কাশ্মীৰৰ গাঁৱৰ ৱাছিম আৰু ইকবালৰ অসামৰিক সেৱাত স্থান লাভ

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
ৱাছিম আহমেদ ভাট আৰু ইকবাল ৰছুল দাৰ
ৱাছিম আহমেদ ভাট আৰু ইকবাল ৰছুল দাৰ
এহচান ফজিলি/ শ্ৰীনগৰ

ৰাষ্ট্ৰীয় প্ৰৱণতাৰ দৰে, জম্মু আৰু কাশ্মীৰৰ মুছলমানসকলৰ মাজত অসামৰিক সেৱাৰ উন্মাদনা এই বছৰ নিম্নস্তৰলৈ যোৱা দেখা গৈছে। কিয়নো এই বছৰ মাত্ৰ কেইজনমান প্ৰাৰ্থীয়েহে এই সেৱাৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

শ্বাহ ফেচালে ২০০৯ চনৰ অসামৰিক সেৱাৰ গোটৰ শীৰ্ষস্থান দখল কৰি এক প্ৰৱণতা নিৰ্ধাৰণ কৰিছিল। যিটো শীঘ্ৰেই  উগ্ৰবাদ প্ৰভাৱিত এই উপত্যকাৰ যুৱক-যুৱতীসকলে অনুসৰণ কৰা দেখা গৈছে । যোৱা বছৰ জে এণ্ড কেৰ (J&K) কমেও ১৬ জন যুৱকে ইউ পি এছ চিৰ সফল প্ৰাৰ্থীৰ তালিকাত স্থান পাইছিল।

অৱশ্যে, এই প্ৰৱণতাই কোনো প্ৰকাৰে ৱাছিম আহমেদ ভাট, (ৰেংক ২২৫), আৰু ইকবাল ৰছুল দাৰৰ (ৰেংক ৬১১) দৰে ইয়াক প্ৰস্তুত কৰা সকলৰ সফলতা হ্ৰাস নকৰে।  দুয়োজনে কাশ্মীৰৰ দূৰৱৰ্তী গাওঁৰ পৰা আহিছিল।

দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ ব্ৰাঘাম গাঁৱৰ  অভিযান্ত্ৰিক স্নাতক ২৩ বছৰীয়া ৱাছিমে ইউপিএছচি পৰীক্ষাত যোগ্যতা অৰ্জন কৰা প্ৰথম জন । তেওঁ এয়া প্ৰথম প্ৰচেষ্টাত লাভ কৰিছিল।

তেওঁ আৱাজ দ্যা ভয়ইছক জনাইছিল  কঠোৰ পৰিশ্ৰম, সঠিক নিৰ্দেশনা আৰু অভিভাৱকৰ সমৰ্থনৰ সৈতে  থকা প্ৰতিশ্ৰুতিয়ে তেওঁক পৰীক্ষাত উত্তীৰ্ণ হোৱাত সহায় কৰিছিল।

ৱাছিমে কৈছিল যে বিভিন্ন ক্ষেত্ৰৰ মানুহে প্ৰতিযোগিতাত সফলতা অৰ্জনৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ বাহিৰে আন কোনো উপায় নাথাকে। 'সফল হোৱাটো কঠিন, কিয়নো আমাৰ সঠিক দিশ নাই।"

তেওঁ চৰকাৰৰ দ্বাৰা পৰিচালিত চাকৰিৰ বাবে আন কেইবাটাও প্ৰৱেশদ্বাৰ যোগ্যতা অৰ্জন কৰিছে।

ৱাছিমে তেওঁৰ আই এ এছ সপোনৰ বাবে ২০১৯ চনত দিল্লী যাবলগীয় হৈছিল। কিন্তু  সেই সময়ত কোভিডৰ বাবে লকডাউন সময় আছিল। তেওঁ সঠিক নিৰ্দেশনা পাবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল।

তেওঁ পৰীক্ষাৰ মুখ্য বিষয় হিচাপে নৃতত্ত্বক বাছনি কৰিছিল। তিনিজন ভাই-ভনীৰ ভিতৰত  ৱাছিম ডাঙৰ আৰু তেওঁৰ দুগৰাকী সৰু ভগ্নী আছে। তেওঁলোকে স্কুলত অধ্যয়ন কৰি আছে । তেওঁৰ দেউতাকে কৃষি বিভাগত কৰ্মৰত আৰু তেওঁৰ মাক এগৰাকী গৃহিণী।

ৱাছিমে কয় মই মোৰ মহাবিদ্যালয়ৰ বহুতো জ্যেষ্ঠৰ পৰা অনুপ্ৰেৰণা পাইছিলোঁ । যিসকলে চৰকাৰী সেৱাত কৰ্মৰত আৰু অসামৰিক সেৱাৰ বাবে চেষ্টা কৰি আছে।

একে ধৰণৰ সপোন থকা লোকসকললৈ তেওঁৰ বাৰ্তা: "যদি আপুনি এই সপোন সম্পন্ন কৰিব বিচাৰে, তেন্তে আপুনি সঠিক পৰিকল্পনা কৰক আৰু কঠোৰ পৰিশ্ৰম কৰক। প্ৰথ্ম  প্ৰচেষ্টাত সাফল্যতা অৰ্জন কৰিব নোৱাৰিলেও, কঠোৰ পৰিশ্ৰমে সকলো সলনি কৰিব পৰা যায়।

ইকবাল ৰছুল দাৰে (৬১১) চাৰি বছৰ ধৰি এই দিনটোৰ বাবে কাম কৰিছিল। তেওঁ এজন যোগ্য অভিযন্তা। উত্তৰ কাশ্মীৰৰ কুপৱাৰাৰ হান্দৱাৰা অঞ্চলৰ এই ২৮ বছৰীয়া যুৱকজনে ৰাজনীতি বিজ্ঞানত তেওঁৰ পি.জি ডিগ্ৰী সম্পূৰ্ণ কৰে আৰু ইয়াক অসামৰিক সেৱাৰ মুখ্য বিষয় হিচাপে গ্ৰহণ কৰে।

এক সাধাৰণ  পৃষ্ঠভূমিৰ পৰা অহা, ২৮ বছৰীয়া ইকবাল ৰছুল দাৰ দূৰৱৰ্তী অঞ্চলৰ পৰা আহিছে। উল্লেখযোগ্য যে অঞ্চলটোত আন দুজন অসামৰিক কৰ্মচাৰী আছে - আব্দুল গনি মীৰ (আই.পি.এছ ১৯৯৪) যাক জে এণ্ড কে আৰক্ষীত এডিজিপি হিচাপে নিযুক্তি দিয়া হৈছে, আৰু লগতে শ্বাহ ফেচাল, (২০০৯ আই.এ.এছ) যি তেতিয়াৰ পৰা ৰাজহুৱা সেৱাৰ কাম কৰি আছে।


জামিয়া মিলিয়া ইছলামিয়া নতুন দিল্লীৰ প্ৰতি ইকবালৰ এক বিশেষ কৃতজ্ঞতা আছে। কিয়নো তাত তেওঁলোকে আকাংক্ষিত পৰীক্ষাৰ বাবে প্ৰশিক্ষণ লবলৈ  বাস কৰি আছিল।

"ইয়াত সঁচাকৈয়ে নিৰন্তৰ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আৰু কেতিয়াবা আৱেগিকভাৱে দুখদায়কও হয় বুলি ইকবালে কয়।

জামিয়া মিলিয়াই বছৰি অসামৰিক সেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে ১২০ জন প্ৰাৰ্থীক প্ৰশিক্ষণ দিয়ে।