যুদ্ধৰ বিভীষিকাৰ মাজত ফৈজল আৰু কমলৰ বন্ধুত্বই মানৱীয় সম্পৰ্কৰ নতুন সংজ্ঞা দাঙি ধৰিলে

Story by  atv | Posted by  Munni Begum • 2 Years ago
 মহম্মদ ফৈজল আৰু কমল সিং ৰাজপুত
মহম্মদ ফৈজল আৰু কমল সিং ৰাজপুত
নতুন দিল্লী
 
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ ফলত সৃষ্টি হোৱা মানৱীয় সংকটৰ মাজতো এক আশাৰ সঞ্চাৰ কঢ়িয়াইছে বন্ধুত্বৰ এনাজৰীয়ে। হাপুৰৰ মহম্মদ ফৈজল আৰু উত্তৰ প্ৰদেশৰ বাৰাণসীৰ কমল সিং ৰাজপুতৰ মাজত বন্ধুত্বই মনৱীয় বন্ধনৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।  
 
ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পূৰ্বে, ফৈজলে ভাৰতলৈ উভতি অহাৰ সুযোগ লাভ কৰিছিল। কিন্তু তেওঁ তেওঁৰ বন্ধু তথা সহপাঠী কমলক এৰি আহিব বিচৰা নাছিল। তেওঁলোক দুয়ো ৰোমানিয়াৰ এটা শৰণাৰ্থী শিবিৰত জিৰাণি লৈছিল আৰু ঘৰলৈ উভতি অহাৰ বাবে বিমানৰ অপেক্ষা কৰি আছিল। কমল আৰু ফৈজল ইউক্ৰেইনৰ ইভানোভোৰ ফ্ৰেঙ্কিভস্ক নেচনেল মেডিকেল বিশ্ববিদ্যালয়ৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী।
মহম্মদ ফৈজলে ভাৰতলৈ উভতি অহাৰ বাবে ২৩ ফেব্ৰুৱাৰীৰ বিমান টিকট বুক কৰিছিল। কিন্তু কমল সিঙে বিমানৰ টিকট লাভ নকৰিলে। যাৰ ফলত কমল হতাশ হৈ পৰিছিল। বন্ধুৰ মনোভাৱ দেখি ফৈজলে বিমানত নুঠাৰ সিদ্ধান্ত লৈছিল।  
বি বি চিয়ে ৰোমানিয়াৰ শৰণাৰ্থী শিবিৰত তেওঁলোকৰ সৈতে কথা পাতিছিল।
 
ফৈজলে কৈছিল যে তেওঁ ১১ ডিচেম্বৰত ইউক্ৰেইনৰ কীভত কমল সিঙক প্ৰথমবাৰৰ বাবে লগ পাইছিল। যিহেতু তেওঁলোকে কীভলৈ যোৱাৰ বাবে বহু কেইখন বিমানেৰে ভ্ৰমণ কৰিব লগীয়া হৈছিল। 
 
ইউক্ৰেইনৰ চিকিৎসা মহাবিদ্যালয়ৰ শ্ৰেণীকোঠা ফৈজল আৰু কমল তেওঁলোকৰ সহপাঠীৰ সৈতে
 
ফৈজলে কয়, "আমাক বিমানবন্দৰত পৰিচয় কৰাই দিয়া হৈছিল আৰু আমি একেখন ৰেলত ইভানোভোলৈ গৈছিলো আৰু একেখন হোষ্টেলতে আছিলোঁ। আমাৰ দুয়োৰে চিন্তা-ভাবনাবোৰৰ খুব মিল আছিল। সেয়েহে আমি ইজনে সিজনৰ বন্ধু হৈ পৰিছিলো।"
মহম্মদ ফৈজলে কয় যে, "মোৰ মাতৃয়ে মোক মোৰ বিমানৰ বিষয়ে জানিবলৈ ফোন কৰিছিল। যুদ্ধ আৰম্ভ হোৱাৰ বাবে মই কীভ এৰি যাব লাগে বুলি তেওঁ মোক অনুৰোধ কৰিছিল আৰু মই তেওঁৰ অনুৰোধ স্পষ্টভাৱে অস্বীকাৰ কৰিছিলো। আমাৰ ঠিকাদাগৰাকীয়ে মোৰ বিমানৰ টিকটটো আন কোনো শিক্ষাৰ্থীক দি দিছিল। মোৰ মনলৈ এটা কথা আহিছিল যে যেতিয়া মোৰ এজন ভাল বন্ধু ইয়াত থাকিব আৰু তেন্তে মই তেওঁক বেয়া সময়ত এৰি যোৱা উচিত নহয়।"
কমল সিং ৰাজপুতৰ পৰিয়াল বাৰাণসীৰ পাণ্ডেপুৰত বাস কৰে। তেওঁৰ দেউতাক আদি নাৰায়ণ সিঙৰ এখন চিকিৎসালয় আছে আৰু তেওঁৰ মাক এগৰাকী গৃহিণী। কমলৰ ভগ্নী বৰ্তিকাই আই আই টি ভূপালত অধ্যয়ন কৰি আছে।  
 
