গ্ৰামাঞ্চলৰ প্ৰতিভাক সুযোগ দিবলৈ ইউএছটিএমৰ উদ্যোগত শিক্ষামূলক ভ্ৰমণ

Story by  atv | Posted by  [email protected] • 1 Years ago
ইউএছটিএমৰ উদ্যোগত শিক্ষামূলক ভ্ৰমণ
ইউএছটিএমৰ উদ্যোগত শিক্ষামূলক ভ্ৰমণ
গুৱাহাটী
 
গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীৰ মাজত বিজ্ঞান শিক্ষাৰ প্ৰচাৰৰ উদ্দেশ্যে ইউনিভাৰচিটী অৱ ছায়েন্স এণ্ড টেকন’লজী মেঘালয়(ইউএছটিএম)-এ ৬ মে’ৰ পৰা আয়োজন কৰিছে এক শিক্ষামূলক ভ্ৰমণ কাৰ্যসূচী। ইউপিএছচি, এনইইটি আৰু জেইই পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা বৰাক উপত্যকাৰ ৫০০ ৰো অধিক পৰীক্ষাৰ্থীয়ে এই শিক্ষামূলক ভ্ৰমণত অংশ লৈছে। শিক্ষাৰ্থীসকলে বৰ্তমান কৰিমগঞ্জ জিলাৰ ভিজন-৫০ একাডেমীৰ অধীনত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।
 
ইউএছটিএমৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত শিক্ষাৰ্থীসকলক উদ্দেশ্যি এক প্ৰেৰণাদায়ী ভাষণ আগবঢ়াই ইউএছটিএমৰ উপাচাৰ্য মাহবুবুল হকে কয় যে অসামৰিক সেৱা পৰীক্ষা, এনইইটি আৰু জেইই উত্তীৰ্ণ হ'বলৈ উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাম্য অঞ্চলৰ মুখ্যতঃ উচ্চাকাংক্ষী শিক্ষাৰ্থীসকলক সমৰ্থন কৰিবলৈ ভিজন-৫০ হৈছে ইআৰডি ফাউণ্ডেশ্যন, গুৱাহাটীৰ এক অন্যতম দূৰদৰ্শী পদক্ষেপ।
 
শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰিবলৈ উপাচাৰ্য হকে এনইইটি পৰীক্ষাত ৬০০ বা তাতকৈ অধিক নম্বৰ লাভ কৰাসকলক ১,০০,০০০টকা আৰু ৫৫০ বা তাতকৈ অধিক নম্বৰ লাভ কৰাসকলক ৫০,০০০ টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।
৮ মে’লৈ চলিবলগীয়া এই শিক্ষামূলক ভ্ৰমণত বৰাক উপত্যকাৰ শিক্ষাৰ্থীসকলে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান(আইআইটি), গুৱাহাটী আৰু গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান সংগ্ৰহালয় তথা শংকৰদেৱ কলাক্ষেত্ৰও পৰিদৰ্শন কৰিব।