উদ্ধাৰ হ'ল অসমৰ পৰ্বতাৰোহী দীপশিখা হাজৰিকা আৰু মেঘালয়ৰ টিকলু জ্যৰৱাৰ মৃতদেহ

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
দীপশিখা হাজৰিকা
দীপশিখা হাজৰিকা
গুৱাহাটী
 
শনিবাৰে অসম আৰু মেঘালয়ৰ নিৰুদ্দেশ হৈ থকা পৰ্বতাৰোহী ক্ৰমে দীপশিখা হাজৰিকা আৰু টিকলু জ্যৰৱাৰ মৃতদেহ উদ্ধাৰ হয়। শনিবাৰে উত্তৰাখণ্ডৰ উত্তৰকাশীলৈ উদ্ধাৰ কৰি অনা সাতজনৰ ভিতৰত আছিল দীপশিখা আৰু জ্যৰৱাৰ মৃতদেহ। এই পৰ্যন্ত ১১টা মৃতদেহ উত্তৰকাশীলৈ স্থানান্তৰ কৰা হৈছে।
 
উত্তৰাখণ্ড আৰক্ষীয়ে যোৱা ৫ অক্টোবৰত উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ দ্ৰৌপদী কা দণ্ডা-দ্বিতীয় শৃংগত ১৭ হাজাৰ ফুটত বৃহৎ হিমস্খলনত সন্ধানহীন হোৱা অসমৰ দীপশিখাকে ধৰি ১১খন ৰাজ্যৰ ২৯ গৰাকী প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহীৰ তালিকা প্ৰকাশ কৰিছিল।
 
তালিকা অনুসৰি অসমৰ দীপশিখা হাজৰিকা নামৰ এগৰাকী ছোৱালী আনৰ লগতে সন্ধানহীন হৈ আছিল। গুৱাহাটীৰ ৰাজগড়ৰ বাসিন্দা আছিল দীপশিখা।
উত্তৰকাশীস্থিত নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেইনিং, চমুকৈ এন আই এমৰ, ৪১ জনীয়া এটা দলৰ অংশ আছিল প্ৰশিক্ষাৰ্থীসকলে ৪ অক্টোবৰত তেওঁলোকৰ উন্নত প্ৰশিক্ষণ পাঠ্যক্ৰমৰ অংশ হিচাপে শিখৰটো আৰোহণ কৰি নিজৰ প্ৰশিক্ষকৰ সৈতে উভতি অহাৰ সময়ত হিমস্খলনৰ ভুক্তভোগী হৈছিল।
এন আই এমৰ প্ৰধান কৰ্ণেল অমিত বিষ্টে সংবাদ মাধ্যমক জনোৱা মতে, ৪ অক্টোবৰত ১০ টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল, ইয়াৰে চাৰিটা মৃতদেহ স্থানান্তৰ কৰা হৈছিল।
 
বেয়া বতৰে বাৰে বাৰে বাধাৰ সৃষ্টি কৰিছিল উদ্ধাৰ কাৰ্যকলাপত।
২৩ ছেপ্টেম্বৰত আৰোহণৰ বাবে উত্তৰকাশীলৈ ৰাওনা হোৱা গোটটো মঙলবাৰে পুৱা ৯ বজাত ১৬ হাজাৰ ফুট উচ্চতাত দলটোত হিমস্খলনৰ ফলত আবদ্ধ হৈ পৰিছিল।
হিমালয়ত মৃত্যু হোৱা অসমৰ তৃতীযল্গৰকী পৰ্বতাৰোহী দীপশিখা। ১৯৭৯ চনৰ ৫ অক্টোবৰত ৬৯৪০ মিটাৰ উচ্চতাৰ কেদাৰনাথ ড’ম শৃংগৰ পৰা উভতি অহাৰ পথত ৰোহিনী কুমাৰ ভূঞাই বৰফৰ ধুমুহাত মৃত্যুক সাৱটি লৈছিল। ২০১২ চনত ৬১৬২ মিটাৰ উচ্চতাৰ গেংষ্টাং ছামিট অভিযানত উচ্চ উচ্চতাত অসুস্থ হৈ মৃত্যুমুখত পৰে পৰ্বতাৰোহী ৰবীন্দ্ৰ লাল দাস।

বাকী তিনিজন নিৰুদ্দেশ পৰ্বতাৰোহীৰ সন্ধান আৰু উদ্ধাৰ অভিযান এতিয়াও চলি আছিল।