ক’ভিড-১৯ আশীৰ্বাদ হৈ পৰিল মফিদুল ইছলামৰ বাবে

Story by  atv | Posted by  Munni Begum • 1 Years ago
মফিদুল ইছলাম
মফিদুল ইছলাম
মুকুট শৰ্মা / গুৱাহাটী 
 
ক’ভিড-১৯ মহামাৰী মানৱ সমাজৰ বাবে অভিশাপস্বৰূপ হ’লেও একাংশ লোকে ইয়াক ইতিবাচক ধৰণে গ্ৰহণ কৰি জীৱনটোক নতুন ৰূপত সজাই পৰাই তুলিছে। তেনে এচাম লোকৰ বাবে ক’ভিড-১৯ মহামাৰী আশীৰ্বাদস্বৰূপ হৈ উঠিছে। ইয়াৰে অন্যতম উদাহৰণ হ’ল বৰপেটা জিলাৰ কলগাছিয়াৰ মফিদুল ইছলাম নামৰ এগৰাকী সুদক্ষ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ।  
 
যিসময়ত মহামাৰীৰ কৱলত পৰি হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে সংস্থাপন হেৰুৱাই হতাশ হৈছিল, সেই সময়তে মফিদুলে গাওঁৰ খেতিপথাৰখনকে নিজৰ কৰ্মক্ষেত্ৰ হিচাপে বাচি লৈ স্বাৱলম্বী হৈ উঠে। খেতিপথাৰত নামি উপাৰ্জনৰ পথ মুকলি কৰিবলৈ সংকোচবোধ নকৰা এইগৰাকী উচ্চ শিক্ষিত যুৱক এতিয়া চাকৰিমুখী লাখ লাখ যুৱক-যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছে। 
উল্লেখ্য যে, ইঞ্জিনিয়াৰিং পাছ কৰি মফিদুলে টেলিকম খণ্ডৰ এটা চাকৰিত যোগ দিছিল। সকলো ঠিকে-ঠাকে চলি থকাৰ সময়তে মহামাৰী কৰ’নাৰ বাবে উচ্চ শিক্ষিত যুৱকজনে চাকৰি বাদ দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়। চাকৰি এৰিবলগীয়া হ'লেও মফিদুল হতাশ হোৱা নাছিল আৰু নাৰ্চাৰীৰ লগতে অন্যান্য খেতিত মনোনিৱেশ কৰে।
গতানুগতিক খেতিৰ পৰিবৰ্তে মফিদুলে ষ্ট্ৰ’বেৰী খেতি কৰিবলৈ লয়। মুম্বাই, পুণে আদি স্থানৰ পৰা ষ্ট্ৰ’বেৰীৰ পুলি আনি তেওঁ খেতি আৰম্ভ কৰে। উচ্চ শিক্ষিত যুৱকজনে এতিয়া এবিঘা মাটিৰ পৰা ৩-৪ লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ষ্ট্ৰ’বেৰী খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা কলগাছিয়াৰ বাংকভাঙাৰ ইঞ্জিনিয়াৰ মফিদুল ইছলাম এতিয়া সকলোৰে বাবে আদৰ্শস্বৰূপ হৈ পৰিছে।
 
