অসমীয়া নাৰীৰ পৰম্পৰাগত কেশসজ্জা 'খোপা'

লাহতী খোপা: খোপাটি বিহুৱতীসকলে বহাগৰ বিহুত কপৌ ফুল আদিৰ দৰে বিভিন্ন বসন্তকালীন ফুলেৰে সজোৱা সুন্দৰ খোপাটিকে লাহতী খোপা বুলি জনা যায়৷

উধনীয়া খোপা: চুলি ভালদৰে আচুৰি আগৰ পৰা পিচলৈ ঘূৰাই ওপৰৰ ফালে তুলি ধিলাকৈ বান্ধা খোপাটিক উর্ধ্বমূখী বা উধনীয়া খোপা বুলি জনা যায়৷

তগৰ খোপা: তগৰ ফুলৰে সজোৱা খোপাটিকে তগৰ খোপা কোৱা হয়৷ বিশেষকৈ বিয়া বা সবাহত মহিলাসকলে এনে খোপা বান্ধে৷

কলডিলীয়া খোপা: চুলিখিনি ভালদৰে মুঠি মাৰি পকাই কলডিলৰ আকাৰত বন্ধা খোপাকে কলডিলীয়া খোপা বুলি জনা যায়৷

তেঁতেলী খোপা: দীঘলকৈ কিছু ঢিলাকৈ তেতেলী গছৰ পাতৰ দৰে আকৃতি দিয়া খোপাকে তেঁতেলী খোপা বুলি কোৱা হয়৷

ঘিলা খোপা: ই এক সৰু, ঘিলা গুটী আকাৰৰ খোপা যি সাধাৰণতে মূৰটোৰ পিছফালে গোটাই বন্ধা হয়৷

থিয় খোপা: মূৰৰ ওপৰফালে সম্পূর্ণ ঠিয় কৰি বান্ধা খোপাকে থিয় খোপা বুলি জনা যায়৷ আধুনিক ষ্টাইলত এনে খোপা বেছিকৈ দেখা যায়৷

চকা খোপা: চুলি গোলাকাৰ ৰূপত বান্ধি, ঘূৰাই সজোৱা খোপা ৷ সাধাৰণতে এনে খোপা ফুল বা অলংকাৰেৰে সজোৱা হয়৷

চেলা খোপা: এই খোপাটো সাধাৰণতে বহু চুলিৰ পাক একেলগ কৰি, পাক খাই, স্তৰ-স্তৰ কৰি বান্ধা হয়৷ এই খোপাবিধ মূৰৰ ঠিক পাছেৰ ফালে বান্ধা হয়, আৰু সাধাৰণতে অলংকাৰ বা ফুলেৰে সজোৱা হয়৷

লিগিৰী খোপা: লিগিৰী খোপা নাৰীসকলে সাধাৰণতে সাধাৰণকৈ বান্ধা শালীন খোপা যি তৰুণী লাজুক স্বভাৱ আৰু পবিত্র সৌন্দর্যক প্রতিনিধিত্ব কৰে৷

অমিতা ফুলৰ উপকাৰিতা

click here to new story