আঘাতপ্ৰাপ্ত পক্ষীৰ ৰক্ষক শ্বাহজাদ আৰু চাউদ

Story by  atv | Posted by  Munni Begum • 1 Years ago
নাদিম শ্বাহজাদ আৰু মহম্মদ চাউদে উদ্ধাৰ কৰা আঘাতপ্ৰাপ্ত পক্ষীৰ সৈতে
নাদিম শ্বাহজাদ আৰু মহম্মদ চাউদে উদ্ধাৰ কৰা আঘাতপ্ৰাপ্ত পক্ষীৰ সৈতে
চাবিৰ হুছেইন / নতুন দিল্লী
 
১৯৯০ ৰ দশকৰ সময়ছোৱাত পুৰণি দিল্লীৰ দুগৰাকী কিশোৰ ভাতৃয়ে এটা আঘাতপ্ৰাপ্ত ঈগল পাইছিল। ঈগলটো চিলাৰ সূতাৰে আঘাতপ্ৰাপ্ত হৈছিল। দুয়ো ভাতৃয়ে চিকিৎসাৰ বাবে ঈগলটোক দিল্লীৰ আটাইতকৈ বিখ্যাত চৰাই চিকিৎসালয় চান্দনী চ'কলৈ লৈ গৈছিল। কিন্তু তেওঁলোক তাত গৈ হতবাক হৈ পৰিছিল। কিয়নো  চিকিৎসালয়খনে চৰাইটোৰ চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰিছিল, কাৰণ ই এটা মাংসভোজী পক্ষী আছিল। 
 
তেওঁলোকে তেতিয়া ঈগলটোক সহায় কৰিবলৈ অক্ষম হৈছিল। ২০০৩ চনত তেওঁলোকে আকৌ এটা আঘাতপ্ৰাপ্ত ঈগল ঘৰলৈ লৈ আহিছিল। এইটো এটা ক'লা ৰঙৰ ঈগল আছিল আৰু ইয়াৰ হাড় ভাঙিছিল। তেওঁলোকে ঈগলটোক পুনৰ উৰিব পৰা কৰাৰ বাবে নিজাবৱীয়াকৈ সকলো ধৰণৰ চেষ্টা কৰিছিল। সুস্থ হোৱাৰ পিছত ঈগলটো গোটেই জীৱন তেওঁলোকৰ সৈতে থাকিব লৈছিল।
নাদিম শ্বাহজাদ আৰু মহম্মদ চাউদ নামৰ দুই ভাতৃয়ে অৱশেষত পুৰণি দিল্লীত তেওঁলোকৰ ঘৰত এনে আঘাতপ্ৰাপ্ত চৰাইবোৰৰ বাবে তেওঁলোকৰ নিজা উদ্ধাৰ আৰু পুনৰ্সংস্থাপন কেন্দ্ৰ স্থাপন কৰিছিল। ধাতুৰ সামগ্ৰী প্ৰস্তুত কৰা ব্যৱসায়ী শ্বাহজাদ আৰু চাউদে প্ৰথমতে আঘাতপ্ৰাপ্ত চৰাইবোৰৰ যত্ন লোৱাৰ বাবে তেওঁলোকে নিজৰ সামগ্ৰীবোৰ ব্যৱহাৰ কৰিছিল।  
২০১০ চনত তেওঁলোকে আঘাতপ্ৰাপ্ত চৰাইবোৰৰ যত্ন লোৱাৰ উদ্দেশ্যে বন্যপ্ৰাণী উদ্ধাৰ নামৰ এটা বেচৰকাৰী সংগঠন স্থাপন কৰিছিল। বৰ্তমান সংগঠনটোত সদস্যৰ সংখ্যা বাঢ়ি গৈ আছে। কিয়নো যিকোনো লোকে যেতিয়াই কোনো আঘাতপ্ৰাপ্ত চৰাই দেখে তেতিয়াই তেওঁলোকে শ্বাহজাদ আৰু চাউদৰ ওচৰলৈ লয় আহিছিল।
 
