সাত বিহুৰ নাম

গৰু বিহু-- ব’হাগ বিহুৰ প্ৰথম দিনটো অসমীয়া জন-জীৱনৰ কৃষিকৰ্মৰ প্ৰধান সম্বল গৰুৰ নামত উছৰ্গা কৰি 'গৰু বিহু' হিচাপে পালন কৰা হয়।

মানুহ বিহু-- পহিলা ব’হাগ বা মানুহ বিহুৰ দিনা পুৱা মাহ-হালধিৰে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে। ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও বিহুৰ উপহাৰ বিহুৱান দিয়ে।

গোসাঁই বিহু-- ৰঙালী বিহু বা ব’হাগ বিহুৰ তৃতীয় দিনা গোসাঁই বিহু। সেইদিনা গাঁৱৰ ৰাজহুৱা নামঘৰত নাম-প্ৰসঙ্গ কৰা হয়।

তাঁতৰ বিহু-- বিহুৰ চতুৰ্থ দিনা ‘তাঁতৰ বিহু’ হিচাপে পালন কৰা হয়। সেইদিনা বোৱনীসকলে তাঁতশালৰ সজুঁলিসমূহ ভালকৈ মছি-কাছি বান্ধি ওপৰত উঠাই লয় আৰু খেতি কৰিবলৈ সাজু হয়।

নাঙলৰ বিহু-- বিহুৰ পঞ্চম দিনা ‘নাঙলৰ বিহু’ হিচাপে পালন কৰা হয়। সেইদিনা খেতিয়কে নাঙলখন ঠিকে আছেনে নাই চাই-চিতি ঠিক কৰি লয় আৰু খেতি কৰিবৰ বাবে সাজু হয়।

জীয়ৰী বা চেনেহী বিহু-- বিহুৰ ষষ্ঠ দিনা বিয়া দিয়া জীয়ৰী পিতৃগৃহলৈ আহে; সেয়ে সেইদিনা 'জীয়ৰী বা চেনেহী বিহু' হিচাপে পালন কৰা হয়।

চেৰা বিহু-- বিহুৰ সপ্তম দিনা ‘চেৰা বিহু’পালন কৰা হয়। চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জুৰ লোৱা হয়।

বিশ্বৰ বিভিন্ন প্ৰন্তত কেনেদৰে উদযাপন কৰা হয় ঈদ-উজ-জোহা

click here to new story