শাৰিৰীক বাধা নেওচি মহম্মদ গোলফামে আয়ত্ত্ব কৰিলে বিশ্বৰ ৫০টা ভাষা

Story by  atv | Posted by  Munni Begum • 1 Years ago
মহম্মদ গোলফাম
মহম্মদ গোলফাম
আৰিফুল ইছলাম / গুৱাহাটী

আগ্ৰহ থাকিলে পৃথিৱীত সকলো কামেই সফলতাৰে সম্পন্ন কৰিব পাৰি। এই কথা প্ৰমাণ কৰি দেখুৱাইছে ৰঙিয়াৰ এগৰাকী প্ৰতিভাৱান যুৱকে। যুৱকজনৰ নাম মহম্মদ গোলফাম। তেওঁ বিশেষভাৱে সক্ষম যদিও নিজৰ কৰ্ম আৰু ইতিবাচক দৃষ্টিভংগীৰে আনক কেতিয়াও নিজৰ শাৰিৰীক প্ৰতিবন্ধকতাৰ কথা অনুভৱ কৰিবলৈ দিয়া নাই। প্ৰবল ইচ্ছা শক্তিৰ জৰিয়তে তেওঁ বিশ্বৰ বিভিন্ন ভাষা আয়ত্ত্ব কৰিছে আৰু আনকো এই ভাষাসমূহ শিকোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। 
 
বিৰল প্ৰতিভাৱান গোলফামে ডিজিটেল প্লেটফৰ্মৰ সহায় লৈ বিশ্বৰ প্ৰায় ৫০তাৰো অধিক ভাষা জনাৰ উপৰি প্ৰায় ১২টা ভাষা সলসলীয়াকৈ ক'ব পাৰে। বড়ো, আৰৱী, ফ্ৰেন্স, জাৰ্মান, ইংৰাজী, ইউ এছ ইংৰাজী, কানাডিয়ান ইংৰাজী, ব্ৰিটিছ ইংৰাজী, হিন্দী, পঞ্জাৱী, নেপালী, ভোজপুৰী, মেথলী, বাংলা আৰু অসমৰ ঠাইভেদে ব্যৱহাৰ হোৱা বিভিন্ন কথিত ভাষাসমূহ তেওঁ স্পষ্টকৈ ক'ব পাৰে। 
 
 
ইউটিউব চেনেলৰ জৰিয়তে তেওঁ ইংৰাজী ভাষা কোৱা আৰু কম্পিউটাৰ পাঠ্যক্ৰম টেলিৰ প্ৰশিক্ষণ আগবঢ়াই আহিছে। তদুপৰি, ৰঙিয়া চহৰত তেওঁ প্ৰতিষ্ঠা কৰিছে গ্লোবেল নামৰ এখন কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ। ইয়াত টেলি, ডি টি পি, ফটোশ্বপ, হাৰ্ডৱেৰ, চফ্টৱেৰে আদিৰ বিভিন্ন ধৰণৰ পাঠ্যক্ৰম শিকোৱা হয়। লগতে ৰেটইল মেনেজমেণ্ট, মটিভেচন আৰু কমাৰ্চৰ কোচিং কৰোৱা হয়।
উল্লেখ্য যে, কমাৰ্চত স্নাতক ডিগ্ৰীৰ পিছত এম বি এ ডিগ্ৰী সম্পূৰ্ণ কৰা গোলফামে ব্ৰিটিছ কাউন্সিলৰ অনুজ্ঞাপত্ৰও লাভ কৰিছে। একেদৰে, ২০২২ চনত গোলফামে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। তেওঁৰ প্ৰতিস্থানখনেও বেষ্ট ইনষ্টিটিউট ২০২২ৰ খিতাপ লাভ কৰিছে। 
মনকৰিবলগীয়া কথাটো হ’ল যে, বিভিন্ন দেশৰ ভাষা শিকিবলৈ মহম্মদ গোলফামে কোনো দেশ ভ্ৰমণ কৰিব যোৱা নাই বা কোনো শিক্ষাগুৰুৰ পৰাও বিদেশী ভাষাৰ জ্ঞান অৰ্জন কৰা নাই। ইণ্টাৰনেটৰ উচিত ব্যৱহাৰ কৰি ইউটিউব, গুগল আদিৰ দৰে ডিজিটেল মঞ্চসমূহৰ পৰা তেওঁ ভাষাৰ লগতে বিভিন্ন শিক্ষা আহৰণ কৰিছে। 
 
