ বাবে অনুপ্ৰেৰণাৰ উৎস বাইহাটা চাৰিআলিৰ প্ৰতিভাৱান যুৱকজনে বিভিন্ন প্ৰত্যাহ্বান নেওচি চিনেমা জগতত নিজৰ সপোন পূৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
 
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰি সৃষ্টিশীল কাম-কাজৰ সৈতে জড়িত হৈ পৰা আমিনুলে সম্প্ৰতি বাইহাটা চাৰিআলিত অৱস্থিত পূৱ কামৰূপ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে এখন তথ্যচিত্ৰ নিৰ্মাণৰ কাম কৰি আছে। পূৱ কামৰূপ মহাবিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰজনে ইতিমধ্যে তথ্যচিত্ৰখনৰ চিত্ৰগ্ৰহণৰ কাম সমাপ্ত কৰিছে। মহাবিদ্যালয় খনৰ ৫০ বছৰীয়া ইতিহাস সামৰি নিৰ্মাণ কৰি থকা তথ্যচিত্ৰখন নাম ৰখা হৈছে  'গোল্ডেন ৫০'।
ইয়াৰোপৰি, তেওঁ ৩খন নতুন চুটি ছবিৰ কাম হাতত লৈছে। প্ৰথমখন চিনেমা কাল্পনিক চৰিত্ৰ এটাৰ ওপৰত নিৰ্মাণ কৰা হ'ব। 'টকা কাক নালাগে' শীৰ্ষক কাল্পনিক চৰিত্ৰৰ ওপৰত প্ৰস্তুত কৰা হ'ব। টকা অবিহনে মানুহৰ কি অৱস্থা হ'ব পাৰে বা টকা অবিহনে পৃথিৱীখন কেনেকুৱা হ'ব, তাৰে ওপৰত নিৰ্মাণ কৰা হ'ব। 
দ্বিতীয়খন চিনেমা সমাজত চলি থকা লেতেৰা ৰাজনীতি আৰু ধৰ্মীয় বিভাজনৰ বলি হোৱা চৰিত্ৰ এটাৰ ওপৰত নিৰ্মাণ কৰা হ'ব। ইয়াৰ মুখ্য চৰিত্ৰটোৱে সমাজৰ এইবোৰ লেতেৰা বিভাজন বা ৰাজনীতিৰ বলি হৈ ভগৱানলৈ চিঠি লিখিব। চিনেমাখনৰ নাম হ'ব 'ভগবানলৈ চিঠি'। 
আমিনুলৰ তথ্যচিত্ৰত অভিনয় কৰা যুৱক-যুৱতীসকল
 
তৃতীয়খন চিনেমা হ'ব এজন অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকৰ ওপৰত। দৰমহা নোপোৱাকৈ এজন শিক্ষকে কিদৰে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰে। তেওঁৰ জীৱনটো কিমান কঠিন, তাৰে ওপৰত নিৰ্মাণ কৰা হ'ব 'গুৰু' নামৰ চিনেমাখন।
‘আৱাজ দ্য ভইচ’ৰ সন্মুখত আমিনুল হকে কয়; "জখলা প্ৰডাকচনে মানুহৰ অন্তৰত স্থান পাবলৈ সক্ষম হৈছে। যিসকলে মোৰ চিনেমাবোৰ চোৱা নাই তেওঁলোকৰ কথা নকওঁ। কিন্তু  যিসকলে চাইছে তেওঁলোকৰ অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা বুলি মই ভাবোঁ। মোৰ শেহতীয়া চিনেমাখনকলৈ মই যিমান কল্পনা কৰিছিলোঁ, মই সেইখিনি দৰ্শকৰ পৰা পাইছোঁ। ইউটিউবত লাখ লাখ দৰ্শকে চাব বুলি মই কেতিয়াও আশা কৰা নাই বা আশা কৰাটো ভুল হ'ব। কিন্তু যিসকলে চাইছে সকলোৱে আদৰি লৈছে আৰু 'ডেউকা' শীৰ্ষক যিটো গান প্ৰস্তুত কৰিছিলোঁ, সেইটো মানুহে বহুত ভাল পাইছে। যিটো তেওঁলোকৰ অন্তৰত স্থান পাইছে জখলা প্ৰডাকচনে। চিনেমাখন আমি এতিয়ালৈ ৩ ঠাইত প্ৰদৰ্শন কৰিছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগটো প্ৰদৰ্শন কৰিছিলোঁ। সকলোৱাৰ আদৰি লৈছে। অহা মাহত নলবাৰী চামতাৰ কামৰূপ মহাবিদ্যালয়তো প্ৰদৰ্শন কৰা হ'ব।"
"প্ৰত্যাহ্বান আগতেও আছিল আৰু এতিয়াও আছে। আৰ্থিক প্ৰত্যাহ্বান সদায়েই আছে। কিন্তু যিবোৰ মানুহে মোক সমৰ্থন কৰা নাছিল বা মোৰ কামবোৰ বুজি পোৱা নাছিল, তেনেকুৱা লোকৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে। কামবোৰ কষ্ট কৰি সম্পন্ন কৰাৰ পিছত মানুহে আঁকোৱালি ল'লে ভাল লাগে। গতিকে আশা কিছুমান আগত ৰাখি কাম কৰি আছোঁ আৰু কৰি যাম", প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি আমিনুল হকে কয়।
 
গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগত আমিনুলৰ তথ্যচিত্ৰ প্ৰদৰ্শন
 
ইতিমধ্যে আমিনুলে নিজৰ ইউটিউব চেনেল 'জখলা প্ৰডাকচন'ত বহু কেইখন চুটিছবি নিৰ্মাণ কৰি ৰাইজৰ সমাদৰ লাভ কৰিছে। সমাজত চলি থকা বিভিন্ন অন্ধবিশ্বাস, যুৱ সমাজক ধ্বংসৰ পথলৈ ঠেলি দিয়া মাদক দ্ৰব্য, ড্ৰাক্স, আদি বিভিন্ন বিষয়ৰ ওপৰত চুটি ছবি নিৰ্মাণ কৰিছে আমিনুল হকে।
 
উল্লেখযোগ্য যে, আমিনুল হকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই চুটি ছবি নিৰ্মাণৰ আৰম্ভণি কৰিছিল। গণসংযোগ আৰু সাংবাদিকতা বিভাগত চুটিছবি পাঠ্যক্ৰমৰ অন্তৰ্গত আছিল। সকলোবোৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে আমিনুলেও চুটিছবি নিৰ্মাণ কৰিছিল। অসমৰ চৰ চাপৰি অঞ্চলৰ ওপৰত আমিনুলে ছাত্ৰ অৱস্থাত প্ৰথম তথ্যচিত্ৰ নিৰ্মান কৰিছিল।