গৰাকীবিহীন ঘৰত প্ৰৱেশ কৰা চোৰক ধৰা যন্ত্ৰ সাজি উলিয়াইছে দৰং জিলাৰ ছাত্ৰই

Story by  atv | Posted by  Munni Begum • 1 Years ago
অভিনাশ ডেকা আৰু তেওঁ সাজি উলিওৱা চোৰধৰা যন্ত্ৰ
অভিনাশ ডেকা আৰু তেওঁ সাজি উলিওৱা চোৰধৰা যন্ত্ৰ
মুন্নী বেগম / গুৱাহাটী
 
বৰ্তমান সময়ত আমাৰ সমাজত চোৰ ডকাইতিৰ দৰে অপৰাধমূলক ঘটনা প্ৰায়ে সংঘটিত হৈ  অহা দেখা যায়। সমাজৰ পৰা অপৰাধৰ পৰিমান হ্ৰাস কৰাৰ বাবে অসম আৰক্ষী তথা প্ৰসাশনে নানান পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও অপৰাধীয়ে দৈনিক নতুন নতুন পদ্ধতি ব্যৱহাৰ কৰি চুৰিকাণ্ড সংঘটিত কৰি আহিছে।
 
দৈনিক উদ্বেগজনকভাৱে বৃদ্ধি পোৱা এই চুৰি তথা ডকাইটি কাণ্ড হ্ৰাস কৰাৰ বাবে দৰং জিলাৰ বৰনাগবৰী দিঘিৰপাৰৰ লেঙেৰিয়াজাৰ কৃষক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ অভিনাশ ডেকাই উদ্ভাৱন কৰিছে এক অভিনৱ পন্থা। তেওঁ সাজি উলিয়াইছে এটা চোৰধৰা যন্ত্ৰ। 
 
 
এই যন্ত্ৰটোৱে ঘৰত চোৰ সোমোৱাৰ লগে লগে গৃহস্থক সতৰ্ক কৰি দিয়ে। অভিনাশে এই যন্ত্ৰৰ উপৰিও লো-কোষ্ট স্বয়ংক্ৰিয় চেনিটাইজাৰ যন্ত্ৰ, বিদ্যুতৰ সঠিক ব্যৱহাৰ আৰু পানীত ওপঙা ঘৰ সাজি উলিয়াইছে। গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ‘৪৯সংখ্যক ৰাষ্ট্ৰীয় বাল বৈজ্ঞানিক প্ৰদৰ্শনী ২০২২’-ত এই যন্ত্ৰ প্ৰদৰ্শন কৰা হৈছে।
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দৰং জিলাৰ ছাত্ৰজনে কয়, "বৰ্তমান আমাৰ ৰাজ্যত সঘনাই চুৰি তথা ডকাইতি কাণ্ড সংঘটিত হোৱা দেখা যায়। এই অপৰাধ হ্ৰাস কৰাৰ বাবে বৰ্তমান বজাৰত অত্যাধুনিক বহু যন্ত্ৰ উপলব্ধ আছে। যিবোৰে ঘৰত চোৰ বা ডকাইত প্ৰৱেশ কৰাৰ লগে লগে এলাৰ্ম বাজি উঠে আৰু চোৰে চোৰ কৰিব এৰি পলায়ন কৰে। কিন্তু এইবোৰ যন্ত্ৰই চোৰ ধৰা পেলোৱাৰ পৰিৱৰ্তে চোৰ খেদাতহে অধিক সহায় কৰে। সেয়েহে মই ২০২২ চনত 'চোৰধৰা' এক বিশেষ যন্ত্ৰ নিৰ্মান কৰি উলিয়াইছো। 
এটা যন্ত্ৰটোৱে যিকোনো এটা ঘৰৰ চৌহদত গৰাকী নথকা অৱস্থাত যদি চোৰ প্ৰৱেশ কৰে, তেন্তে গৃহস্থৰ মোবাইললৈ স্বয়ংক্ৰিয়ভাৱে ফোন আহিব আৰু গৰাকীয়ে গম পাই যাব যে তেওঁৰ ঘৰত চোৰে প্ৰৱেশ কৰিছে। এই যন্ত্ৰটো সাজিবৰ বাবে মই মাত্ৰ এটা পুৰনি কিপেড মোবাইল, এল ডি আৰ চেন্সৰ আৰু এটা মটৰ ব্যৱহাৰ কৰিছিলো। যাৰ বাবে মাত্ৰ ১০০ মান টকা খৰচ হৈছিল।"
 
