মেটা ইণ্ডিয়াৰ নতুন মূৰব্বী সন্ধ্যা দেৱনাথনৰ বিষয়ে কিছু নজনা তথ্য

Story by  atv | Posted by  [email protected] • 1 Years ago
সন্ধ্যা দেৱনাথন
সন্ধ্যা দেৱনাথন
নতুন দিল্লী

ফেচবুকৰ মূল কোম্পানী মেটাই সন্ধ্যা দেৱনাথনক ইয়াৰ ভাৰতৰ ব্যৱসায়ৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিছে। গোলকীয় পৰ্যায়ত মেটাৰ কেইবাজনো উচ্চ পদস্থ বিষয়ববীয়াই চাকৰি ত্যাগৰ পিছতে তথ্য-প্ৰযুক্তিৰ কোম্পানীটোৱে সন্ধ্যা দেৱনাথনক ভাৰতৰ ব্যৱসায়ৰ নতুন মুৰব্বীৰ দায়িত্ব অৰ্পণ কৰিছে।  
 
উল্লেখ্য যে, দেৱনাথন হৈছে বেঙ্কিং, পেমেণ্টছ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰৰ ২২ বছৰৰ অভিজ্ঞতা থকা এগৰাকী গোলকীয় ব্যৱসায়িক নেতা। তেওঁ ২০০০ চনত দিল্লী বিশ্ববিদ্যালয়ৰ ফেকাল্টি অফ মেনেজমেণ্ট ষ্টাডিজৰ পৰা এমবিএ সম্পূৰ্ণ কৰিছিল। 
তেওঁ ২০১৬ চনত মেটাত যোগদান কৰিছিল আৰু ছিংগাপুৰ আৰু ভিয়েটনামৰ ব্যৱসায় আৰু দলৰ লগতে দক্ষিণ-পূব এছিয়াত কোম্পানীটোৰ ই-কমাৰ্চ উদ্যোগ গঢ়ি তোলাত সহায় কৰিছিল। নতুন ভূমিকাত দেৱনাথনে মেটা এছিয়া-পেচিফিকৰ উপ-সভাপতি ডেন নিয়াৰীক প্ৰতিবেদন দিব।
২০২০ চনত দেৱনাথনে এছিয়া-পেচিফিক (এপিএচি) অঞ্চলত কোম্পানীৰ গেমিং প্ৰচেষ্টাৰ নেতৃত্ব দিছিল। লিংকডইন প্ৰফাইলৰ মতে, দেৱনাথন হৈছে নেতৃত্ব আৰু কৰ্মক্ষেত্ৰত মহিলাৰ প্ৰসাৰৰ প্ৰবল সমৰ্থক।
তেওঁ মেটাত উইমেন এপিএচিৰ কাৰ্যবাহী পৃষ্ঠপোষকৰ লগতে গেমিং উদ্যোগত বৈচিত্ৰ্যৰ প্ৰতিনিধিত্ব উন্নত কৰাৰ বাবে গ্লোবেল মেটা পদক্ষেপ প্লে ফৰৱাৰ্ডৰ বাবে গ্লোবেল লিড। তেওঁ পেপাৰ ফাইনেন্সিয়েল চাৰ্ভিচেছৰ গ্ল’বেল ব’ৰ্ডতো কাৰ্যনিৰ্বাহ কৰে।