ডঃ ভূপেন হাজৰিকাৰ পৰা ছালমান খানলৈ বিভিন্ন তাৰকাৰ বটলত চিত্ৰ অংকন কৰা ফাৰানাছ

Story by  atv | Posted by  Munni Begum • 1 Years ago
গ্লাছৰ বটল, প্লাষ্টিকৰ বটলত চিত্ৰ অংকন কৰা ফাৰানাছ আহমেদ
গ্লাছৰ বটল, প্লাষ্টিকৰ বটলত চিত্ৰ অংকন কৰা ফাৰানাছ আহমেদ
আৰিফুল ইছলাম / গুৱাহাটী
 
অজস্ৰ প্ৰতিভাৰে ভৰি আছে অসমভূমি। পেলনীয়া সামগ্ৰীকো ৰং-তুলিকাৰে নতুন ৰূপ দিব পাৰে অসমৰ প্ৰতিভাই। গ্লাছৰ বটল, প্লাষ্টিকৰ বটল আৰু অন্যান্য পেলনীয়া সামগ্ৰীত চিত্ৰ অংকন কৰি বিভিন্নজনৰ প্ৰশংসাৰ পাত্ৰ হৈছে এগৰাকী প্ৰতিভাৱান যুৱতী। তেওঁ হৈছে কামৰূপ জিলাৰ ৰঙিয়াৰ ফাৰানাছ আহমেদ।
 
ৰঙিয়াৰ নিকটৱৰ্তী বালাগাঁওৰ ফাৰানাছ বৰ্তমান ৰঙিয়া মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ এগৰাকী ছাত্ৰী। সৰুৰে পৰা পেইণ্টিঙৰ প্ৰতি আগ্ৰহী যুৱতী গৰাকীয়ে গ্লাছৰ বটল, প্লাষ্টিকৰ বটল, ৱাল পেইণ্টিং, আদি সকলো ধৰণৰ পেইণ্টিং কৰে। পেইণ্টিঙৰ উপৰিও ফাৰানাছ আহমেদ এগৰাকী পেছাদাৰী মেহেন্দী আৰ্টিষ্ট।
 
 
পেলনীয়া সামগ্ৰীক যেতিয়াই পুনৰ ব্যৱহাৰযোগ্য কৰি তোলাৰ কথা চিন্তা কৰিছিল তেতিয়াই ফাৰানাছৰ মনলৈ আহিছিল ৰং-তুলিকাৰে ইয়াক নতুন ৰূপ দিয়াৰ কথা। তেনেকৈয়ে পেইণ্টিং কৰিবলৈ ফাৰানাছে অনুপ্ৰেৰণা পালে। সৰুৰে পৰাই পেইণ্টিঙৰ প্ৰতি আগ্ৰহী যুৱতীগৰাকীয়ে তৃতীয় শ্ৰেণীৰ পৰাই পেইণ্টিঙৰ সৈতে জড়িত।
উল্লেখ্য যে, এতিয়ালৈকে ফাৰানাছ আহমেদে বহু জনপ্ৰিয় লোকৰ চিত্ৰ অংকন কৰি তেওঁলোকক সেয়া উপহাৰ দিছে। তাৰে ভিতৰত সদৌ অসম ছাত্ৰসন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, কণ্ঠশিল্পী দীক্ষু, অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ আদি অন্যতম। তাৰোপৰি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, প্ৰাক্তন ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধনী, জনপ্ৰিয় অভিনেতা ছলমান খান, সুশান্ত সিং ৰাজপুত, দৰ্শন ৰাৱাত আদিৰ চিত্ৰ অংকন কৰিছে। জনপ্ৰিয় ব্যক্তিত্বৰ চিত্ৰ অংকন কৰাৰ উপৰিও ফাৰানাছ আহমেদে সজাগতামূলক চিত্ৰও অংকন কৰিছে। যেনে নাৰী সুৰক্ষা, প্লাষ্টিকৰ ভয়াবহতা আদি।
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ফাৰানাছ আহমেদে কয়; "আৰ্টৰ আনুষ্ঠানিক শিক্ষা মই গ্ৰহণ নকৰা নহয়। মই তৃতীয় শ্ৰেণীত পঢ়ি থাকোতে আৰ্ট ক্লাছত যোগদান কৰিছিলোঁ আৰু ৩য় বছৰত মই আৰ্ট ক্লাছ এৰিছিলোঁ। আৰ্ট কৰা বটলবোৰ মই প্ৰথমে ঘৰত সজাই ৰাখোঁ। মানুহে মোৰ পেইণ্টিং দেখি ভাল পালে মোক অৰ্ডাৰ দিয়ে, তেতিয়া মই সেইবোৰ বিক্ৰীও কৰোঁ।"
 
শিলত চিত্ৰ অংকন কৰিছে ৰং-তুলিকাৰে
 
গ্লাছৰ বটলৰ উপৰিও ফাৰানাছ আহমেদে প্লাষ্টিকৰ বটলকো ৰং-তুলিকাৰে প্ৰাণৱন্ত কৰি তুলে। আমাৰ ধৰিত্ৰী আৰু পৰিৱেশৰ বাবে ভয়াবহ হিচাপে চিহ্নিত প্লাষ্টিকৰ বটলত চিত্ৰ অংকন কৰি ইয়াক পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰী বা সজাই থোৱা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি ফাৰানাছে পৰিবেশ প্ৰদূষণ হ্ৰাস কৰিব বিচাৰে।
 
ফাৰানাছ আহমেদৰ বটল পেইণ্টিং
 
ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰি ফাৰানাছ আহমেদে কয়; "প্ৰথমতে সমাজত এগৰাকী সু-ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হ'বলৈ মন। দৃতীয়তে নিজৰ আৰ্টৰ কাম-কাজবোৰ আগুৱাই লৈ গৈ এগৰাকী ভাল চিত্ৰশিল্পী হ'বলৈ মন আছে। আৰ্টৰ জৰিয়তে সমাজত ভাল ভাল কাম কৰি যাবৰ মন। আনহাতে আৰ্টৰ জৰিয়তে সমাজত নিজৰ সামৰ্থ্য অনুযায়ী অৱদান আগবঢ়াৱ মন আছে।"