পেৰিছৰ পৰা মদিনালৈঃ উমৰাহ কৰিবলৈ ৮০০০ কিলোমিটাৰ খোজ কাঢ়িলে ফৰাচী তীৰ্থযাত্ৰীয়ে

Story by  atv | Posted by  [email protected] • 2 Months ago
উমৰাহ কৰিবলৈ ৮০০০ কিলোমিটাৰ খোজ কঢ়া ফৰাচী তীৰ্থযাত্ৰী মহম্মদ ব'লাবিয়াৰ
উমৰাহ কৰিবলৈ ৮০০০ কিলোমিটাৰ খোজ কঢ়া ফৰাচী তীৰ্থযাত্ৰী মহম্মদ ব'লাবিয়াৰ
 
মদিনা

ফৰাচী তীৰ্থযাত্ৰী মহম্মদ ব'লাবিয়াৰে (Mohamed Boulabiar) উমৰাহ সম্পন্ন কৰিবলৈ পেৰিছৰ পৰা মদিনালৈ খোজকাঢ়ি গৈছে। ৮ হাজাৰ কিলোমিটাৰ দূৰত্ব খোজকাঢ়ি তেওঁ অলপতে ছৌদি আৰৱৰ মদিনা চহৰত উপস্থিত হৈছে। ২০২৩ চনৰ ২৭ আগষ্টত পেৰিছৰ পৰা যাত্ৰা আৰম্ভ কৰি বৌলাবিয়াৰে চুইজাৰলেণ্ড, ইটালী, স্লোভেনিয়া, ক্ৰ’ৱেচিয়া, বছনিয়া, মণ্টেনেগ্ৰো, আলবেনিয়া, মেচিডোনিয়া, গ্ৰীচ, তুৰস্ক, জৰ্ডানকে ধৰি বিভিন্ন দেশ ভ্ৰমণ কৰি চৌদি আৰবত পদাৰ্পণ কৰিছে।
 
বৰ্তমান তেওঁ মদীনাত আছে আৰু ওমৰাহ কৰিবলৈ খোজকাঢ়ি মক্কালৈ যাবলৈ সাজু হৈছে। ফ্ৰান্সত জন্মগ্ৰহণ কৰা যুৱকজনৰ পিতৃ টিউনিছিয়ান আৰু মাতৃ মৰক্কোৰ। ব’লাবিয়াৰে প্ৰতিকূল বতৰ আৰু অজস্ৰ বিপদৰ মাজতো খোজকাঢ়ি মদিনাত উপস্থিত হোৱাৰ লক্ষ্য পূৰণ কৰিছে। 
 
মানচিত্ৰ অনুসৰণ কৰি পবিত্ৰ মদিনালৈ যাত্ৰা কৰা ব’লাবিয়াৰে থকা-খোৱা আৰু বিশ্ৰামৰ বাবে খাদ্য আৰু তম্বুকে ধৰি প্ৰায় ২৫ কিলোগ্ৰাম ওজনৰ অত্যাৱশ্যকীয় সামগ্ৰী লগত লৈ গৈছিল। যাত্ৰা পথত তেওঁ মাজে মাজে মছজিদ বা তেওঁক আশ্ৰয় দিয়া সদাশয় ব্যক্তিৰ ঘৰত নিশা কটায়।
বুধবাৰে ছৌদি প্ৰেছ এজেন্সী (এছ পি এ)ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত যুৱকজনে কয়, “মই ৰাস্তাত কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিলো, কিন্তু আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল বতৰ। গ্ৰীষ্মকালত যাত্ৰা কৰি বসন্ত কালত আহি পালোঁ। যাত্ৰাকালত মই শৰৎ আৰু শীতকালো পাৰ কৰিছো। ধুমুহা আৰু বজ্ৰপাতো সহ্য কৰিছো। গ্ৰীচৰ সীমান্তত বৰফৰ ধুমুহাই মোৰ যাত্ৰাত এসপ্তাহ পলম কৰি পেলালে।”
 
“মই প্ৰায় ৪০ ডিগ্ৰী চেলছিয়াছ উষ্ণতাত খোজ কাঢ়িছিলো, কিন্তু নেদেখাজনৰ আশীৰ্বাদত সকলো সুকলমে সম্পন্ন হৈছে। ইয়াত উপস্থিত হৈ মই অত্যন্ত আনন্দিত হৈছো।” মহম্মদ ব'লাবিয়াৰে প্ৰকাশ কৰে যে এইটো তেওঁৰ প্ৰথম উপসাগৰ ভ্ৰমণ আছিল। “মানুহে মোক ৰাস্তাত ৰখাই আদৰণি জনাইছিল আৰু খাদ্য-পানীয় আগবঢ়াইছিল। যাত্ৰা সম্পূৰ্ণ কৰি ইয়াত উপস্থিত হোৱাৰ বাবে মই সকলোৰে ওচৰত কৃতজ্ঞ। কাৰণ, শৈশৱৰ পৰাই এইটো মোৰ সপোন আছিল। খোজকাঢ়ি মক্কাত উপস্থিত হৈ আল্লাহক প্ৰণাম জনাবলৈ মই হাহাকাৰ কৰি আছিলোঁ।’”-ব'লাবিয়াৰে কয়।