অভিনাশে সাজি উলিওৱা লো-কোষ্ট স্বয়ংক্ৰিয় চেনিটাইজাৰ যন্ত্ৰ 
 
আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ যুৱক অভিনাশে চোৰধৰা যন্ত্ৰৰ উপৰিও ক'ভিডৰ প্ৰাদুৰ্ভাৱৰ সময়ত সাজি উলিওৱা স্বয়ংক্ৰিয় চেনিটাইজাৰ যন্ত্ৰৰ জৰিয়তে অতি কম সময়ত অধিক মানুহে চেনিটাইজাৰ ব্যৱহাৰ কৰিব পৰা সুবিধা মুকলি কৰিছিল। এই যন্ত্ৰটো অভিনাশে এছ চি আৰ টিৰ অধীনত অনুষ্ঠিত জিলা পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত প্ৰদৰ্শনীত প্ৰদৰ্শিত কৰিছিল আৰু ৰাজ্যিক পৰ্যায়ত চতুৰ্থ পুৰস্কাৰ লাভ কৰিবলৈও সক্ষম হৈছিল। 
এই সন্দৰ্ভত অভিনাশ ডেকাই কয়, "ক'ভিড মহামাৰীৰ বাবে হোৱা লকডাউনৰ পিছত যেতিয়া বিভিন্ন নীতি নিৰ্দেশনাৰ মাজেৰে আমি বিদ্যালয়লৈ যাব লগা হৈছিল তেতিয়া বিদ্যালয়ত দিঘলীয়া শাৰী পাতিবলৈ দি শিক্ষক শিক্ষয়ত্ৰীসকলে আমাক হাতে হাতে চেনিটাইজাৰ দিছিল। যাৰ বাবে আমি বহু সময়ৰ বাবে শাৰী পাতিব লগীয়া হৈছিল। সেই সময়ত মই শাৰী নপতাকৈ কেনেকৈ চেনিটাইজ ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে চিন্তা কৰিছিলো। আৰু লো-কোষ্ট স্বয়ংক্ৰিয় চেনিটাইজাৰ যন্ত্ৰটো সাজি উলিয়াইছিলো। এই যন্ত্ৰটো নিৰ্মান কৰিবলৈ মই কিছুমান পেলনীয়া কাৰ্টোন আৰু এল ডি আৰ চেন্সৰ ব্যৱহাৰ কৰিছিলো। যি চেন্সৰে যন্ত্ৰটোত হাত দিয়াৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে চেনিটাইজাৰ নিৰ্গত কৰে। ইয়াৰ যন্ত্ৰটো সাজি উলিওৱাৰ বাবে মই মাত্ৰ ৬০ টকা খৰচ কৰিছিলো। এই যন্ত্ৰটোৰ বাবে মই ৰাজ্যিক পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত ৪ৰ্থ পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলো।"        
অভিনাশে কয়, "আমাৰ ৰাজ্যৰ এক জ্বলন্ত সমস্যা হৈছে বানপানী। সেয়েহে মই পানপীড়িত লোকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এটি ওপঙা ঘৰৰ আৰ্হি সাজিছিলো। যিয়ে বানপীড়িত অঞ্চলত বানপানী হোৱাৰ পূৰ্বে এলাৰ্ম বাজি উঠিব আৰু সেই অঞ্চলৰ লোকে সজাগতা অৱলম্ভন কৰিব পাৰিব। মই এই ঘৰৰ আৰ্হিৰ বাবেই আৰ্যভট্ট ছাইন্স চেণ্টাৰৰ অধিনত অনুষ্ঠিত এক প্ৰতিযোগিতাত প্ৰথম পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলো। ইয়াৰোপৰি মই ২০২০ চনত নেশ্বনেল চিল্ড্ৰেন ছায়েন্স কংগ্ৰেছ নামৰ এক প্ৰতিযোগীতাত বিদ্যুৎৰ উচিত ব্যৱহাৰৰ ওপৰতো এটা মডেল সজিছিলো। 
 
২০২০ চনত বিদ্যুৎৰ উচিত ব্যৱহাৰৰ ওপৰতো সাজি উলিওৱা মডেল সৈতে অভিনাশ
 
ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আভিনাশে কয়, "এগৰাকী সু-নাগৰিক হোৱাৰ লগতে এগৰাকী দক্ষ অভিযন্তা হোৱাৰ সপোন মনত পুহি ৰাখিছো। মই দুখীয়া শ্ৰেণীৰ লোকৰ বাবে অতি কম খৰচতে উপলব্ধ হোৱাকৈ অত্যাধুনিক সামগ্ৰী প্ৰস্তুত কৰি সমাজৰহিতৰ বাবে কাম কৰি যাব বিচাৰো।