ইমামুদ্দিনে হায়দৰাবাদী যুৱসকলৰ মাজত জনপ্ৰিয় কৰি তুলিছে মিক্সড মাৰ্শাল আৰ্ট

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
ইমামুদ্দিনে এজন প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দিছে
ইমামুদ্দিনে এজন প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দিছে
মহম্মদ আক্ৰাম / হায়দৰাবাদ  

যদিও ভাৰতত ক্ৰিকেট খেল এক ৰাষ্ট্ৰীয় পৰিসৰ হৈ পৰিছে। কিন্তু তাৰ মাজতেই হায়দৰাবাদ চহৰত যুৱক-যুৱতীসকল এক অন্য খেলৰ প্ৰতি উন্মাদ হৈ পৰা দেখা গৈছে।  সেইয়া হৈছে মিক্সড মাৰ্শাল আৰ্ট

চাৰমিনাৰ অঞ্চলৰ বাসিন্দা মহম্মদ ইমামুদ্দিন নাভেদে তেওঁৰ ককাক আৰু দেউতাকৰ পৰা এই খেল উত্তৰাধিকাৰী হিচাপে খেলিবলৈ শিকিছিল । নাভেদে তেওঁৰ ককাকক এই খেলখন খেলি থকা দেখিছিল। তেওঁ আনকো এই খেলখন কি দৰে খেলিব লাগে তাৰ দক্ষতা প্ৰদান কৰিছিল। ডাঙৰ হোৱাৰ লগে লগে তেওঁৰ দেউতাক এম এছ জাভেদক মাৰ্শাল আৰ্ট মেচত অংশগ্ৰহণ কৰা নাভেদে দেখিছিল আৰু লাহে লাহে এই খেল সৰুৰে পৰা দেখি তেওঁ খেলখনৰ প্ৰতি আকৰ্ষিত হৈ গৈছিল। 

তেওঁৰ দেউতাক তেওঁৰ প্ৰশিক্ষক হৈছিল। ইমামুদ্দিন নাভেদে ক্ৰীড়াত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো পদক জয়ী হবলৈ সক্ষম হৈছিল আৰু পৰিয়াল আৰু ৰাষ্ট্ৰলৈ গৌৰৱ কঢ়িয়াই আনিছিল।

এই খেলখন দৰ্শকৰ বাবে এক বিপদজনক খেল। অৱশ্যে, ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে, ই আত্ম-প্ৰতিৰক্ষাৰহে খেল। খেলুৱৈসকলে প্ৰতিদ্বন্দীৰ চুলি টনা, ছাল কামুৰা বা খেলত কঁকালৰ এলেকাত আঘাত কৰিব নোৱাৰে।

ইমামুদ্দিন নাভেদ তেওঁৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে
 
ইমামুদ্দিনে চহৰখনত ১২ টা কেন্দ্ৰ চলায়। য'ত প্ৰায় ১৫০০ শিশুক ব্লাড স্পোৰ্টত প্ৰশিক্ষণ দিয়া হৈছে। তেওঁলোকৰ কেন্দ্ৰৰ শিক্ষাৰ্থীসকলে ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো পদক লাভ কৰিবলৈ সক্ষম হৈছে ।

এতিয়ালৈ এই খেল কেৱল চলমান খান অভিনীত চুলতান আৰু অক্ষয় কুমাৰ আৰু সিদ্ধাৰ্থ মালহোত্ৰা অভিনীত ব্ৰাদাৰ্ছৰ দৰে একচন চিনেমাত প্ৰচাৰ কৰা হৈছে।

মহম্মদ ইমামুদ্দিন নাভেদ হৈছে ইউনাইটেড এমেচাৰ মুয়ে থাই এছ'চিয়েচন ইণ্ডিয়া (ইউএএমএআই)ৰ (United Amateur Muay Thai Association India) সহকাৰী ৰাষ্ট্ৰীয় প্ৰশিক্ষক। তেওঁ চীনত অনুষ্ঠিত ২০০৭ চনৰ এছিয়ান ইণ্ডোৰ গেমছত জয়ী হৈ ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ সাতবাৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ জিকিবলৈও সক্ষম হৈছিল ।
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, "মই মোৰ ককাদেউতা আৰু দেউতাক সৰুৰে পৰা এই খেল খেলি থকা দেখিছোঁ। মোৰ দেউতাই মোক খুব কম বয়সতে প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছিল। তেওঁ মোক কাৰাটে, জু-জিটচু, বক্সিং, কিক বক্সিং, মুয়ে থাই, এমএমএ আদি খেলসমূহৰ সৈতে পৰিচয় কৰাই দিছিল।
তেওঁ কয় যে তেওঁৰ দেউতাকে বৰ্তমান এই পৃথিৱী ত্যাগ কৰিছে। কিন্তু তেওঁৰ দেউতাকে তেওঁক দিয়া পৰামৰ্শবোৰে তেওঁক সদায় এই খেলখন আগবঢ়াই নিয়াত পথ প্ৰদৰ্শন কৰি আহিছে আৰু আগবাঢ়ি যোৱাত সহায় কৰিছে ।

ইমামুদ্দিনে কয় যে যদিও তেওঁ বহুতো শিশুক প্ৰশিক্ষণ দি আছে, কোভিড-৯ মহামাৰীয়ে দুবছৰৰ ভিতৰত প্ৰশিক্ষণত প্ৰভাৱ পেলাইছিল। এতিয়ালৈকে তেওঁৰ সাতজন শিক্ষাৰ্থীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰিছে আৰু ১০০তকৈও অধিক শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছে।

ইমামুদ্দিনে কয়, "মোৰ শিক্ষাৰ্থীসকলে এই বছৰ তুৰস্ক আৰু বেংককৰ দৰে দেশত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছে। যিটো আমাৰ বাবে এক গৌৰৱৰ কথা। আগন্তুক দিনত, মোৰ শিক্ষাৰ্থীসকলক জাৰ্মানীত প্ৰতিযোগিতাত অংশগ্ৰহণ  কৰা দেখা যাব আৰু সেই প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলি আছে।"