সামৰিক পোছাকে সদায় আকৰ্ষিত কৰিছিল কেপ্টেইন চাৰিয়াক

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
এল এ চিত এল 70 ৰ সন্মুখত কেপ্টেইন চাৰিয়া আব্বাচী
এল এ চিত এল 70 ৰ সন্মুখত কেপ্টেইন চাৰিয়া আব্বাচী
নতুন দিল্লী

ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি) ত পহৰা দিয়া কেপ্টেইন চাৰিয়া আব্বাচী উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ এগৰাকী মহিলা। যিগৰাকীয়ে শৈশৱৰ পৰাই সেনাৰ পোছাক পৰিধান কৰাৰ সপোন দেখিছিল।

ছ'চিয়েল মিডিয়াত ভাৰতীয় সেনা বিষয়া আব্বাচীক এটা এল-৭০ বন্দুকৰ সন্মুখ দেখুওৱা হৈছে। তেওঁ আৰ্মি এয়াৰ ডিফেন্স ৰেজিমেণ্টৰ সৈনিক আৰু বৰ্তমান টাৱাং চেক্টৰত এল.এ.চিত নিযুক্ত ।

এটি ভিডিও আৰু কিছু ছবিৰ বাবে তেওঁ সমগ্ৰ ভাৰতবৰ্ষৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। ভাৰতীয় সেনাত মহিলাৰ অংশগ্ৰহণৰ এক উদাহৰণ হিচাপে মানুহৰ মাজত জনপ্ৰিয় হৈ পৰে। আব্বাচীৰ গোটটো দেশৰ প্ৰথম এডি ৰেজিমেণ্টবোৰৰ ভিতৰত এটা গোট যি , ৭০ টা মাৰানাস্ত্ৰৰে সু- সজ্জিত।
পূব লাডাখ আৰু অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত চলি থকা উত্তেজনাৰ মাজতে ভাৰতে অৰুণাচল প্ৰদেশৰ টাৱাঙত এণ্টি-এয়াৰক্ৰাফ্ট গান এল-৭০ মোতায়ন কৰিছে। ভাৰতে ইতিমধ্যে চীনৰ বিৰুদ্ধে উচ্চ-উচ্চতাৰ সীমাত এম-৭৭৭ হাউইটজাৰ (Howtizer) আৰু চুইডিছ বোফ’ৰ্ছ কেন’নচ (Swedish Bofors canoons) মোতায়ন কৰিছে।
কেপ্টেইন চাৰিয়া আব্বাচীয়ে এল-৭০ এণ্টি-এয়াৰক্ৰাফ্ট বন্দুকৰ গুণাগুণৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে।যিয়ে সকলো ধৰণৰ মানৱবিহীন বিমান, হেলিকপ্টাৰ আৰু ড্ৰোনক লক্ষ্য কৰিব পাৰে।

চাৰিয়া আব্বাচী কোন?

ছাৰিয়া আব্বাচী গোৰখপুৰৰ বাসিন্দা। তেওঁৰ পিতৃ ড: তেহচিন আব্বাচী অল ইণ্ডিয়া ৰেডিঅ'ৰ সৈতে জড়িত, আৰু তেওঁৰ মাতৃ ৰেহানা ছামীম এগৰাকী জুনিয়ৰ হাই স্কুলৰ শিক্ষয়ত্ৰী।

চহৰখনৰ ৰাম জানকী নগৰ মহল্লাৰ বাসিন্দা চাৰিয়া আব্বাচীয়ে চেন্নাইৰ অফিচাৰ্ছ ট্ৰেইনিং একাডেমীৰ পাছিং আউট পেৰেড ৯ ছেপ্টেম্বৰত সামৰিক সেৱাত  আত্মপ্ৰকাশ কৰিছিল।

চাৰিয়া আব্বাচীয়ে জেনেটিক ইঞ্জিনিয়াৰীংত (Genetic Engineering) B.Tech কৰিছিল, যদিও কেৰিয়াৰ হিচাপে অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁৰ কোনো আগ্ৰহ নাছিল।

যেতিয়া তেওঁ চাৰি বছৰ আগতে সেনাত যোগদান কৰিছিল

চাৰিয়া আব্বাচীয়ে কয়- তেওঁ সৰুৰে পৰা সেনাৰ পোছাকৰ প্ৰতি আকৰ্ষিত। তেওঁৰ পিতৃ-মাতৃৰ পৰিয়ালৰ কিছু আত্মীয় সেনাৰ বিষয়া আছিল। য'ত তাই সেনাৰ লোকসকলৰ বীৰত্বৰ কাহিনী শুনিবলৈ সুবিধা লাভ কৰিছিল আৰু তাৰ পাছতেই আব্বাচীয়ে সেনাত যোগদান কৰিবলৈ আকৰ্ষিত হৈছিল।