চিকিৎসা প্ৰদান কৰা এটা আঘাতপ্ৰাপ্ত ঈগল 
 
বৰ্তমান পশু চিকিৎসক জয় প্ৰকাশ পাণ্ডেৰ লগতে অন্য তিনিগৰাকী ব্যক্তিয়ে শ্বাহজাদ আৰু চাউদৰ পক্ষীৰ যত্ন লোৱা কামত সহায় কৰি আহিছে। শ্বাহজাদে আৱাজ-দ্য ভইচক কয়, "২০১৩ চনত আমি ৱাজিৰাবাদত লোৱা এডোখৰ নতুন ঠাইত চাউদ বাস কৰে আৰু এই ঠাই ডোখৰৰ সমীপৰ এটা ভাড়াঘৰত পক্ষী ক্লিনিক আৰু কাৰ্যালয়ও আছে।"  
তেওঁ লগতে কয়, "আমাৰ ওচৰত থকা চৰাইৰ ভিতৰত সৰ্বাধিক আঘাতপ্ৰাপ্ত চৰাই আছে ঈগলবোৰ। আমি ফেঁচা, শগুন আৰু জলকুকুৰা যেনে ইগ্ৰেট আৰু ষ্টৰ্কও পাওঁ। প্ৰজননকালত পক্ষীবোৰ বাহৰ পৰা পৰি যোৱা বহু চৰাইৰ পোৱালি আমাৰ ক্লিনিকলৈ অনা হয়। উদ্ধাৰৰ সময়ছোৱাত এই চিকাৰী পক্ষীবোৰক কুকুৰা  তথা অন্য মাংস খাবলৈ দিয়া হয় আৰু পিছত এইবোৰৰ যত্ন লোৱাৰ বাবে বহুত টকাও খৰচ কৰিব লগা হয়।" 
শ্বাহজাদে কয়, "চৰাইৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি, মাহিলী প্ৰায় ১.৫ লাখ টকালৈ ব্যয় হয়। ২০২০ চনত আমি বিদেশী পুঁজিৰ বাবে এফ চি আৰ এ অনুমোদন লাভ কৰিছিলো। অনুদানৰ ওপৰত ভিত্তি কৰি সকলো ঠিকে চলি আছিল যদিও কিন্তু ক'ভিড-১৯ ৰ ফলত হোৱা  দুটাকৈ  লকডাউনৰ পিছত অনুদান যথেষ্ট হ্ৰাস পাইছে। যাৰ ফলত আমি বহু সমস্যাৰ সমূখীনও হৈছিলো।" 
 
