আনোৱাৰ হুছেইনৰ সৃষ্টিশীলতাক ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ স্বীকৃতি

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
আনোৱাৰ হুছেইন; (সোঁফালে) তেওঁৰ এটা সৃষ্টি
আনোৱাৰ হুছেইন; (সোঁফালে) তেওঁৰ এটা সৃষ্টি
আৰিফুল ইছলাম / গুৱাহাটী
 
যদি চিগাৰেট সেৱন কৰা স্বাস্থ্য বাবে ক্ষতিকাৰক হৈ, তেনেহ'লে পেলনীয়া চিগাৰেটৰ পেকেট আমাৰ চাৰিওফালৰ পৰিবেশৰ বাবেও ক্ষতিকাৰক হয়। কিন্তু কামৰূপ জিলাৰ আনোৱাৰ হুছেইনে ইয়াৰ এক ব্যতিক্ৰম আনিবলৈ সক্ষম হৈছে। কামৰূপ জিলাৰ অন্তৰ্গত পুঠিমাৰীৰ আঠৰা গাঁৱৰ আনোৱাৰ হুছেইনে পেলনীয়া চিগাৰেটৰ পেকেটেৰে প্ৰস্তুত কৰিছে বিভিন্ন সজোৱা সামগ্ৰী। ইয়াৰে ভিতৰত অন্যতম চিগাৰেটৰ পেকেতৰ ঘৰ আৰু এখন এৰ'প্লেন। চিগাৰেটৰ পেলনীয়া পেকেটেৰে প্ৰস্তুত কৰা এৰ'প্লেন খনৰ বাবে আনোৱাৰ হুছেইনৰ নাম অন্তৰ্ভুক্ত হৈছে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত।
 
সমগ্ৰ বিশ্বতে পেলনীয়া সামগ্ৰী হৈছে পৰিবেশ প্ৰদূষণৰ মুখ্য কাৰণ। যাৰ বাবে বিভিন্ন ঠাইত চৰকাৰ তথা বেচৰকাৰী সংস্থাসমূহে সজাগতা বৃদ্ধিৰ কাম কৰি আছে। তেনে সময়ত আনোৱাৰ হুছেইনৰ এই ব্যতিক্ৰমী পদক্ষেপ সলাগিবলগীয়া।
 
চিগাৰেটৰ পেকেটৰে তৈয়াৰ কৰা এৰ'প্লেন যি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ স্বীকৃতি আনিছিল
 
আৱাজ-দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আনোৱাৰ হুছেইনে কয়: "আমাৰ চাৰিওপিনে চকু ফুৰালে দেখা পাই যে বিভিন্ন পেলনীয়া সামগ্ৰীয়ে পৰিৱেশ লেতেৰা কৰাৰ উপৰিও প্ৰদূষিত কৰি আহিছে। এদিন হঠাতে মই ভাবিলোঁ যে পেলনীয়া সামগ্ৰিক কিদৰে আকৌ ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰি। তেনেকৈয়ে মই চিগাৰেটৰ খালি পেকেটেৰে কিছু সামগ্ৰী বনাবলৈ চেষ্টা কৰিলোঁ। প্ৰায় দুই ঘণ্টাত মই এখন এৰ'প্লেন তৈয়াৰ কৰিছিলোঁ। চিগাৰেটৰ খালি পেকেট, আঠা আৰু কাগজেৰে এৰ'প্লেনখন তৈয়াৰ কৰিছিলোঁ।"
আনোৱাৰে চাৰিওপিনে পৰি থকা চিগাৰেটৰ পেকেট বুটলি আৰু দোকানৰ পৰা পেকেট সংগ্ৰহ কৰি নিজৰ সৃষ্টিশীলতা কৰি গৈছে। আনোৱাৰ হৈছে মাদ্ৰাছা শিক্ষাৰে শিক্ষিত এগৰাকী যুৱক লগতে তেওঁ আৰবী বিষয়ৰ স্নাতক। শৈশৱতে পিতৃৰ বিয়োগ ঘটাৰ ফলত আৰ্থিকভাৱে দুৰ্বল আনোৱাৰৰ পৰিয়াল। নিজৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোক পোহপাল দিয়াৰ বাবে গাঁৱতে টিউচন কৰে আনোৱাৰে। অৱশ্যে, আনোৱাৰৰ পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁৰ বংশধৰ সকলে যথেষ্ট সহায় আগবঢ়াইছিল। আনোৱাৰ হুছেইনৰ এনে সফলতাত গাঁওবাসী তথা অঞ্চলটোৰ ৰাইজে যথেষ্ট উৎফুল্লিত হৈছে।
ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ প্ৰমাণপত্ৰ
 
আনোৱাৰে ৰঙিয়া মহাবিদ্যালয়ত আৰৱী স্নাতক আৰু মাদ্ৰাছা শিক্ষাৰে শিক্ষিত এগৰাকী যুৱক। যুৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰা আনোৱাৰে যুৱ প্ৰজন্মৰ বিষয়ে উল্লেখ কৰি কয়: "বৰ্তমান গাঁও অঞ্চলত যুৱক-যুৱতীসকলে শিক্ষাৰ প্ৰতি আগ্ৰহী নহয়। মোবাইল, বাইক এইবোৰ বেছি হোৱাৰ ফলত পঢ়া-শুনাৰ আগ্ৰহ কমি গৈছে। শিক্ষা নহলে বৰ্তমান সমাজত চলাটো যথেষ্ট কঠিন। পঢ়াৰ উপৰিও অন্য কাম কাজত মনোযোগ দিয়াটো যথেষ্ট গুৰুত্বপূৰ্ণ। কৰিব জানিলে বহু কামেই কৰিব পাৰি। কেৱল থাকিব লাগিব আগ্ৰহ আৰু ধৈৰ্য্য।  কোনো কামতে কম সময়তে ফল নাপাই। কাম কৰি গ'লে এদিন নহয় এদিন নিশ্চয় ফলপ্ৰসূ হ'বই। গতিকে যুৱ প্ৰজন্মই বিভিন্ন ক্ষেত্ৰত নিজৰ কাম কৰি যাব লাগে।"