আনহাতে, মহম্মদ ফৈজলৰ পৰিয়াল উত্তৰ প্ৰদেশৰ হাপুৰ বালান্দচহৰ ৰোডত বাস কৰে। তেওঁৰ দেউতাকে চৌদি আৰৱৰ এটা কোম্পানীত কাম কৰে।
ফৈজলৰ মাক চাইৰাই কয় যে তেওঁৰ বিমানখনত নধৰাৰ আকস্মিক সিদ্ধান্তত পৰিয়ালটো আচৰিত হৈ পৰিছিল। তেওঁ কয়, "সঁচাকৈয়ে, মই মোৰ পুত্ৰৰ সুৰক্ষাক লৈ যথেষ্ট চিন্তিত আছিলোঁ আৰু তেওঁৰ সিদ্ধান্ত সেই সময়ত সঠিক যেন লগা নাছিলন। কিন্তু যেতিয়া ফৈজালে কমলৰ বিষয়ে কৈছিল আমি ভাবিছিলো যে তেওঁ সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া দুয়োটা শিশুলৈ আমাৰ আশীৰ্বাদ আছে।" 
ফৈজলৰ জোনোৱা মতে, তেওঁ আৰু কমলে শনিবাৰে পুৱা ১১ বজাত ইভানোভো এৰিছিল আৰু তেওঁলোকক ৰোমানিয়ান সীমান্তৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰচৰ এক স্থানত বাছেৰে থৈ গৈছিল। ফৈজল আৰু কমল দুয়োগৰাকীয়ে সীমান্তলৈ খোজ কাঢ়িবলগীয়া হৈছিল। 
 
ফৈজলে কয়, "ৰাতিপুৱা ছয় বজাত আমি ৰোমানিয়ান সীমান্তত প্ৰৱেশ কৰিছিলো। আমি সকলো কাগজৰ কাম সম্পূৰ্ণ কৰি ৯:৩০ বজাত ৰোমানিয়াৰ শৰণাৰ্থী শিবিৰত উপস্থিত হৈছিলোঁ। আমি দুয়ো আবেলি প্ৰায় ৩.৩০ বজাত সীমান্ত পাবৰ বাবে নিশাৰ পৰা ১০ কিলোমিটাৰ খোজ কাঢ়িব লগা হৈছিল। তাৰ পিছত কমল সিং আৰু মই  দুয়ো, দুয়োৰে হাতত ধৰি ইজনে সিজনক এৰি নাযাবলৈ সিদ্ধান্ত লৈছিলো।" 
 
ৰোমানিয়াৰ এক শৰণাৰ্থী শিবিৰৰ ভিতৰত ভাৰতীয় শিক্ষাৰ্থী
 
কমল সিঙে কয়,"সীমা অতিক্ৰম কৰাটো সহজ নাছিল। আমি দেওবাৰে পুৱা ৩.৩০ বজাত সীমান্তৰ গেটৰ মাজেৰে পাৰ হৈ গৈছিলো আৰু এক বৃহৎ জনসমাগমৰ মাজেৰে আগবাঢ়ি যোৱাত যথেষ্ট অসুবিধা সন্মুখীন হৈছিলো। আমি গেট পাৰ হ'বলৈ যাওঁতে ইউক্ৰেইনৰ সৈন্যসকলে মোৰ কান্ধত আঘাত কৰিছিল। তেওঁলোকে আমাক ইজনে সিজনৰ হাত ধৰি থকাৰ বাবে আমাৰ ওপৰত খং কৰিছিল। কিন্তু আমি ইজনে সিজনক এৰি দিয়া নাছিলো আৰু আগবাঢ়ি গৈ আছিলো।" 
ভাৰতত, ফৈজল আৰু কমল সিঙে চিকিৎসা মহাবিদ্যালয়ত প্ৰৱেশ কৰিবলৈ নীট (এন ই ই টি) পৰীক্ষাত দুবাৰকৈ অৱতীৰ্ণ হৈছিল। মহম্মদ ফৈজালে এবাৰ ইয়াক উত্তীৰ্ণ হৈছিল আৰু তেওঁৰ উৎকৃষ্ট নম্বৰৰ বাবে তেওঁ কেইবাখনো ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ সুযোগো পাইছিল। কিন্তু ভাৰতৰ এখন ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছ পাঠ্যক্ৰমৰ ব্যয় প্ৰায় ৬৫-৭০ লাখ টকা। যিটো তেওঁৰ পৰিয়ালৰ বাজেটৰ বাহিৰত আছিল। 
কমল সিঙেও একেখন নাৱৰে যাত্ৰী বুলি ক'ব পাৰি। অৱশেষত দুয়োগৰাকীয়ে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ বাবে ইউক্ৰেইনৰ চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল। 
 
দুয়োজন বন্ধুৱে চৰকাৰক ইউক্ৰেইনত আৱদ্ধ শিক্ষাৰ্থীসকলক সহায় কৰিবলৈ আহ্বান জনাইছে। কমল সিঙে কয়, "আমি জানো যে তাত আৱদ্ধ হৈ থকা শিক্ষাৰ্থীসকলে কেনেদৰে মোকাবিলা কৰি আছে। মই বহুতকে খাদ্যৰ  তথা পানীৰ অভাৱৰ সন্মুখীন হোৱা দেখিছোঁ। তেওঁলোকে সীমা অতিক্ৰম কৰিবলৈ হিম শীতল তাপমাত্ৰাত মুকলি আকাশৰ তলত অপেক্ষা কৰি আছে। বহুতো ছোৱাল নিজৰ চেতনাও হেৰুৱাই পেলাইছে।" 
 
ইউৰেছিয়া এডুকেশ্বন লিংকৰ প্ৰতিষ্ঠাপক ডাঃ মাছৰুৰ আহমেদে ইউক্ৰেইনত আৱদ্ধ শিশুসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে। শ শ শিশুৱে প্ৰতি বছৰে তেওঁলোকৰ সংগঠনৰ জৰিয়তে ঔষধ বিভাগৰ অধ্যয়ন কৰিবলৈ ইউক্ৰেইনলৈ আহে।