৪৫০ পৃষ্ঠাৰ কোৰআন হাতে লিখি উলিয়ালে এগৰাকী কাশ্মিৰী যুৱকে

Story by  atv | Posted by  [email protected] • 1 Years ago
হাতে লিখা পৱিত্ৰ কোৰআন আৰু মুস্তাফা ইবনে জামিল
হাতে লিখা পৱিত্ৰ কোৰআন আৰু মুস্তাফা ইবনে জামিল

বাছিত জাৰগৰ/শ্ৰীনগৰ

মুস্তাফা-ইবনে-জামিল পঢ়া-শুনাত বিশেষ পাকৈত নাছিল সেয়ে তেওঁ দশম শ্ৰেণীৰ পৰা পঢ়া-শুনা এৰিছিল।

কিবা এটা ব্যতিক্ৰম কৰাৰ হাবিয়াসে মুস্তাফাৰ মনত সদায় খুন্দিয়াইছিল আৰু নিজৰ জীৱনটোক অন্বেষণ কৰাৰ কথা সদায় ভাবিছিল। ভাৰতৰ সৰ্বোত্তম উপত্যকা উত্তৰ কাশ্মীৰৰ গুৰেজৰ পৰা অহা মুস্তাফাই বহুদিন মৌনতা বজাই ৰাখি নিজকে নিৰ্জনতাত ৰাখিছিল।

এদিন এই ২৫ বছৰীয়া কাশ্মীৰী যুৱকজনে কেলিগ্ৰাফীত নিজকে মনোনিবেশ কৰাৰ সিদ্ধান্ত লয়। এই সিদ্ধান্তৰ আঁৰৰ উদ্দেশ্য আছিল তেওঁৰ হাতৰ আখৰ উন্নতি কৰা, কাৰণ তেওঁৰ হাতৰ আখৰ বিশেষ ভাল নাছিল।

মুস্তাফাৰ হাতে লিখা কোৰআন খনৰ ওচৰৰ দৃশ্য

মুস্তাফাই কিছুদিন কেলিগ্ৰাফী চৰ্চা কৰাৰ পিছত তেওঁ গম পালে যে তেওঁ এইটো বিষয়ত পাকৈত। সেয়ে তেওঁ পবিত্ৰ ধৰ্মগ্ৰন্থ কোৰআনৰ এটা অধ্যায় লিখিবলৈ সিদ্ধান্ত লয়। কোৰআনৰ লিখিব আৰম্ভ কৰি মুস্তাফাই এক অভূতপূৰ্ব আনন্দ পাইছিল।

পবিত্র কোৰআনৰ এটা অধ্যায় লিখিব আৰম্ভ কৰাৰ পিছত তেওঁ সমগ্ৰ কোৰআন খন লিখাৰ  সিদ্ধান্ত ল'লে। পবিত্ৰ কোৰআন সম্পূৰ্ণ লিখি উলিওৱাটো এটা ডাঙৰ প্ৰকল্প আছিল।

মুস্তাফাৰ হাতে লিখা কোৰআন

প্ৰথমতে তেওঁ ভাবিছিল পৱিত্ৰ  কিতাপখনৰ কেইটামান অধ্যায় লিখিবলৈ আৰম্ভ কৰিব আৰু একেলগে তেওঁৰ হাতৰ আখৰৰ কাম কৰিব। কোৰআনৰ কেইটামান অধ্যায় লিখি উলিওৱাৰ পিছত তেওঁ বাকী অধ্যায় সমূহো লিখি উলিওৱাৰ সিদ্ধান্ত লয়।

মুস্তাফা এই পবিত্র কোৰআন লিখা প্ৰকল্পটোৰ প্ৰতি ইমানেই উৎসৰ্গিত হৈ থাকিল যে ২০১৯ চনত ১১ মাহত তেওঁ সম্পূৰ্ণ পৱিত্ৰ কোৰআন লিখি উলিয়ালে।

তেওঁৰ হাতেৰে লিখি উলিওৱা পবিত্ৰ কোৰআন খন ৪৫০ পৃষ্ঠাৰে গঠিত আৰু ইয়াৰ ওজন প্ৰায় ২১ কিলোগ্ৰাম। তেওঁ নিজৰ কামত কাৰো পৰা নিৰ্দেশনা আৰু সহায় বিচৰা নাছিল।

মেলি থোৱা কোৰআন খনৰ আকাৰ দেখিয়ে অনুমান কৰিব পাৰি

তেওঁৰ পৱিত্ৰ কোৰআন লিখাৰ  সময়ত তেওঁ অৱশ্যে নিয়মিতভাৱে তেওঁৰ কাম পুনৰ পৰীক্ষা কৰিবলৈ এগৰাকী মুফতি ( ইছলামিক জুৰিষ্ট যিয়ে বিভিন্ন ধৰ্মীয় আৰু ব্যক্তিগত বিষয়ত আইনগতভাৱে ৰায়দান কৰিব পৰা ধৰ্মগুৰু) ৰ পৰা সহায় লৈছিল।

যিহেতু মুস্তাফাই স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰা নাছিল, গতিকে সেই টেগটো সকলো সময়তে লগত লৈ থাকিবলগীয়া হৈছিল। গণিতৰ প্ৰতি থকা ভয়ৰ বাবে তেওঁ মেট্ৰিক পৰীক্ষাত যোগ্যতা অৰ্জন কৰিব পৰা নাছিল। তেওঁৰ ব্যৰ্থতাৰ বাবে বহু সময়ত তেওঁ মানুহৰ পৰা ঠাট্টা-মস্কৰাৰ সন্মুখীন হৈছিল।

তেওঁ কয়, “মোক বিফলতাক মোৰ গাত লেবেল হিচাপে লগোৱা হৈছিল আৰু মই প্ৰায়ে মানসিক হাৰাশাস্তিৰ বলি হৈছিলোঁ।" যেতিয়া তেওঁ কেলিগ্ৰাফীৰ কাম আৰম্ভ কৰিছিল তেতিয়া তেওঁৰ কিছু সতীৰ্থই সদায়ে নিৰুৎসাহ কৰিছিল। যাৰ ফলত তেওঁ ৰাতি নিৰ্জনতাত কাম কৰিবলৈ লৈছিল।