আঘাতপ্ৰাপ্ত চিকাৰী পক্ষী
 
তেওঁ লগতে কয়, "যেতিয়া আমি পক্ষীৰ উদ্দাৰ আৰু চিকিৎসাৰ কাম আৰম্ভ কৰিছিলো, মাত্ৰ ২০ শতাংশ ঘটনাহে নিয়ন্ত্ৰণযোগ্য আছিল। কিন্তু আমি ৫০ শতাংশলৈ হ্ৰাস কৰিবলৈ সক্ষম হৈছো আৰু ৮০ শতাংশ পুনৰুদ্ধাৰ হাৰৰ লক্ষ্য  লৈছো। সৰু আৰু গুৰুতৰভাৱে অসুস্থ নোহোৱা  পক্ষীবোৰ সোনকালে আৰোগ্য লাভ কৰে। আঘাতপ্ৰাপ্ত চৰাইৰ চিকিৎসাৰ ক্ষেত্ৰতো সময় এক গুৰুত্বপূৰ্ণ কাৰক। যেতিয়া ষ্ট্ৰোক বা হৃদৰোগত  আক্ৰান্ত হয় তেতিয়া মানুহৰ বাবে ইয়াক সোণালী সময় বুলি কোৱা হয়। আঘাতপ্ৰাপ্ত পক্ষী এটাৰ চিকিৎসাত  যদি পলম হৈ তেন্তে ই পুনৰ কেতিয়াও উৰিব নোৱাৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বা গুৰুতৰভাৱে অসুস্থ চৰাইবোৰক ইচ্ছা মৃত্যু প্ৰদান কৰা হয়।"
আঘাতৰ পৰা আৰোগ্য হোৱা এটা পক্ষীক দুজন ভাতৃয়ে কেৱল তেতিয়াহে এৰি দিয়াৰ সিদ্ধান্ত লয়  যেতিয়া পক্ষীটোৱে সহজে ১০ ফুটলৈ উৰিব পাৰ হৈ যায়। শ্বাহজাদে কয়, "ইয়াক কোমল মুক্তি বুলি কোৱা হয়। উদ্ধাৰ হোৱা চৰাই এটা যেতিয়া উৰিব পৰা হয় তেতিয়া আমি চৰাইবোৰৰ বেষ্টনীৰ কিছু অংশ ২৪ ঘণ্টাৰ বাবে খোলা ৰাখি থওঁ। কিয়নো চৰাইবোৰে খাদ্য আৰু পানীৰ বাবে ঘূৰি আহিব পাৰে। আমি মুকলি কৰি দিয়া চৰাইবোৰ কিছুমান চৰাই গুচি যায় আৰু কিছুমান ঘূৰি আহে।" 
বিশেষকৈ ঈগলবোৰ আঘাপ্ৰাপ্ত হোৱাৰ মুখ্য কাৰণ হৈছে চিলাৰ সূতা। ৱাজিৰাবাদ বন্যপ্ৰাণী উদ্ধাৰে এতিয়া কেৱল সাধাৰণ লোকৰ পৰাই নহয় ৰাজধানী দিল্লীৰ বিভিন্ন পক্ষী চিকিৎসালয়ৰ পৰাও আঘাতপ্ৰাপ্ত চৰাই লাভ কৰিবলৈ লৈছে।তেওঁ কয়, "দিল্লীত চিলা উৰোৱাটো বছৰযোৰা কাৰ্যসূচী। স্বাধীনতা দিৱসৰ আশে পাশে ই যথেষ্ট বৃদ্ধি পাইছিল। তেতিয়া আমাৰ কেন্দ্ৰলৈ অনা আঘাতপ্ৰাপ্ত চৰাইৰ সংখ্যাও বৃদ্ধি পাইছিল।" 
 
নাদিম শ্বাহজাদ আৰু মহম্মদ চাউদৰ পুৰণি দিল্লীত থকা উদ্ধাৰ আৰু পুনৰ্সংস্থাপন কেন্দ্ৰ
 
শ্বাহজাদে অনুভৱ কৰে যে চৰাইৰ চিকিৎসাত ভাৰত বহু পিছ পৰি আছে। তেওঁ কয়, "পোহনীয়া জন্তু বা গৰুৰ দৰে ডাঙৰ জন্তুৱে পশু চিকিৎসকসকলৰ মাজত প্ৰাথমিকতা লাভ কৰে। হয়তো গৰুৰ দাম টকা আৰু অৰ্থনৈতিক মূল্য থকাৰ বাবে পোহনীয়া জন্তুবোৰৰ মালিকৰ সৈতে সম্পৰ্ক আছে।" 
 
নাদিম শ্বাহজাদ আৰু মহম্মদ চাউদে উদ্ধাৰ কৰা আঘাতপ্ৰাপ্ত ফেঁচা
 
তেওঁলোকৰ উদ্ধাৰ কেন্দ্ৰত এতিয়া প্ৰায় ১০০ টা চৰাই আছে। কিন্তু প্ৰায়ে সন্ধিয়ালৈ চৰাইৰ সংখ্যা বৃদ্ধি পায়। কিয়নো এৰি দিয়া চৰাইবোৰৰ বহুখিনিয়ে খাদ্য আৰু পানীৰ বাবে পুনৰ তেওঁলোকৰ কেন্দ্ৰলৈ উভতি আহে। যদি কোনো লোকে আঘাতপ্ৰাপ্ত চৰাই পাই তেন্তে তেওঁলোকে শ্বাহজাদ আৰু চাউদৰ www.raptorrescur.org সৈতে যোগাযোগ কৰিব পাৰিব। 
 
(আজি ৰাষ্টীয় পক্ষী দিৱস উপলক্ষে এই লেখাটি প্ৰকাশ কৰা হৈছে। বিখ্যাত পক্ষী মানৱ ছেলিম অলীৰ জন্ম দিনটো ৰাষ্ট্ৰীয় পক্ষী দিৱস হিচাপে পালন কৰা হয়।)