কৃষি আৰু পশু পালনেৰে স্বাৱলম্বী হোৱাৰ পথত মানকচাৰৰ উচ্চ শিক্ষিত যুৱক

Story by  atv | Posted by  Munni Begum • 2 Years ago
ফাইভষ্টাৰ লাইভ ষ্ট'ক জইণ্ট ফাৰ্মীং কোঅপাৰেটিভ ছ'চাইটি লিমিটেডৰ দলটোৰ লগতে দলটোৱে কৰা  বগৰী খেতি
ফাইভষ্টাৰ লাইভ ষ্ট'ক জইণ্ট ফাৰ্মীং কোঅপাৰেটিভ ছ'চাইটি লিমিটেডৰ দলটোৰ লগতে দলটোৱে কৰা বগৰী খেতি
মুন্নী বেগম / গুৱাহাটী 
 
ৰাজ্যত কৃষি আৰু পশুপালনৰ এক বৃহৎ সম্ভাৱনা আছে। এই কথা বাস্তৱত পৰিণত কৰিছে মানকচাৰৰ কেইগৰাকীমান উচ্চ শিক্ষিত যুৱকে। চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি নাথাকি কৃষি আৰু পশুপালনেৰে স্বাৱলম্বি হোৱাৰ পথ বাচি লৈছে যুৱক কেইগৰকীয়ে। ফাইভষ্টাৰ লাইভ ষ্ট'ক জইণ্ট ফাৰ্মীং কোঅপাৰেটিভ ছ'চাইটি লিমিটেড নামৰ এটা প্ৰতিষ্ঠানৰ জৰিয়তে উদ্যমী যুৱক কেইগৰাকীয়ে বগৰী খেতি আৰু ছাগলীৰ পালনৰ বাবে ফাৰ্মৰ ব্যৱস্থা গ্ৰহন কৰিছে। 
 
এই সন্দৰ্ভত ফাইভষ্টাৰ লাইভ ষ্ট'ক জইণ্ট ফাৰ্মীং কোঅপাৰেটিভ ছ'চাইটি লিমিটেডৰ অধ্যক্ষ জহিৰুল ইছলামে কয়, "২০০০ চনত বি এছ চি পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ, পিছত মই মানকাচাৰৰ সোনাপুৰ হাইস্কুলত শিক্ষকতা কৰিছিলোঁ। কিন্তু ২০১৩ চনত বিদ্যালয়খন প্ৰাদেশীকৰণ হোৱাৰ পিছত মোৰ চাকৰি হেৰুৱাব লগীয়া হ'ল। মই চৰকাৰী চাকৰিৰ অপেক্ষাত ৰৈ নাথাকি মোৰ চাৰিগৰাকী বন্ধুৰ সৈতে বগৰীৰ খেতি কৰাৰ কথা ভাবিলোঁ। প্ৰথমে আমি ৮ বিঘা ভূমিত এবিধ বিশেষ বগৰীৰ খেতি আৰম্ভ কৰিলোঁ।"
 
ফাইভষ্টাৰ লাইভ ষ্ট'ক জইণ্ট ফাৰ্মীং কোঅপাৰেটিভ ছ'চাইটি লিমিটেডৰ বগৰী খেতি
 
জহিৰুল আৰু তেওঁ বন্ধু বৰ্গই বগৰীৰ খেতি প্ৰক্ৰিয়া ইউটিউবৰ পৰা অনুসৰন কৰিছিল। তেওঁলোকে এজোপা বগৰীৰ পুলি এক বৰ্গ ফুটৰ ব্যৱধানত ৰোপন কৰিছিল। জহিৰুলে কয় যে এই বগৰীৰ খেতি অতি সহজ আৰু কম খৰচী। এবাৰ ফল ধৰাৰ পিছত গছবোৰ অলপ কাটি দিব লাগে আৰু ফুল ধৰাৰ সময়ত পোকে নধৰিবলৈ গছবোৰত এবিধ হ'ৰম'ন ছটিয়াব লাগে।  
জহিৰুল ইছলামে কয়, "আমি কাশ্মীৰি বেৰী, মাল বেৰী আৰু ভাৰত সুন্দৰী নামৰ তিনিটা প্ৰজাতিৰ বগৰীৰ পুলি বেংগলৰ পৰা ২০২১ চনৰ মাৰ্চ মাহত  ক্ৰয় কৰি আনিছিলোঁ। আমি এবাৰত প্ৰায় ১৪ শ পুলি ৰোপন কৰিছিলোঁ। বগৰীৰ পুলিবোৰ ডাঙৰ হৈ ফল ধৰিবলৈ হ'লে সম্পূৰ্ণ এঘাৰ মাহ সময় লাগে। এজোপা বগৰী গছৰ পৰা আমি প্ৰায় ২০ কেজি, মুঠ ১৩৫ কুইণ্টল বগৰী লাভ কৰিবলৈ সক্ষম হৈছোঁ।" 
বগৰী খেতি অতি লাভজনক এক ব্যৱসায় বুলি মন্তব্য কৰি জহিৰুলে কয় যে অতি ৰসাল মঙহ যুক্ত মিঠা সোৱাদৰ এই বগৰীবোৰ মেঘালয় আৰু মানকাচাৰৰ বজাৰত গ্ৰহকৰ সহাৰি লাভ কৰিছে আৰু বগৰী বিক্ৰী কৰি ৮ ৰ পৰা ৯ লাখ পৰ্যন্ত টকা উপাৰ্জন হৈছে। অধিক বগৰী খেতিৰ বাবে ভূমিৰ পৰিসৰ বৃদ্ধি কৰি এইবাৰ ২২ বিঘা ভুমিত নতুনকৈ দুই হাজাৰ বগৰী পুলি ৰোপন কৰিছে।   
 
