ৰঙৰ উৎসৱে আনে সম্প্ৰীতিৰ বাৰ্তা

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
অঞ্জু শাণ্ডিল্য 
 
ভাৰতীয় সংস্কৃতিত তৃতীয়-চতুৰ্থ শতিকাৰ পৰাই মদনোৎসৱ-বসন্তোৎসৱৰূপে ৰঙৰ উৎসৱ চলি আহিছে। মূলতঃ হিন্দুসকলৰ উৎসৱ ৰঙৰ উৎসৱ ফাকুৱা যদিও প্ৰাচীন কালৰে পৰা ভাৰতত নানা জাতি, সম্প্ৰদায়ে ইয়াত অংশ লৈ আহিছে। ভাৰতীয়সকলৰ প্ৰিয় উৎসৱ ফাকুৱাই একতা, স্নেহ, প্ৰেম আৰু ভাতৃত্ববোধ জগাই তোলে আবিৰৰ নানা ৰঙে। পূৰ্বৰ বৈৰিতা পাহৰি পৰস্পৰে ৰঙ সানি শুভ কামনা জনায়।
 
এসময়ত মোগল-পাঠানসকলৰ আগমনত ফাকুৱা উৎসৱত ইছলামীয় সংস্কৃতিৰো প্ৰভাৱ পৰে। মোগল সম্ৰাটসকলে ৰাজপ্ৰাসাদত ফাকুৱা উৎসৱ পাতিছিল। ইয়াত সম্ৰাটৰ বেগম, মোগল ৰাজদৰবাৰৰ আমোলা-বিষয়াৰ পত্নী, ৰাজ নৰ্তকী, মন্ত্ৰী -পাৰিষদেও অংশ লৈছিল। এই উৎসৱক 'ঈদ-ই-গুলাবী' নামে জনা যায়। সম্ৰাট হুমায়ুনৰ দিনত এই উৎসৱ সাৰ্বজনীন উৎসৱ হৈ পৰে। 
 
পাৰস্যৰ নৌৰভা উৎসৱৰ দৰে হোলী বা ৰঙৰ উৎসৱক ভাৰতত হুমায়ুনে ৰাজকীয়ভাৱে পালন কৰিছিল। এই উৎসৱৰ বাবে ৰাজপ্ৰাসাদৰ কাষত নৈৰ মাজত মীনাবাজাৰ প্ৰতিষ্ঠা কৰে। এইখন বজাৰ সম্ৰাট আকবৰৰ দিনত অধিক আকৰ্ষণীয় হৈ পৰে। এই বজাৰলৈ সকলো জীয়ৰী -বোৱাৰী আহিব পৰাৰ সুবিধা কৰি দিয়ে। ৰাজপ্ৰাসাদত সম্ৰাট আকবৰেও হোলী খেলিছিল। সেই বাবে হোলী উৎসৱ জাকজমকভাৱে পালন কৰিছিল আৰু ইয়াক'অব-ই-পাশান' ৰূপে অভিহিত কৰা হৈছিল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
সম্ৰাট ছাহজাহানে হোলী উৎসৱৰ অনুষ্ঠানলৈ হিন্দুসকলৰ ৰজা-মন্ত্ৰীকো নিমন্ত্ৰণ কৰিছিল। পাছলৈ সম্ৰাটসকলৰ পুত্ৰ আৰু বঙ্গ, লক্ষ্নৌ আদিৰ নবাবসকলে হিন্দু প্ৰজাসকলৰ সৈতে ফাকুৱা খেলিছিল। বাহাদুৰ শ্বাহ জাফৰে কবিতাত মোগল সম্ৰাটসকলৰ ফাকুখেলৰ বৰ্ণনা দিছিল। বঙ্গৰ নবাব মিৰ্জিফৰে কেৱল ফাকুখেলাৰ বাবে চেলুচহন উদ্যানখন গঢ়ি তোলে।
 
শ্বাহ আলমে বৃন্দাবনৰ আৰ্হিত জোলনা সজাই বেগমৰ সৈতে ফাকুৱা খেলিছিল। এইসকল সম্ৰাট -নবাবৰ বাবে ৰঙৰ উৎসৱৰ জৰিয়তে ভাৰতত হিন্দু -মুছলমানৰ সম্প্ৰীতিৰ এনাজৰী কটকটীয়া হৈ পৰে। এইবোৰৰ বৰ্ণনা 'আইন-ঈ-আকবৰী', 'তুজুক-ঈ-জাহাঙগীৰ', 'কুতুব-উল-মুলুক' আদি গ্ৰন্থত পোৱা যায়। কাঙ্ৰা চিত্ৰাৱলীয়েও এই কথাৰ প্ৰমাণ দিয়ে ।  
 
