উমৰ ইকবালৰ পৰা ‘দ্য উমৰ’লৈ: কাশ্মীৰৰ প্ৰেৰণাদায়ক ভ্লগাৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
উমৰ ইকবালৰ পৰা ‘দ্য উমৰ’লৈ: কাশ্মীৰৰ প্ৰেৰণাদায়ক ভ্লগাৰ
উমৰ ইকবালৰ পৰা ‘দ্য উমৰ’লৈ: কাশ্মীৰৰ প্ৰেৰণাদায়ক ভ্লগাৰ
নকুল শিৱানী/ নতুন দিল্লী
 
২৩ বছৰীয়া উমৰ ইকবালৰ এটা কাহিনীয়ে সকলো ছ’চিয়েল মিডিয়াৰ কন্টেন্ট ক্ৰিয়েটৰক অনুপ্ৰাণিত কৰিব। জম্মু-কাশ্মীৰৰ সৰু চহৰ পুলৱামাৰ পৰা অহা ইকবালে ছ’চিয়েল মিডিয়াক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰি কেৱল ধন উপাৰ্জন কৰাই নহয় মানুহৰ জীৱন ৰূপান্তৰিত কৰাত সহায় কৰাৰ উপায় দেখুৱাইছে।
 
বেছিভাগৰে বাবে ইউটিউব চেনেল আৰু অন্যান্য ছ’চিয়েল মিডিয়া পেজবোৰ মূলতঃ লাইক, ভিউছ আৰু চাবস্ক্ৰাইবাৰ লাভৰ বাবেহে। কিন্তু কাশ্মীৰৰ এই গৰাকী যুৱকৰ বাবে এইটোৱেই মূল লক্ষ্য নহয়।
 
পুলৱামাৰ ট্ৰালৰ ছাইমোহ গাঁৱৰ পৰা অহা উমৰে আজি ছ’চিয়েল মিডিয়াত বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। 
বিশেষকৈ তেওঁৰ ইনষ্টাগ্ৰাম পেজত প্ৰেৰণাদায়ক কবিতা আবৃত্তি কৰি পোষ্ট কৰিবলৈ আৰম্ভ কৰাৰ পিছত মানুহৰ যথেষ্ট দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
তেওঁৰ প্ৰেৰণাদায়ক ভিডিঅ'বোৰৰ আঁৰত এক কাহিনী আছে। এজন যুৱকৰ বিষণ্ণতাত পৰা কাহিনী।
 
মাকক হেৰুৱাৰ পিছত উমৰ বিষণ্ণ হৈ পৰিছিল। পাছত তেওঁ সেই বিষন্নতাৰ পৰা ওলাই আহি  ছ’চিয়েল মিডিয়াত নিজৰ প্ৰতিভা বিকাশ কৰিছিল। তেওঁ ছ’চিয়েল মিডিয়াক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰাৰ কলা আয়ত্ত কৰিছিল আৰু হতাশাৰ পৰা নিজকে মুক্ত কৰিছিল। 
বেংগালুৰুত নাৰ্চিং ডিগ্ৰী অধ্যয়ন কৰি থকাৰ সময়তে তেওঁ ‘দ্য উমাৰ’ নামৰ এটা ইউটিউব চেনেল খুলিছিল। সেই ইউটিউব চেনেলটোৱে তেওঁক নতুনত্ব দিছিল।
তেওঁ ক'ভিডৰ সময়ত চেনেলটো ব্যৱহাৰ কৰি কাশ্মীৰী সংস্কৃতি আৰু ভাষা প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিছিল। লগতে তেওঁ ভুগি থকা হতাশাৰ পৰা সফলতাৰে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছিল।
 
তেওঁ নিজৰ চেনেলত বেংগালুৰুৰ স্থানীয় লোকসকলৰ সৈতে কাশ্মীৰৰ ভাষা আৰু সংস্কৃতিৰ বিষয়ে কথা পাতি মত বিনিময় কৰে। তেওঁলোককো কাশ্মীৰী ভাষাত কথা পাতিবলৈ প্ৰয়াস কৰাইছিল।
 
উমৰৰ মতে, "বৃহৎ সংখ্যক ইউটিউবাৰ আছে, যিয়ে লাইক, ভিউ আৰু চাবস্ক্ৰাইবাৰ আদায় কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে, কিন্তু মই সদায় অনন্য কন্টেন্ট পোষ্ট কৰিবলৈ চেষ্টা কৰিছিলো, যিটো দৰ্শকৰ বাবে মূল্যৱান।"
 
আজি উমৰৰ ইউটিউব চেনেলত ৭২ হাজাৰতকৈ অধিক চাবস্ক্ৰাইবাৰ, ফেচবুক পেজত এক লাখ পঞ্চাশ হাজাৰতকৈ অধিক লাইক আৰু ইনষ্টাগ্ৰাম পেজত দুই লাখতকৈ অধিক ফ’ল’ৱাৰছ আছে।
ইনষ্টাগ্ৰামত তেওঁৰ প্ৰেৰণাদায়ক কবিলৈ ৰূপান্তৰিত হোৱাটোৱেই উমৰ ইকবালক ‘দ্য উমাৰ’লৈ ৰূপান্তৰিত কৰিছিল। তেওঁৰ মতে এনে ভিডিঅ’ পোষ্ট কৰাৰ উদ্দেশ্য হৈছে মানুহৰ মাজত ইতিবাচকতাৰ ভাৱ জগাই তোলা।
"ইনষ্টাগ্ৰামত যেতিয়া মই এটা ভিডিঅ' পোষ্ট কৰো তেতিয়া মই সদায় আন কোনো কথাতকৈ দৰ্শকৰ ওপৰত গুৰুত্ব দিওঁ। এইটোৱেই মোক বিখ্যাত কৰি তুলিছে।"