মফিদুলৰ ষ্ট্ৰ'বেৰী খেতি
 
আৱাজ-দ্যা ভইছৰ সন্মুখত মফিদুলে কয়, "ডিগ্ৰী সম্পূৰ্ণ হোৱাৰ পিছত টেলিকম খণ্ডত এটা ব্যক্তিগত কোম্পানীত কাম কৰি আছিলো। ডেৰ বছৰমান কাম কৰাৰ পিছত হঠাতে কৰোনা মহামাৰী আহিল, যাৰ ফলত মোৰ চাকৰি গ’ল আৰু ঘৰত বহিবলগীয়া হ’ল। তাৰ পিছত মোৰ মনলৈ আহিল নিজাকৈ কিবা এটা কাম কৰাৰ। সেইবোৰ চিন্তা কৰি থকাৰ সময়তে মই এজন বন্ধুৰ ঘৰত ষ্ট্ৰবেৰীৰ পুলি দেখিবলৈ পালো। তেতিয়াই প্ৰথম মনলৈ আহিল ষ্ট্ৰবেৰী খেতি কৰি স্বাৱলম্বী হোৱাৰ কথা। যোৱাবাৰ মই প্ৰথমবাৰৰ বাবে এই খেতি কৰিছিলো, ডেৰ হাজাৰ পুলি লগাইছিলো। তাৰ পৰা মই ভাল উপাৰ্জন কৰিব পাৰিছিলো। সেয়ে, এইবাৰ মই এবিঘা মাটিত ষ্ট্ৰবেৰী খেতি কৰিছো। ভাল উৎপাদন হৈ আছে। আগলৈ আৰু অধিক উপাৰ্জন কৰিব পাৰিম বুলি বিশ্বাস উপজিছে।"
অসমৰ নৱ প্ৰজন্মই চাকৰিৰ পিছত দৌৰাৰ সলনি খেতিপথাৰত অথবা আন আন ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰি স্বাৱলম্বী হ’ব পাৰে বুলি উল্লেখ কৰি মফিদুলে কয় যে তেওঁ সদায় নতুন কিবা এটা কাম কৰি নতুন প্ৰজন্মক উপাৰ্জনৰ পথ দেখুওৱাৰ সপোন দেখিছিল। 
এই সন্দৰ্ভত তেওঁ কয়, "মই সদায় নতুন আৰু ব্যতিক্ৰমী চিন্তাৰে কাম কৰাৰ সপোন পুহি ৰাখিছিলো। নৱ প্ৰজন্মৰ বাবে কিবা এটা উদ্ভাৱনীমূলক কাম কৰিব বিচাৰিছিলো। আৰম্ভণিতে ষ্ট্ৰবেৰী খেতিৰ বিষয়ে মই ভালকৈ একো জনা নাছিলো। কিন্তু ইণ্টাৰনেটত এই বিষয়ে অধ্যয়ন কৰি কিছু জ্ঞান অৰ্জন কৰিছিলো আৰু সেইবোৰ খেতিপথাৰত প্ৰয়োগ কৰি সফলতা লাভ কৰো। শিকাৰ প্ৰতি আগ্ৰহ থাকিলে আমাৰ যুৱ প্ৰজন্মই বিভিন্ন ক্ষেত্ৰত সফল হ’ব পাৰিব। পৰম্পৰাগত খেতিৰ সৈতে জড়িত খেতিয়কসকলেও নতুন নতুন কৌশল আৰু পদ্ধতি আয়ত্ব কৰা উচিত।"  
 
মফিদুলৰ ষ্ট্ৰ'বেৰীৰ খেতিত পকা ষ্ট্ৰ'বেৰী
 
চাকৰিৰ মোহ ত্যাগ কৰি খেতিপথাৰখনকে কৰ্মক্ষেত্ৰ হিচাপে বাচি লোৱা উচ্চশিক্ষিত মফিদুলে ষ্ট্ৰ’বেৰী খেতিৰ বিষয়ে জানিব বিচৰা যুৱক-যুৱতীসকলক যিকোনো প্ৰকাৰে সহায় কৰিব বুলিও জানিবলৈ দিয়ে। তেওঁ কয় যে খেতি কৰি স্বাৱলম্বী হ’ব বিচৰা সকলো লোকক সহায়ৰ হাত আগবঢ়াবলৈ তেওঁ সাজু আছে। এই ক্ষেত্ৰত যুৱ প্ৰজন্ম আগুৱাই আহিব লাগে। কেৱল চাকৰিৰ পিছত দৌৰি থাকিলে আমাৰ যুৱ প্ৰজন্মই এটা সময়ত হতাশাত ভুগিবলগীয়া হ’ব।
 
মফিদুল তেওঁৰ ষ্ট্ৰ'বেৰী খেতিত কাম কৰি আছে
 
উল্লেখ্য যে, বৰপেটা চহৰত নাৰ্চাৰীৰ ব্যৱসায়ো আৰম্ভ কৰা মফিদুলে ভৱিষ্যতলৈ ড্ৰেগনৰ খেতি কৰাৰ হেঁপাহ মনতে পুঁহি ৰাখিছে। ইয়াৰ বাবে তেওঁ ড্ৰেগন খেতিৰ বিষয়ে অধ্যয়ন আৰম্ভ কৰাৰ লগতে বিভিন্ন পৰিকল্পনা যুগুত কৰিছে। ষ্ট্ৰবেৰী খেতিৰ ছিজন সমাপ্ত হলেই তেওঁ ড্ৰেগনৰ খেতি আৰম্ভ কৰিব বুলি উদ্যমী যুৱকজনে জানিবলৈ দিছে।