অসমৰ অধিকাংশ অঞ্চলত এই উৎসৱ পালন কৰা হয়। অসমত ভিন্ন জাতি জনগোষ্ঠী বসবাস কৰে। তথাপিও এই উৎসৱ পালন কৰে। মাজুলীৰ ইছলামীধৰ্মৰ লোকে ফাকুৱাত অংশ গ্ৰহণ কৰাটো এক ইতিবাচক কথা। আহোম ৰাজত্বকালত বহুত মুছলমানলোক বিভিন্ন পদবী, বৃত্তিত মাজুলীত আছিল। মোগল নৌসেনা বাহিনীৰ অধিনায়ক ইবন হুছেইনে মাজুলীৰ ওচৰত এটা বিশাল নৌসেনা ৰখাৰ কথা বুৰঞ্জীত উল্লেখ আছে। এই সেনাবাহিনীৰ কিছু লোকে মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্য্যত মোহ গৈ মাজুলীতে থাকিবলৈ ল'লে আৰু পাছত স্থানীয় ছোৱালী বিয়া কৰায়।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ব্ৰিটিছৰ দিনতো বহু মুছলমানৰ প্ৰৱেশ ঘটে। ৰজাঘৰীয়া অনুগ্ৰহ লাভ কৰা সত্ৰসমূহলৈ আহোম ৰজাই মৰিয়া সম্প্ৰদায়ৰ মুছলমানলোকক সত্ৰতে মাটি-বৃত্তি দি স্থাপন কৰে। বিপ্লৱী ধৰ্মগুৰু শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামীৰ দিনত বহু ইছলামধৰ্মৰ লোকে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। এইসকল লোকে ফাকুৱা উৎসৱত অংশ গ্ৰহণ কৰিছিল। 
 
স্বতস্ফূৰ্তভাৱে মানুহৰ মাজত ৰঙ-আনন্দ বিয়পি পৰে। ইয়াত হিন্দু, মুছলমানৰ কথা নাই। ফাকুৱাৰ ঘোষা-পদবোৰত যি হৰি, শ্ৰীকৃষ্ণ আদি ভগৱানক বুজোৱা শব্দবোৰে একেজন ঈশ্বৰৰ কথা কয়। আনহাতে আল্লাৰ বা খোদাৰ অসমীয়া অৰ্থ হৰি। গুৰুজনাৰ ৰচনাত যৱন,তুৰুক আদি শব্দ আছে। যৱন মানে মুছলমানৰ তুৰুক মানে তুৰ্কীৰ কথা উল্লেখ্ আছে বুলি পণ্ডিত-গৱেষকসকলে কয়। ডিব্ৰুগড়ত থকা মায়ামৰা সত্ৰৰ ধেলী দৰ্জীৰ পৰিয়ালৰ লোকে ফাকুৱা উৎসৱ পালন কৰি সম্প্ৰীতিৰ বাৰ্তা দিছিল। 
 
বৰ্তমান মায়ামৰা দিন জয় সত্ৰত ৩০ঘৰৰ অধিক মুছলমানৰ শিষ্য আছে। এইসকল লোকে ফাকুৱা উৎসৱ পালন কৰে। অসমৰ অধিকাংশ অঞ্চল চাহ-বাগিচাৰে পৰিপূৰ্ণ। এই চাহ-বাগিচাতো ৰঙৰ উৎসৱ পালন কৰা হয়। ভাৰততে নহয় বিশ্বৰ ভিন্ন প্ৰান্তত ৰঙৰ উৎসৱ পালন কৰা হয়। মানম্যাৰ-বাৰ্মাত তিজান নামে, জাৰ্মানীত ৰেললেও নামে, ৰোমত ৰেডিকা নামে, আমেৰিকাত হেলয়েন নামে, ৰোমান কেথলিক দেশত কাৰ্নিভেল উইক নামে, চীনত শ্বেজে নামে, বেলজিয়াম/ফ্ৰান্স /ইংলেণ্ডত মূৰ্খৰ উৎসৱ ৰূপে পালন কৰে। গ্ৰীচত আকৌ ভাৰতৰ দৰে মদনোৎসৱ-বসন্তোৎসৱৰূপে ৰঙৰ উৎসৱ হিচাপে পালন কৰা হয়।