কাশ্মীৰি বগৰী
 
ফাইভষ্টাৰ লাইভ ষ্ট'ক জইণ্ট ফাৰ্মীং কোঅপাৰেটিভ ছ'চাইটি লিমিটেডৰ সৈতে জৰিত হৈ থকা উদ্যমী যুৱকসকলে কেৱল বগৰীৰ খেতিৰ সৈতে ব্যস্ত হৈ নাথাকি এখন ছাগলীৰ ফাৰ্মৰো ব্যৱস্থা কৰিছে। প্ৰায় ডেৰ বিঘা ভূমিৰে আবৃত ফাৰ্মখনত ৪৫ টা ছাগলী পালন কৰিছে। এই ফাৰ্মখনত ব্ৰীটেইল, টোতাবৰী, জমুনা আদি প্ৰজাতিৰ মুঠ ১৪ টা আৰু স্থানীয় প্ৰজাতিৰ ৩১ টা ছাগলী আছে। ছাগলীবোৰৰ বাবে ফাৰ্মখনৰ লগতে প্ৰায় ৮ বিঘা ভূমিত মাকৈ আৰু নেটিয়াৰ নামৰ ঘাঁহৰ খতি কৰিছে। ইয়াৰোপৰি তেওঁলোকে গাই গৰুও পালনৰ ব্যৱস্থা গ্ৰহণ কৰিছে।   
 
 ফাইভষ্টাৰ লাইভ ষ্ট'ক জইণ্ট ফাৰ্মীং কোঅপাৰেটিভ ছ'চাইটি লিমিটেডৰ বগৰী খেতি, ঘা খেতি আৰু ছাগলী ফাৰ্ম
 
জহিৰুল ইছলামে কয়, "বৰ্তমানলৈ  আমি চৰকাৰৰ পৰা কোনো ধৰনৰ সুবিধা লাভ কৰা নাই। জিলা উপায়ুক্ত তথা ব্লক বিষয়াই আহি আমাৰ খেতি পৰিদৰ্শন কৰি গৈছে। তেওঁলোকে আমাৰ কামৰ শলাগ লৈছে। তেওঁলোকে আমাক খেতিৰ ববে প্ৰয়োজনীয় পানী যোগান  আৰু ফাৰ্মৰ ছাগলবোৰৰ ভৰিত ঘা নহবলৈ গল্ফ ফিল্ডৰ ব্যৱস্থা কৰি দিয়াৰ আশ্বাস প্ৰদান কৰিছে।"   
 
জহিৰুল ইছলামে কয় যে তেওঁলোকৰ উদ্দেশ্য হ'ল কৃষি কৰ্ম আৰু পশু পালনৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে কিদৰে আন দহ জনক স্বাৱলম্বী কৰি তুলিব পাৰি তাৰ এক সামান্য প্ৰায়াস কৰা। যাতে তেওঁলোকৰ কামৰ পৰা আন বহু যুৱকে উৎসাহ পায় আৰু কৃষি তথা পশুপালন কৰাৰ বাবে আগবাঢ়ি আহে। ইতিমধ্যে তেওঁলোকৰ সৈতে মানকাচাৰৰ ১৮ টা মান যুবকৰ দলে যোগাযোগ কৰিছে আৰু খেতি আৰু পশু পালনৰ বিষয়ে আলোচনা কৰিছে।