উত্তপ্ত গৰমত নিজকে কেনেদৰে সুস্থ কৰি ৰাখিব

মাছ, মাংস, ডিম, তেল, ঘিঁউ আদি খাদ্য যথাসম্ভৱ পৰিহাৰ কৰক। যথেষ্ট পৰিমাণে পৰিস্কাৰ পানী খাওক।

গৰম লাগিছে বুলি ফ্ৰীজত ঠাণ্ডা কৰা পানী, কল্ড ড্ৰিংকছ, আইচক্ৰীম নাখাব। নেমুৰ চৰবৎ, ডাবৰ পানী, কুঁহিয়াৰৰ ৰস, গ্লুকজপানী খাব পাৰে।

ঢিলা, বগা কপাহী কাপোৰ পিন্ধক। চিন্থেটিক পোছাক পৰিহাৰ কৰক। বাহিৰলৈ ওলাই গ'লে ছাতি, টুপী, ক'লা চশমা ইত্যাদি ব্যৱহাৰ কৰিব।

উচ্চ ৰক্তচাপৰ ৰোগী আৰু হৃদৰোগীসকলে পোনপটীয়া সূৰ্য্যৰ পোহৰত বেছি সময় ঘূৰাপকা নকৰিব। যথেষ্ট পৰিমাণে জিৰণি লওঁক।

নিজকে উত্তেজিত কৰিব পৰা খাদ্য, আচৰণ আৰু পৰিৱেশৰ পৰা দূৰত ৰাখক। লগতে বাৰে বাৰে গা ধুব নালাগে।

কঠোৰ শাৰিৰীক পৰিশ্ৰম পুৱা ৯/১০ বজাৰ আগতে শেষ কৰক, বিয়লি ৪ বজাৰ পৰা পুণৰ সৰ্বাধিক ডেড় দুঘণ্টাৰ বাবে কৰিব পাৰে যদি শৰীৰে অনুমতি দিয়ে।

ৰন্ধা খাদ্য বেছি সময় ৰাখি থৈ নাখাব। শৰীৰে গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰিলে অভ্যাস বশতঃ খাদ্য গ্ৰহণ নকৰিব।

চিৰা দৈ কল গুড় আদি খাদ্যৰ প্ৰতি মনোযোগ দিয়ক। শাকপাচলি, ছালাড, শুকান ফল আদি এই সময়ত উপকাৰী।

পৰম্পৰাগত খাদ্য যেনে ভেদাইলতা, নৰসিংহ মানিমুনিৰ লগত সম্পৰ্ক স্থাপন কৰক। নহৰু আৰু তেতেলি ব্যৱহাৰ কৰিব পাৰে।

মক্কাত হজযাত্ৰাৰ সময়ত ভ্ৰমণ কৰিবলগীয়া অতি গুৰুত্বপূৰ্ণ স্থান

click here to new story