তাই আৰ্মীৰ সৈতে আৱেগিকভাৱে জড়িত হৈ পৰিছিল। যেতিয়া কেৰিয়াৰ বাছনি কৰাৰ কথা আহিছিল তেতিয়া তাই জানিছিল কোনটো দিশ নিৰ্বাচন কৰিব।
ড০ তাহছিন আব্বাচীয়ে কৈছিল যে গোৰখপুৰৰ জিএন নেচনেল একাডেমীৰ পৰা দ্বাদশ স্থান উত্তীৰ্ণ হোৱাৰ পিছত, চাৰিয়াই আইএমএছ গাজিয়াবাদত জেনেটিক ইঞ্জিনিয়াৰীংত নাম ভৰ্তি কৰিছিল। তেওঁ কয় যে তেওঁ বা তেওঁৰ মাতৃয়ে কেতিয়াও চাৰিয়াক তেওঁলোকৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ জোৰ কৰা নাছিল। সেইয়া লাগিলে শিক্ষা বা কেৰিয়াৰৰ বিষয়ে নহওঁক কিয়। B.Tech সম্পূৰ্ণ কৰাৰ পিছত, তেওঁ বিদেশৰ পৰা বহুটো ভাল কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ লাৱ কৰিছিল।

চাৰিয়া আব্বাচীৰ কাৰ্যালয়লৈ যোৱা অভিযন্তা হোৱাৰ কোনো আগ্ৰহ নাছিল

তেওঁ দ্বিতীয় চাকৰি এৰি দিয়াৰ পিছত, চাৰিয়াই ইউপিএছচিৰ দ্বাৰা সামৰিক বাহিনীৰ বাবে বিষয়া পদৰ বাবে অনুষ্ঠিত হোৱা সংযুক্ত প্ৰতিৰক্ষা সেৱা (চিডিএছ) প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আবেদন কৰিছিল আৰু প্ৰস্তুতি আৰম্ভ কৰিছিল।

মহিলাসকলৰ বাবে মাত্ৰ ১২ খন আসন আছিল আৰু চাৰিয়াই তাইৰ দ্বিতীয় প্ৰচেষ্টাত এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কেইবাটাও সাক্ষাৎকাৰৰ পিছত, তেওঁক প্ৰশিক্ষণৰ বাবে বাছনি কৰা হৈছিল যাক আটাইতকৈ কঠিন বুলি গণ্য কৰা হয়।.

ছাৰিয়াৰ সৰু ভায়েক তামচিল আহমেদ আব্বাচী তেওঁৰ ভগ্নীৰ সফলতাত যথেষ্ট সুখী। সেই সময়ত, চাৰিয়াই কৈছিল যে সেনাবাহিনীত ছোৱালীৰ বাবে কম ঠাই থাকিব পাৰে, কিন্তু যিসকলে প্ৰত্যাহ্বানটো গ্ৰহণ কৰে আৰু ইয়াৰ বাবে নিজকে প্ৰস্তুত কৰে তেওঁলোকৰ বাবে ই এক সুন্দৰ ভৱিষ্ৰ্তে বাট চাই থাকে ।

এজন বিষয়া হিচাপে যোগদান কৰাৰ সময়ত, চাৰিয়া আব্বাচীয়ে কৈছিল যে তেওঁ আজি যি পদতে নাথাকক কিয় , এয়া তেওঁৰ পিতৃ আৰু মাতৃৰ কঠোৰ পৰিশ্ৰমৰ বাবে সফল হৈছে। তেঁওৰ দেউতাকে তেওঁৰ চাকৰিৰ বাবে বিভিন্ন চহৰত বাস কৰিব লগীয়া হৈছিল আৰু তেওঁৰ মাতৃয়ে তেওঁৰ সন্তানৰ সফলতাৰ বাবে নিজৰ জীৱনক উৎসৰ্গীত কৰিছিল। মাতৃ হোৱাৰ উপৰিও, তেওঁ চাৰিয়াৰ বাবে এগৰাকী ভাল শিক্ষক হিচাপে প্ৰমাণিত হৈছিল।