গ্লোবেলত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী সকল
 
তেওঁ কয়; "শিকাৰ মানসিকতা থাকিলে মানুহে শিকিব পাৰে। বৰ্তমান যুগটোৱে হৈছে সামাজিক মাধ্যমৰ যুগ। আমি বহুত বস্তু ইউটিউব আৰু গুগলৰ পৰা শিকিব পাৰো। মই এই বিদেশী ভাষাসমূহ ইউটিউব, গুগল, জিঅ’ লিঙ্গ, কেম্বলিন আদি এপৰ পৰা শিকিছোঁ। ইউটিউবৰ দৰে ভাল শিক্ষাগুৰু নাই। ইউটিউবৰ জৰিয়তে মানুহে সকলো শিকিব পাৰে। ইউটিউব হ'ল বিনামূলীয়াকৈ পোৱা আটাইতকৈ সহজ উপলব্ধ মাধ্যম।"
 
ছাত্ৰ-ছাত্ৰী সকলক ইংৰাজী প্ৰশিক্ষণ দি থকা মুহূৰ্তত মহম্মদ গোলফাম
 
বৰ্তমানলৈ নিজৰ যাত্ৰাৰ বিষয়ে উল্লেখ কৰি মহম্মদ গোলফামে কয়; "মই বহুত দুখীয়া ঘৰৰ লৰা আছিলোঁ। মোৰ দেউতাই যদিও ৰেলৱেত কাম কৰিছিল, কিন্তু আমাৰ আৰ্থিক অৱস্থা বহুত বেয়া আছিল। বিভিন্ন ধৰণৰ আৰ্থিক সমস্যই দেখা দিছিল। মই বেলেগৰ ঘৰত কামো কৰিছিলোঁ। ৰাস্তাৰ ওচৰত দোকানো দিছিলোঁ। পিছলৈ লাহে লাহে মই ভাল পৰিৱেশ পাইছিলোঁ। ভালদৰে অধ্যয়ন কৰিছিলোঁ আৰু সকলোৰে মৰমৰ বাবে এই স্থান পাইছোঁ। বৰ্তমান এনেকৈ শিক্ষাৰ লগত জড়িত হৈ আছোঁ।
 
ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰি মহম্মদ গোলফামে কয়; "মই ডিজিটেল মাধ্যমৰ জৰিয়তে ইংৰাজী ভাষাৰ শিক্ষা সমগ্ৰ অসমতে বিনামূলীয়াকৈ আগবঢ়াব বিচাৰোঁ। সামাজিক মাধ্যমসমূহ ব্যৱহাৰ কৰি অৰ্থনৈতিক বিপ্লৱ আনিব বিচাৰো। দিব্যাংগ সকলক মানুহে বিভিন্ন সময়ত ঠাট্টা কৰে, ইতিকিং কৰে। গতিকে আমি চৰকাৰকো আহ্বান জনাওঁ, যাতে আমাক ডিজিটেল সহায় আগবঢ়াই আগুৱাই নিয়ে। ইতিমধ্যে মই মোৰ ইউটিউব চেনেলৰ জৰিয়তে বিভিন্ন জিলাত বিনামূলীয়াকৈ পাঠদান কৰিছিলোঁ। অসমৰ ছাত্ৰ-ছাত্ৰীৰ ইংৰাজীৰ প্ৰতি থকা ভয় মই দূৰ কৰিব বিচাৰোঁ। লগতে ছাত্ৰ-ছাত্ৰী সকলক ভৱিষ্যতে আমি প্ৰায় সকলোবোৰ পাঠ্যক্ৰম বিনামূলীয়াকৈ পাঠদান কৰিব বিচাৰোঁ"।