২৮০ দিনত ৮,৬৪০ কিলোমিটাৰ খোজকাঢ়ি মক্কাত হজ কৰাৰ সাহসিক প্ৰচেষ্টা

Story by  atv | Posted by  Munni Begum • 1 Years ago
খোজকাঢ়ি মক্কাত হজ কৰাৰ বাবে যাত্ৰা আৰম্ভ কৰিছে  শিহাব চিট্টুৰে
খোজকাঢ়ি মক্কাত হজ কৰাৰ বাবে যাত্ৰা আৰম্ভ কৰিছে শিহাব চিট্টুৰে
আৰিফুল ইছলাম / গুৱাহাটী
 
এটা সময় আছিল, যেতিয়া মানুহে বহু মাইল ধৰি খোজকাঢ়ি যাতায়ত কৰিছিল। কিন্তু আজিৰ সময়ত সেয়া সম্ভৱ নহয়। আজি আমি আপোনালোকক এনে এগৰাকী ব্যক্তিৰ বিষয়ে ক’ম যিয়ে খোজকাঢ়ি এক বা দুই কিলোমিটাৰ নহয়, কেইবা হাজাৰ কিলোমিটাৰ খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছে। এই ব্যক্তিগৰাকীৰ সাহসক সকলোৱে শলাগিবলৈ বাধ্য হৈছে। ইয়াৰ বাবে দৃঢ় বিশ্বাস আৰু সাহসৰ প্ৰয়োজন।
 
জীৱনত এবাৰ হ'লেও হজ যাত্ৰাত যোৱাটো প্ৰতিজন মুছলমান লোকৰ এক ডাঙৰ সপোন। জলপথ বা বিমান যাত্ৰাৰে কম সময়ৰ ভিতৰতে হজযাত্ৰীসকলে হজ সম্পূৰ্ণ কৰে আৰু ঘৰলৈ উভতি অহাৰ বাবেও আগতীয়াকৈ টিকটৰো ব্যৱস্থা কৰে। কিন্তু এগৰাকী ব্যক্তিয়ে খোজকাঢ়ি হজলৈ যোৱাৰ অপৰিসীম সাহস আৰু দৃঢ়তা দেখুৱাইছে। কেৰেলাৰ বাসিন্দা এই ব্যক্তিগৰাকীৰ নাম হ'ল শিহাব চিট্টুৰ। অহা বৰ্ষৰ হজলৈ লক্ষ্য ৰাখি তেওঁ ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে।
 
 
কথাতে কয় যেতিয়া উদ্দেশ্য দৃঢ় আৰু শক্তিশালী হয় তেতিয়া কোনো গন্তব্যস্থান দূৰ নহয়।  লাহে লাহে প্ৰতিটো গন্তব্যস্থান সহজ হ’বলৈ আৰম্ভ কৰে। যথেষ্ট সাহস আৰু দৃঢ় উদ্দেশ্যৰে কেৰেলাৰ পৰা মক্কালৈ ৰাওনা হৈছে শিহাব। তেওঁ খোজকাঢ়ি যাত্ৰা কৰি ২০২৩ চনৰ আগতে মক্কাত উপস্থিত হ'ব বুলি আশা কৰিছে। শিহাবে কয় যে বহু কেইখন দেশৰ মাজেৰে পাৰ হৈ মক্কাত উপস্থিত হ’বৰ বাবে তেওঁ বহুবাৰ দূতাবাসৰ কাৰ্য্যালয়ত গৈ থাকিবলগীয়া হৈছিল।
২৯ বছৰীয়া যুৱকজনে কেৰেলাৰ পৰা যাত্ৰা আৰম্ভ কৰি ইতিমধ্যে ভাৰতৰ বহু ৰাজ্য পাৰ কৰিছে। পাকিস্তান, ইৰাক, ইৰাণ, কুৱেইট আদি দেশৰ মাজেৰে  যাত্ৰা কৰি তেওঁ গন্তব্যস্থান চৌদি আৰৱৰ পবিত্ৰ চহৰ মক্কাত উপস্থিত হ'ব। ইয়াৰ বাবে প্ৰস্তুতি চলাবলৈ শিহাবক ৬ মাহতকৈ অধিক সময় লাগিছে। এই যাত্ৰাৰ বাবে তেওঁ কেৰেলাৰ পৰা দিল্লীলৈ বহুবাৰ অহা-যোৱা কৰিবলগীয়া হৈছিল। খোজকাঢ়ি হজ যাত্ৰাৰ বিষয়ে উল্লেখ কৰি শিহাবে কয় যে; "মোৰ সৰুৰে পৰা খোজকাঢ়ি হজলৈ যোৱাৰ হেঁপাহ আছিল।" তেওঁ আশা কৰিছে যে অতি সোনকালেই তেওঁ নিজৰ গন্তব্যস্থানত উপনীত হ’ব। উল্লেখ্য যে, এই যাত্ৰাপথত শিহাবক বন্ধু আৰু সমৰ্থকে সহায় কৰিছে। 
কেৰালাৰ পৰা মক্কালৈ কোজকাঢ়ি যোৱাটো সহজসাধ্য নহয়, যদিও তেওঁ এই দূৰত্ব সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। নেদেখাজনৰ আশীৰ্বাদত শিহাবে ৮৬৪০ কিলোমিটাৰ দৈৰ্ঘ্য অতিক্ৰম কৰি পৱিত্ৰ মক্কাত হজ পালন কৰিব পাৰিব বুলি আত্মবিশ্বাসী। যোৱা ২ জুনত তেওঁ হজ যাত্ৰা আৰম্ভ কৰিছিল। ৪৭ টা দিনত তেওঁ বহু পথ অতিক্ৰম কৰি এতিয়া গুজৰাটত উপস্থিত হৈছে। 
 
খোজ কাঢ়ি মক্কাৰ দিশে অগ্ৰসৰ হোৱা শিহাবক তেওঁৰ পৰিয়াল, বন্ধু -বান্ধৱীকে ধৰি অসংখ্য লোকে সমৰ্থন আগবঢ়াইছে
 
২৮০ দিনত ৮৬৪০ কিলোমিটাৰ খোজকাঢ়িব পাৰিব বুলি তেওঁ আশা কৰিছে। প্ৰতিদিনে ২৫ কিলোমিটাৰ খোজ কাঢ়ি মক্কাৰ দিশে অগ্ৰসৰ হোৱা শিহাবক তেওঁৰ পৰিয়াল, বন্ধু -বান্ধৱীকে ধৰি অসংখ্য লোকে সমৰ্থন কৰিছে। তেওঁ পিঠিত ১০ কেজি ওজনৰ বেগ লৈ খোজকাঢ়ি আগবাঢ়িছে।