সন্তানক সময় দি ড্ৰাগছ নামৰ বৰবিহৰ পৰা বচাওঁক

Story by  atv | Posted by  Munni Begum • 2 Years ago
বৰবিহ ড্ৰাগছ
বৰবিহ ড্ৰাগছ
মুন্নী বেগম / গুৱাহাটী
 
বৰ্তমান সমাজত  ব্যাধিৰূপে দেখা দিয়া বৰবিহ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ মূল লক্ষ্য হৈছে যুৱ প্ৰজন্ম। কিয়নো ১১ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰী এই বৰবিহৰ প্ৰতি অধিক আসক্ত হোৱা দেখা যায়।
 
এই সন্দৰ্ভত হায়াত হাস্পতালৰ মনোৰোগ বিশেষজ্ঞ সঞ্জয় সিঙে কয় , "বৰ্তমান আমাৰ জীৱনশৈলী যথেষ্ট সলনি হৈছে। যুৱ প্ৰজন্মই বৰ্তমান বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰাৰ লগতে নিজকে সকলোৰে সন্মুখত পৃথক বুলি উপস্থাপন কৰিবলৈ গৈ কিছু বদ অভ্যাস গঢ়ি তুলিছে। বিশেষকৈ ১১ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰী সকলৰ  অধিকাংশই নিচাজাতীয় দ্ৰব্য গুটখা, মদ, ভাং, ধুমপান আদি সেৱন কৰা পৰিলক্ষিত হয়।"
 
কিশোৰ কিশোৰীয়ে নিচাজাতীয় দ্ৰব্য সেৱন কৰা এক দৃশ্য।
 
পাৰিবাৰিক কন্দল, সুস্থিৰ বাতাবৰণৰ অভাৱৰ লগতে আৰ্থিক সংকট তথা বন্ধু বৰ্গৰ হেঁচাত অধিকাংশ কিশোৰ কিশোৰীয়ে ড্ৰাগছ গুটখা, মদ, ভাং আদিৰ দৰে নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত হোৱা দেখা যায়।
মনোৰোগ বিশেষজ্ঞ সঞ্জয় সিঙে লগতে  কয়, "নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলত লৰা ছোৱালীৰ শৰীৰ লগতে দ্ৰুত গতিত মানসিক পৰিবৰ্তন ঘটে। লৰা ছোৱালীৰ মেজাজ সলনি হোৱা, নিজকে আছুতীয়াকৈ ৰখা, সঘনাই খং উঠা, আক্ৰোষ হৈ যোৱাৰ লগতে তেওঁলোকৰ স্মৃতিশক্তি, দৃষ্টিশক্তি আৰু ধাৰণাশক্তি কমিবলৈ ধৰে। পিছ্লৈ ক্ৰমান্বয়ে হাওঁফাঁও, যকৃত, অন্ত্ৰ, পাকস্থলী আদি কৰ্কট ৰোগত আক্রান্ত হোৱা দেখা যায়।"
সিঙে লগতে  কয়, "বৰ্তমান সময়ত পিতৃ মাতৃ দুয়োগৰাকীয়ে ব্যস্ত। নিজৰ সন্তানৰ বাবে তেওঁলোকৰ ওচৰত সময় যথেষ্ট কম। লৰা ছোৱালী কত গৈছে, কি কৰিছে, কি খাইছে সেইবোৰ লক্ষ্য কৰাৰ সময় নাথকে। যাৰ ফলত কোনো কোনোৱে মানসিক  চাপত ভুগে আৰু প্ৰায়ে বিপ্থে গমন কৰা দেখা যায়। সেয়েহে লৰা ছোৱালীক চাপ মুক্ত কৰাৰ লগতে অন্যান্য বদ অভ্যাসৰ পৰা দূৰত ৰাখিবলৈ অভিভাৱক সকল যথেষ্ট সজাগ হব লাগিব। নিজৰ সন্তানৰ প্ৰতি বন্ধু সুলভ সম্পৰ্ক গঢ়ি তুলিব লাগিব। সন্তানৰ সৈতে মুকলিভাবে কথা পাতিব লাগিব। সন্তানৰ সমস্যা, অসুবিধা সকলো বুজিবলৈ চেষ্টা কৰিব লাগিব।" 
 
"যদি কোন শিশুৱে পৰিয়ালৰ পৰা আছুতীয়াকৈ থাকিব লৈ লৈছে তেন্তে অভিভাৱক সকলে এই বিষয়টো আওকাণ নকৰি সন্তানৰ সৈতে কথা পাতিবলৈ যত্ন কৰিব লাগে আৰু ভালদৰে বুজাই সঠিক পথত ঘূৰাই অনাৰ যত্ন কৰিব লাগে। যদি কোনো সন্তানে নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত হৈছে তেওঁলোকক নিচা এৰুৱাৰ বাবে বাবে সহায় কৰিব লাগে" বুলিও সিঙে কয়।