মানসিক শক্তিৰ বলত এভাৰেষ্টৰ বেছ কেম্পত উপস্থিত দৃষ্টিহীন বিক্ৰমজ্যোতি দাস

Story by  atv | Posted by  Munni Begum • 1 Years ago
মানসিক শক্তিৰ বলত এভাৰেষ্টৰ বেছ কেম্পত উপস্থিত দৃষ্টিহীন বিক্ৰমজ্যোতি দাস
মানসিক শক্তিৰ বলত এভাৰেষ্টৰ বেছ কেম্পত উপস্থিত দৃষ্টিহীন বিক্ৰমজ্যোতি দাস
গুৱাহাটী
 
দীৰ্ঘদিনীয়া প্ৰস্তুতি আৰু মানসিক শক্তিৰ বলত বৃহস্পতিবাৰে এভাৰেষ্টৰ বেছ কেম্পত উপস্থিত হৈছে গুৱাহাটীৰ বিক্ৰমজ্যোতি দাস নামৰ দৃষ্টিহীন যুৱকজন। 
 
গুৱাহাটীৰ জয়ানগৰৰ বাসিন্দা বিক্রমজ্যোতি দাসে যোৱা ১৩ অক্টোবৰত গুৱাহাটীৰ পৰা কাঠমাণ্ডু অভিমুখে ৰাওনা হৈছিল। কাঠমাণ্ডুৰ পৰা তেওঁ ছজনীয়া সতীৰ্থৰ সৈতে এভাৰেষ্টৰ বেছ কেম্প অভিমুখে ৰাওনা হৈ বৃহস্পতিবাৰে গন্তব্য স্থানত উপস্থিত হয়। 
ধনবাদৰ ইণ্ডিয়ান স্কুল অব মাইনছৰ প্ৰাক্তন ছাত্র খনি অভিযন্তা বিক্রমে ২০১১ চনত কৰ্মক্ষেত্ৰত সংঘটিত এক দুর্ঘটনাত দুচকুৰ দৃষ্টি হেৰুৱাইছিল। ইয়াৰ পিচত তেওঁ বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ ভাৰতীয় ষ্টেট বেংকৰ ডিজিটেল লেনদেন শাখাৰ প্ৰবন্ধক হিচাপে চাকৰি লাভ কৰিছিল।
দৃষ্টিশক্তি নাথাকিলেও স্বাভাৱিকভাৱেই লেপটপ, ম'বাইল ফোন ব্যৱহাৰ কৰা বিক্ৰমজ্যোতিয়ে এভাৰেষ্ট জয় কৰাৰ পৰিকল্পনাৰে প্ৰথমতে এভাৰেষ্টৰ বেছ কেম্প অভিমুখে যোৱাৰ পৰিকল্পনা কৰিছিল। 
 
শেহতীয়া দুটা মাহ গুৱাহাটীৰ বিভিন্ন পাহাৰ বগাই অনুশীলন কৰা বিক্ৰমজ্যোতি দাসৰ এই সফলতাত তেওঁৰ শুভাকাংক্ষী তথা পৰিয়ালৰ লোক উৎফুল্লিত হৈছে। বিক্ৰমজ্যোতি দাস দুটা সন্তানৰ পিতৃ। তেওঁৰ এই অভিযানত পত্নী মনালিছা দাসে যথেষ্ট অনুপ্ৰেৰণা যোগাইছে। এভাৰেষ্টৰ বেছ কেম্পৰ পৰা তেওঁ ওভতনি যাত্ৰা আৰম্ভ কৰা বুলি জনা গৈছে।